মোৰ গান যে নহয় শেষ
মোৰ গান যে নহয় শেষ
শেষ কৰি তাক বিদায় দিলেও
সি কথা কয়
বিশেষ, বিশেষ৷
শেষ কৰাৰ পিছতে সি
অশেষ হৈ আহে
মোৰ শেষ কৰাৰ স্পৰ্দ্ধা দেখি হাঁহে৷
হে মোৰ গান!
তয়ে মোৰ নুঢুকুৱা প্ৰাণ৷