মোহন বাৱত মুৰাৰি ৰে কানু
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। মোহন বাৱত মুৰাৰি ৰে কানু।
শুনি ব্ৰজৰমণীক নৰহে পৰাণু।
পদ।। মধুৰ বংশীৰ স্বৰে অমিয়া ঝুৰয়।
পাষণ দ্ৰবয় মৃত তৰু মঞ্জৰয়।।
সচেতন সব থিক অচেতন হোই।
তৰঙ্গিণীসব ৰহু অচলিত তোয়।।
সচৰ অচৰ হয় অচৰ চৰগতি।
ঐচন মোহন বেণু পুৰে যদুপতি।।
ত্ৰিভুৱন-বিমোহন গোবিন্দক বেণু।
কহয় মাধৱ গতি কানু-পদ ৰেণু।।