[  ]
 

মিৰি-জীয়ৰী

 

ৰজনীকান্ত বৰদলৈ

 

সাহিত্য-প্ৰকাশ

 

[  ]
সমৰ্পণ

প্ৰিয় বিদ্যাধৰ,

 ভাই। তােমাৰ লগত যে কলিকতাত পঢ়াকালত একেলগে চাৰিবছৰ আছিলোঁ আৰু এই চাকৰি জীৱনতো লক্ষীমপৰত দুবছৰ কটালোঁ, সেই কেইদিনৰ সুখ পাহৰিব নোৱাৰোঁ। তােমাৰ অমিয়া বচন, মোলৈ মৰম, মােৰ দুখত দুখ, মােৰ বেজাৰত বেজাৰ, ইত্যাদি গুণবিলাক এতিয়াও সদায় মােৰ মনত পৰি থাকে। তােমাৰ নিচিনা অকৃত্ৰিম মৰম মই এই সংসাৰৰ অলপ বন্ধুৰ পৰাহে পাইছোঁ। তােমাক কি দিম, কি কই বা সুখী কৰিম, মই একোকে বিচাৰি নাপালোঁ। সেই দেখি ভাই! মােৰ এই আকৰী আজলী “মিৰি- জীয়ৰীকে” তােমাৰ হাতত সমৰ্পণ কৰিলোঁ। তুমি তাইৰ কথাবিলাক অলপ যতনেৰে শুনিবা। আৰু তাইলৈ মাজে সময়ে মনত কৰি এটোপা চকুৰ লাে টুকিবা আৰু তােমাৰ সৰল চিত্তেৰে সৈতে তাইৰ আত্মাৰ সদ্‌গতিও প্ৰাৰ্থনা কৰিবা।

 মোৰ আজলী “মিৰি-জীয়ৰীয়ে” আজি-কালিৰ নব্য ধৰণেৰে বঙলা গান গাবলৈ নিশিকিলে। দুখ লাগিলে তাই আধা আধা ভঙা অসমীয়া মাতেৰেহে সামান্য সামান্য বিহু নাম গাব জানে। “নৰাছিগা” বিহু আহিলে তাই, “দাদাম্‌ বনেঙ বনেঙ দাদিঙ” ইত্যাদি নাম হে গায়। সেইদেখি আৰু ভাই! তুমি এইবিলাক [  ] গীত বিহু নামেৰে কলঙ্কিত হলেও শুনিবলৈ ভাল পোৱা বুলি জানিহে ইয়াত কেইটামান বিহু নাম দিলোঁ। কুৰুচি বুলি তুমি মােৰ দোষ নধৰিবা। গাভৰুৱে বেয়া বিহু নাম নাগায় আৰু গালেও মােৰ একো উপায় নাই। ইতি—

বৰপেটা       তোমাৰ মৰমৰ
৮৫-৯০          শ্ৰীৰজা

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )