পৃষ্ঠা:লাহৰী.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭৯
লাহৰী।

গুণৰ কোনো এটিলৈকে তেওঁৰ বহল হৃদয়ৰ এচুকতো ঠাই নাই। দুখীয়া, নিচলা, মগনীয়া মানুহ দেখিলে তেওঁ উগ্ৰমূৰ্ত্তি ধৰে। ঘৰলৈ কোনো মগনীয়া-খোজনীয়া আহিলে, ধনবৰে লগুৱা লগাই তাক ততালিকে পদূলিৰ বাজ কৰাই দিয়ে। তেওঁৰ প্ৰতাপত গৰু, ছাগলী, আন কি ডালৰ চৰাই-চিৰ্‌কতিয়েও কঁপি থাকে। ঘৰত থকাখিনিপৰত গৰু-ছাগলীয়ে বাৰীৰ চাৰিসীমাৰ ভিতৰলৈ ঠুঁটিয়াবৰ সাধ্য নাই। কেতিয়াবা কোনো গৰু বা ছাগলী বাৰীৰ ভিতৰত দেখা পালে, সেই গৰু-ছাগলীৰ আৰু সেই দিনা শৰাধ! ধনবৰ বৰমতাই হালোৱা এছাৰিৰ কোবত তাৰ পিঠি দমলা-দমল কৰে; আৰু তাৰ পাচত বান্ধি লৈ, চকুত বিহ জলকীয়া ভাঙ্গি দি, ঠেং এটামান খোৰা কৰি এৰি দিয়ে। ভদ্ৰতাৰ বিষয়ে ওপৰতে উনুকিয়া হৈছে; সদায় মইবৰ ভাবতে ওফন্দি থাকে। কোনো বুঢ়া বা বয়সীয়া মানুহে তেওঁৰ অত্যাচাৰ সহিব নোৱাৰি ভাল কথাৰে দুই-চাইটা উপদেশ দিব খুজিলে, ধনবৰে জাঁপ মাৰি ওপৰতে পৰিব খোজে। মাক-বাপেকৰ তো কথাকে নকওঁ; ভালেই হওক বা বেয়াই হওক, তেওঁবিলাকৰ মুখ বজাবৰ সাধ্য নাই। কিন্তু, আনবিলাকক যিমানেই যি কৰক, কীৰ্ত্তিনাথ গোহাঞিক ধনবৰে এফেৰি মান কৰে; আৰু তেওঁ কিবা কথা কলে অলপ কান পাতি শুনে। আন কি, কেতিয়াবা কিবা দুষ্টালি কৰি থাকোঁতে কীৰ্ত্তিনাথ গোহাঞিয়ে দেখা পালে, ধনবৰ বোপা সেই ফালেই ঠৰ্ হয় আৰু ততালিকে তেওঁ এনে গহীন আৰু শান্ত হৈ পৰে, যেন লৰাই সেই বিষয়ে একোকে কবই নোৱাৰে; তেনেটি নম্ৰ, ধীৰ আৰু শান্ত লৰা যেন আৰু পাবলৈকে নাই। বাস্তৱতে, ধনবৰ যেনে শকত-আৱত লৰা, দুষ্টালি কামত নেদেখিলে, মানুহে কেতিয়াও তেওঁক দুষ্ট বুলি ভাবিব নোৱাৰে। তাৰ পাচত, স্বভাৱ-চৰিত্ৰৰ বিষয়ে অলপ কবলৈ আছে। এই বিষয়ে বহলাই নকলেও, ওপৰত দিয়া চানেকি চায়ে অনুমান কৰিব পাৰি।