মই গান নিলিখা দিনবোৰে
মই গান নিলিখা দিনবোৰে
সপোন নেদেখা---
ৰাতিৰে
লগ লাগিলে৷
আন্ধাৰ পোহৰ মিলি মিলি
বগা ক’লা ফুটুকীয়া মউৰা হৈ
জ্বলি উঠিলা
ঠেও ধৰি অভিমানৰ
নাচ নাচিলে
নাচি নাচি হালি জালি
আন্ধান পোহৰৰ চালি ধৰিলে
সপোন মাগিলে মোৰ
ঘূৰি ঘূৰি গান মাগিলে৷৷