উন্মুক্ত যৌৱন

কেঁচুৱাৰ কোমল প্ৰাণত
স্ৰষ্টাই যাচিলে মোক
মহাশক্তি উদাৰ অজান,
সেই বাৰতাৰে সসীমত
কোনে গাই গ'ল
-“উদ্দাম যৌৱন হেৰ মোৰ
মহাদান' –
শত শত বিজুলী চমকি
বিজয়ৰ উঠিল হেন্দোলনি
অসীমৰ সীমাজৰি ছিঙি
অসীম অনন্ত এক
বিজয়ৰ তানিলোঁ নিনাদ
যৌৱনৰ গঢ়ি চূড়ামণি
নহয় যৌৱন মোৰ
দুৰু দুৰু হিয়াৰ কঁপনি
কামিনীৰ আশা মহাধন
নহয় যৌৱন মোৰ
প্ৰেয়সীৰ কোমল বুকুত
প্ৰণয়ৰ প্ৰেম ভৰা পণ
জীৱনৰ উন্মুক্ত যৌৱন মোৰ
জগতৰ বিজয়ী সৌধৰ
সুগোপন গৰিমা মাধুৰী
নৱ প্ৰাণ নৱ অনুৰাগ
উত্তোলন মূছৰ্না প্ৰাণৰ
বিজয়ৰ সুৰভি বাতৰি
ৰূপৰ জোঁৱাৰে মোৰ
উত্তাল যৌৱন ভেদি
নোবোৱায় মিলন মাধুৰী
দিঠকে সপোনে মোৰ
মৰণটো জীৱন বিয়াৰ
যৌৱনৰ ৰঙা জীয়া তেজ
ঢালি দিম উজাৰি উধাৰ
নাৰীৰ নয়নে গঢ়া
বিপুল জলধি ভেদি
মোৰ যৌৱনৰ দিগন্ত বিয়াপি
নীলিমা প্ৰসাৰি যোৱা
সংগীত মূৰ্ছনা
তাকে ল'ই কল্পনা জানিত মোৰ
সুন্দৰৰ মহা আৰাধনা ৷
যৌৱনে বিচাৰে মোৰ গোড়া ধমনীত
স্ফীত হোৱা সিৰত বাগৰা
জীয়া তেজ, গৌৰৱ ঘোষণা
তাৰ কলধ্বনি
মিলি গ'ই দেশ-মাতৃকাৰ
গৰীমাৰ গীতিকা ৰচনা
তেজৰ পোৰণি তুলি
শত্ৰুদল কৰা মষিমূৰ
মোৰ যৌৱন অনিৰ্বাণ পণ
বিধাতাৰ শ্ৰেষ্ঠদান
মানৱৰ মহা শক্তি
তুমি হেৰা উদ্দাম যৌৱন
মিলনৰ সুৰভি নিশ্বাস ল'ই
উৰি গুচি যোৱা
বতাহী পখিলী মোৰ
মই ভাবোঁ প্ৰিয়াৰ পৰশ
সত্যহন্তা অভিশাপ ঘোৰ
প্ৰিয়াৰ হিয়াই দিয়া
স্পৰ্শত যৌৱন মোৰ
বিচাৰিছে সত্যৰ গৰিমা
সত্য শিৱ সুন্দৰৰ
মহামন্ত্ৰ বিপুল যৌৱন মোৰ
ধৰণীৰ সত্যৰ নিজৰা ।।