ভয়ো ভাই সাৱধান, যাৱে নাহি ছুটে প্ৰাণ
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। ভয়ো ভাই সাৱধান, যাৱে নাহি ছুটে প্ৰাণ।
গোবিন্দৰ ফৰমান, নিকটে মিলিব জান।।
পদ।। জীৱন যৌৱন থোৰ।
সম মায়াময় চোৰ।
দুঃখ সৱ কৰু মোৰ।
হৰি পদে মন যোৰ।।
তেজু সব অভিলাষ।
দূৰ কৰু মোহ পাশ।
হৰিপদে কৰু আশ।
কহয় মাধৱ দাস।।