মোৰ গাঁৱৰ ঘৰৰ আগবাৰী
মোৰ গাঁৱৰ ঘৰৰ আগবাৰী
পাণ আছিল
তামোল আছিল
তাতে ফুল ৰুলোঁ মই হেজাৰ শাৰী
মোৰ গাঁৱৰ ঘৰৰ আগবাৰী৷
পিচ চোতালত
মই জোনাকত
গান ভাবি
সুৰটি লিখোঁ
তোকে বিচাৰি
তোৰ জুমুৰিত
গুমৰি গুমৰি
ভাগৰি পৰোঁ
লিখিব নোৱাৰি৷৷