মোৰ ঘৰে কোন তুমি বোলয় গোৱালী
।। ৰাগঃ শ্ৰীগান্ধাৰ।। তালঃ পৰি।।
ধ্ৰুং।। মোৰ ঘৰে কোন তুমি বোলয় গোৱালী।
বলাইৰ কনিষ্ট বোলে বনমালী।।
পদ।। গোপী বোলে এথা তুমি আইলা কি কাৰণ।
ঘৰ পাসৰিয়া আইলো বোলে নাৰায়ণ।।
জানিলো আসিলা তুমি ঘৰ পাসৰিয়া।
লৱণু কলসে কেনে আচা হাত দিয়া।।
হৰি বোলে গোপী বৰ দোষ পাইলি বাছি।
পিম্পৰা গুচাইতে লাগি হাত দিয়া বাছি।
পিম্পৰা গুচাইতে লাগি হাত দিয়া আছি।।
গোপী বোলে উপকৰা কৰি আছা ভাল।
কিসক জগাইলা মোৰ নিদ্ৰাৰ ছাৱল।।
কানু বোলে বত্স মোৰ বিচাৰি নাপাইলো।
তাক পুছিবাৰে তৰে ছৱাল জগাইলো।।
গোপী বোলে শুন আৰে টেটন কানাই।
তোহাৰ মুখত কেনে লৱণু গোন্ধায়।।
কানু বোলে শুন অৰে গোপী নিদাৰুণী।
তোহাৰ মুখত গোন্ধ তইসে চুৰুণী।।
শুনিয়া গোপিনী কিছু নপইলা উত্তৰ।
মিছা মাতি গোপীক ভাণ্ডিলা দামোদৰ।।
সকল কলাৰ গুৰু প্ৰভু নাৰায়ণ।
গোপীক ভাণ্ডিলা তুমি এ কোন যতন।।
কহয় মাধৱ হৰি শৰণ তোমাৰ।
মিছা মাতিবাৰ লাগি কেন ব্যৱহাৰ।।