মোৰ অহংকাৰৰ সংজ্ঞা

মোৰ অহংকাৰক সুধিলোঁ মই –

 “সাহিত্যৰ সংজ্ঞা কি ?”

সি ক’লে মোক মূৰ থিয়কই

“মই যি লিখোঁ সাহিত্য সেয়েই ৷“

মোৰ অহংকাৰক সুধিলোঁ মই -

“গান বোলে কাক ?”

সি ক’লে মোক -

“ছন্দ-সুৰ-তাল-মানেৰে

মই ৰচিলোঁ যাক

গান বোলে তাক ৷”

মোৰ অহংকাৰক সুধিলোঁ মই –

“কাক বোলেনো সুকুমাৰ কলা ?”

সি ক’লে মোক হাঁহি মাৰি –

“মই যি আঁকোঁ, মই যি লিখোঁ,

মই যি গঢ়োঁ, মই যি সাজোঁ,

মই যি গাওঁ, বজাওঁ

জগত ৰজনজনাওঁ

সিয়েই হৈছে কলা সুকুমাৰ

নেজান কিয় ?”

মই যে বুজি নাপাও ৷

মোৰ অহংকাৰক সুধিলোঁ আকৌ -

“বাৰু পিছে তোমাৰ তেনে

নিজৰে সংজ্ঞা কি ?

দিয়াচোঁ মোক কৈ ৷”

সি ক’লে মোৰ চকুলে’ চাই -

‘কোন নেজান মই ?

      সংজ্ঞা মোৰ তই ৷”