মই হেনো বুঢ়ী
(পাৰো) উজুটিতে ওফৰাব ডেকা তিনিকুৰি৷
এইজনী কোন ? “পূৰ্ণিমাহৰ" জোন।
          মোৰ ৰূপৰ জমক্‌ চা, চমক্‌ খাই যা
          বৰকৈ নাচাবি বোপাই যাবি উটি-বুৰি৷
          কঁকাল যদিও হেকেৰা,
          গাল দুখন পকা থেকেৰা,
কত ডেকাই মোক নিবলৈ ফুৰিছিল ঘূৰি
                                      (দিছিল কুৰি কুৰি)
কেইটা ৰজাৰ বৰপুতেকে
          তলুৱা চেলেকি গল বাপেকে৷
তেওঁ জানো মই তাহাঁতলৈ
চাওঁ কেৰাহিকৈ ঘূৰি!!