ভূমি লুটি কান্দে গোপীনাথ
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। ভূমি লুটি কান্দে গোপীনাথ ভাণ্ডিতে মাৱৰে।
চুৰি কৰি ক্ষীৰ লৱণু খাৱে ভণ্ড নিজৰে।।
পদ।। কেবা নিয়া কাইল মোৰ এ নৱ লৱণী।
ওহি বুলি হুম্ হুমি কান্দে যদুমণি।।
ঘন ক্ষীৰ ফুটি থৈয়াছিলো তাৰে গেল খায়া।
ওহি বুলি কান্দে কানু ভাণ্ডিতে গড়াইয়া।।
এথানে আছিল বাঁহী কেবা নিল তাৰে।
এ তিনি প্ৰমাদ মোৰ ভৈল একেবাৰে।।
ওহি বুলি গেৰিপাৰি কান্দে যদুৰাই।
কহয় মাধৱ গতি বালক কানাই।।