মুক্তি গান

মুক্তি কামী শক্তি কামী জাগা জাগা
বিজয় ডঙ্কা বিজয় গান
মুক্তি কামী শক্তিমান
আগুৱান আগুৱান ৷
মুক্ত আকাশ, মুক্ত ধৰা
শক্তি জ্যোতি জগত ভৰা
মুক্ত আজি কৌটি কণ্ঠ
গোৱা গান
কলং ভৰক উঠক বান
       জৰা-জড় অৱসান
মুক্ত আজি মাতৃ-প্ৰাণ
শক্তি ভক্তি কৰা দান
গোৱা গান ।
অথিৰ আয়ুৰ পূজাৰ ভাগ
তীব্ৰতেজৰ ৰঙা দাগ
কৰা আগ - কৰা আগ
স্বাৰ্থ ত্যাগা ত্যাগা ভাৰ
ভাঙ্গি দিয়া ৰুদ্ধ দ্বাৰ
মিছা গৰ্ব খৰ্ব কৰা
খৰ্ব কৰা অহঙ্কাৰ ।
স্বৰ্গ মৰ্ত জ্যোতিৰ ধাৰ
ৰক্ত ৰুধিৰ বোৱাই গাৰ
 ধ্বংস কৰা অন্ধকাৰ
চূৰ্ণ কৰা কাৰাগাৰ
মুক্ত আজি মুক্ত প্ৰাণ
মুক্তি কামী শক্তি কামী
কৌটি কণ্ঠ বীৰৰ প্ৰাণ
গোৱা গান ।।