বেজাৰৰ মাজে কাৰ জ্বলে



বেজাৰৰ মাজে, কাৰ জ্বলে সোণৰ সপোন
       সিয়ে হওক দুখিতৰ প্ৰাণৰ আপোন৷

সেই সপোনে কোলাতকৈ
       আলফুলকৈ লৈ
                আনিছে বাতৰি
                          জীৱনৰ
       জনতাৰ গণতাৰ বৰ মৰমৰ৷

সেই বাতৰিয়ে মোক
       নুশুনা নভবা কথা
                কাণে কাণে ক’লে,
কোনোবা নন্দনৰ
       ঢুকিপোৱা ছবিখন
       মোৰ মন কোঠালিত থলে৷৷