মাছমৰীয়াৰ গাঁওখনিত
মাছমৰীয়াৰ গাঁওখনিত
কোন ছোৱালী আছ?
বাঁহৰ আগৰ জিলিকনি
ন পোহৰৰ বিৰিঙনি
গণি পঢ়ি
ন দিনীয়া তাঁতৰ পাতত
কিনো ফুল বাছ?
তাত কি লিখিছ মই নজনা ভাষা
তাত কি আঁকিছ মই নজানা আশা
মই লিখা মোৰ নতুন গানৰ
সুৰৰ চানেকি
তোৰ নতুন মনৰ
নতুন দিনৰ
বিহুৱানত দিছোঁ আঁকি-বাঁকি
সেই চানেকিৰ ফুলটো বাছি
গোসাঁই ঘৰৰ--- থাপনাতো
মোৰ গানৰে জ্বলাবি চাকি৷৷