বৰবৰুৱাৰ ’ফটোগ্ৰাফ’

হেয় অও মেন্‌| হাঁসতা হ্যাঁয় কেউ? বৰবৰুৱা বৰ চাহাবকু দেখকে? ডেম্‌! ব্লৌডি! নন্‌চন্‌! হাম জানতা তোমলোক বাবু, বেবু, বেবুন! ঔফুল্‌ (Aweful)! ব্লৌডি! লগাই দিমনে ক্যা একথু পিলাই ফাটা কিক্‌?

ফটোগ্ৰাফ্‌ কৰাওনেকু ওকত বিল্‌কুল্‌ অসমীয়া নিগাৰ, চাহাব লোককা ড্ৰেচ্‌ পিন্ধতা| তব বৰবৰুৱাকা বেলিকা হাঁহি কিহৰকা? ড্ৰেচ চাইকে নাহি হাঁহতা তো ক্যা মেৰা পেট দেখকে? ভাগ যাও ইহাৰ পৰাসে তোমলোক লাথুৱা, নন্‌চন্‌, ইষ্টুপিট্‌, দুষ্টপিত্ত, ব্লাগাৰ্‌ নেটিপ্‌, ব্লডি, বাবু, কানীয়া, খাৰ-খোৱা, ফ্লাইট, ফ্লৌট, ফ্ৰোইট, ফ্ৰো‌ৰৰেইট! অসমীয়া, তোমালোক জানতা নাহি হম কেতনা দুখ, কেতনা লেবৰ (labour) কৰিকে পেটকু বৰা বনায়া! হামাৰা পেট হামি ভাৰ বওতা হেঁয়, তোমলোককু তো ভাৰ বওনে মাততা নাহি| লেকিন্‌ শুন, বৰালোককা বৰা পেট দেশ দস্তুৰ হেঁয়, তাতমে হাঁসি-খুসিকা বাট ক্যা? দেখ, হামাৰা পেটকু বৰা বনাওনেকু ওৱাস্তে হাম একে আলিসে দশ বত্‌সৰ নাই ঢোৰাকা কৰকে চুৰিয়া পিন্ধকে, সৰিয়হকা তেল পেটমে ঘঁহকে, খানা খানেকু ৱকত বাওঁহাতসে দস্তুৰ মাফিক উসকু মোহাৰকে মোহাৰকে দুখ কিয়া, সেইটা তো তোমলোককা মালুম নাহি হেঁয়| তোমালোক তো হামাৰা লাখুতিকা মাফিক ব্লডি আদ্‌মি তোমালোক কেনেকৈ জানেগা লুইতমে বঠাকা কোব কেতনা দূঅৰ বহতা| তোমলোক তো হামাৰা পাত-কটা দাঁড়, ফুল-পৰা হাকুটি, হোকাকা নলিচা, আঠুৱাকা খুটি, কানি পাণকা কাঠি, গৰু খেদোৱাকা এচাৰি, কাকতৰ টোপোলা লেখা খাগৰিকা কাপ! তোমলোককা ইমান মগ্‌দুৰ বৰবৰুৱা চাহাবকা পেট দেখকে দাঁতচেলাইকে হাঁহতা? ভাগ হিয়াসে ব্লডি, খাৰখোৱা, কানীয়া অসমীয়া, ফ্লাইট‍, ফ্লৌট, ফ্ৰোইট, ফ্ৰোৰৰেইট, ফ্ৰোৰ্‌‍ ৰ্‌ ৰ্‌ ৰেইট্‌! নাহি ভাগনেসে তোমলোককা গোটেই ব্লডি গা মে হাম থুৱাই দেগা ৰে নিগাৰ| লেকিন কিন্তু নাহি ভাগ তো বৰবৰুৱা চাহবকু লম্বা চেলাম দেও| চেলাম নাহি দেও তো, তোমলোককা চোলাকা পকেটমে এক পকেট কৰকে হামৰা ব্লডি কিক (kick) পকেটিফাই কৰকে লেকে কান্দিকে তোমলোককা ঘৈণীকা ওচৰ গৈকে গপ মাৰিকে কও ”আজ হামিলোক বৰবৰুৱা হুজুৰকা সৈতে ব্লডি ফাইট্‌ (fight) কৰকে বৰবৰুৱাকা পেটু উলিয়াই দিয়া|”

আৰে অসমীয়া কানীয়ালোক, আৰে শুন, হাম আন আন অসমীয়া কানীয়া ডাঙ্গৰীয়াকা মাফিক ভজা মাছ খাইকে পেট বঢ়োৱা নাহি হেঁয়; আউৰ এনেকুৱাভি তোমলোক মত ভাব, যে, মাইকীলোক যিস্‌ মাফিক কুহিলা কাণম সুমাইকে কাণ বঢ়াওতা হেঁয়, উস্‌মাফিক হাম ডোখৰে ডোখৰে কুহিলা খাইকে হামাৰা পেট বঢ়োৱা হেঁয়| হামাৰা পেটকা ওৱাস্তে হামি বহুত পয়চা খৰচ কিয়া| তোমলোককা মাফিক খাবলৈ নোপোৱা আদ্‌মিকা তিনি পুৰুষভি পেট ইমান ডাঙ্গৰ নাহি হোগা, বুজতা?

ওৱেল অসমীয়া খৰিচা খোৱা| হামাৰা পেটমে খালি হেঁচাপিঠা, চুঙ্গা-দিয়া-পিঠা, কোমল চাউল, পকা কঁঠাল, খাৰলি, কচু শাক, আউৰ ঢ্কিয়া শাক সুমাইকে ৰাখতা, ইস্‌মাফিক নাহি মালুম কৰ! হামাৰা হাতম কথু কাকতৰ টোপোলা ওলোমাতা, লেকিন এহি পেটকা ভিতৰমে তিনি বুৰি কাকতৰ টোপোলা হেঁয়; হামকু এৰ তো এৰ, মগৰ নাহি এৰনেসে ওহি তিনি বুৰি কাকতৰ টোপোলা ওলাইকে, লেকিন কিন্ত, তোমলোক বিল্‌কুল্‌ অসমীয়া আদমিকা নেগুৰ্‌মে ধৰকে তত এৰুৱাই দেগা! হামাৰা বাট নাহি পতিয়াওতা তো আও হামাৰ পেট্‌মে কাণ দিকে শুন, তিনি বুৰি কাকতৰ টোপোলা কোৰ্‌কোৰাওতা কি নাহি!

ওৱেল অসমীয়া ঘণ্টা কোনোৱা! ভাগ হিঁয়াসে, দাঁত চেলাও মত| মগৰ নাহি তো বৰবৰুৱা বৰা চাহাব তোমলোককু ধৰ্‌কে, খালৈমে কাৱৈ মাছ সুমাই থোৱাকা মাফিক, বৰা পেট্‌মে সুমাই থগা| ভাগ, ভাগ, ভাগ, ফ্লোইট, ফ্লৌট, ফ্ৰোট, ফ্ৰৌট, ফ্ৰোৰেইট, ফ্ৰোৰৰ্‌ৰ্‌ ৰেইট|