বিফলতা

দিনৌ যদিহে সখী
জীৱনৰ একোটুপি
ৰঙা তেজ নিয়তিয়ে
চুহি চুহি খায়,
 
দিনৌ যদিহে গঁঠা
সুমধুৰ সপোনৰ
কুমলীয়া মৌ কোহ
ভাগি ভাগি যায়,
কিহৰ কাৰণে তেনে
ধেমালিৰে ভৰপূৰ
জীৱনৰ পূজা-মেলা
কৰোঁ আয়োজন
 
সুখৰ সপোন সখী
দুখেৰে উঁৱলি গ'ল
জীৱনৰ আজি আৰু
 নাই প্ৰয়োজন ।।