ভুৱনেশ্বৰীৰ শিখৰত
তোমাৰ বিদায় আজি শুনিলেও দুখ লাগে
তুমিতো বুজিছা হায় আজি তুমি কোন,
মায়াৰ ধূলিৰে ঢকা আমাৰ চকুৱে বাৰু
কিদৰে বুজিব দেখা সৰগৰ জোন ।
দূৰণিৰ ৰিণি ৰিণি সুৰৰ লহৰ কঁপি
দূৰণিতে মাৰ যায় দিগন্ত বিয়পি,
অনাদি কালৰ সেই সুদূৰৰ সুৰ শুনি
মাৰ যায় ধৰণীতে মানুহ মায়াপী !
জীৱনৰ দুখ সুখ মনৰ মাধুৰীৰাশি
ধৰণীৰ মিলনৰ কোমল কামনা,
ধৰণীতে ওৰ তাৰ সুদূৰে নুবুজে একো
নুশুনে অসীমে কোনো হিয়াৰ বাসনা ।
শান্তিৰ নিজৰা ধাৰা অমৰাৱতীৰ পৰা
মৰত শীতল কৰি, প্ৰেমৰ পোহৰ
পৰদেহি ধৰণীত মানৱে বিচাৰে তাৰে
অনন্তৰ সন্ধান সউ দূৰ – সুদূৰৰ ।
প্ৰণয়ৰ শত তৰা প্ৰাণত জ্বলাই আমি
নিতৌ পুজিছোঁ ক'ত দেৱতাৰ প্ৰাণ,
ধৰণী বুৰাই আমি বেদনাৰ চকুলোৰে
অসীমক অৰপিছোঁ অসীমৰ দাম ।
সুন্দৰৰ আৰাধনা অথলে নাযায় যদি
বুজে যদি দেৱতাই বেদনা হিয়াৰ
সপোনৰ শেষহলে মধুৰী থাকিব, তুমি
তাৰেই বুকুৰে চাবা আমাক এবাৰ ।
তুমিতো আঁতৰা নাই আছা ধৰণীতে
এই পুৰণি চকুৰে মাথোঁ চিনিব নোৱাৰোঁ,
আমাৰ মৰম তুমি পাৰিবানে পাহৰিব
পাৰিলেও অন্ত তাৰ বুলিব নোৱাৰোঁ ।
জীৱনৰ ওৰে দিন সুন্দৰৰ আৰাধনা
ভুলৰ মাজত ৰচোঁ ফুলৰ সপোন
বুজিব পাৰিবা জানো, নোৱাৰোঁ বুজিব দেখি
ধৰণীৰ ধূলি কণা কিমান আপোন ।
ক্ষন্তেকৰ ভুল ভাঙি ইমান আঁতৰি গলা
গলা তুমি সুন্দৰৰো দূৰ দূৰলই
যোৱা বাৰু দূখ নাই দূৰতে ওচৰ তুমি
বিলাবা প্ৰীতিৰ মাথোঁ ভাব আমালৈ ।।