মানুহ হৈ উপজি অহা


মানুহ হৈ উপজি অহা কোনে কোনে
        পশু হৈ ধেমালি কৰ ?
দেৱতাৰ কিৰীটি পিন্ধি কপালতে
        পিশাচৰে ৰূপ ধৰ
        আসুৰি ভাৱনা কৰ
চৰগৰ ছবিটি পৃথিৱীতে বিচাৰি
        নৰকলে’ লৰ ধৰ
আপোনাৰে চকু আপুনিয়ে কাঢ়ি
        খালে ডোঙে পৰি মৰ ৷
গিয়ানীক বুলিছ বলিয়া তই
আপুনি হাঁহিছ আপুনি কান্দিছ
        আপোনাকে তই আপুনি মাৰিছ
               বাটে বাটে ফুৰ পগলা হই ৷৷