বিৰিন্দা বনে খেলত মধুৰ মুৰাৰী
।। ৰাগঃ বেলোৱাৰ।। তালঃ ৰূপক।।
ধ্ৰুং।। বিৰিন্দাবনে খেলত মধুৰ মুৰাৰি।
মোহন মধুৰ হাসি মুৰৰী বজাৱত
ই তিনি ভুৱন অধিকাৰী।।
পদ।। শাৰদ-ইন্দু নিন্দি আনন শোভিত,
ৰঞ্জিত মধু মধু হাসে।
অভিনৱ জলধৰ তড়িত জড়িত যৈছে
তনু শোভিত পীত-বাসে।।
নয়ন উজৰ কৰ কঙ্কণ কেয়ুৰ
বনমালা হৃদয়ে দোলাৱে।
চৈধ্যয় ভুৱন ভুলি ৰূপ মিলাৱত
মধুৰ পঞ্চম ৰস গাৱে।।
ৰতন জড়িত মণি মঞ্জীৰ ৰঞ্জিত
পদ-পঙ্কজ পৰকাশা।
ভকত পৰম গতি তাহে মজোক মতি
মাধৱ এহু অভিলাষা।।