পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰাকৃত-ভূগোল। ভিতৰৰ ভাপ হৈ উঠি আৰু উদ্ভিজ বস্তু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২০:২৪, ২১ আগষ্ট ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাকৃত-ভূগোল। ভিতৰৰ ভাপ হৈ উঠি আৰু উদ্ভিজ বস্তুএ টানি নিয়াৰ পাছত, যি- খিনি পানী বাকি থাকে এটাই খিনি এসময়ত প্ৰধান নদীয়ে দি গৈ সাগৰত পৰে। নদী বিলাকৰ সকলোৰে একে পতি নহয়। কোনো খন নদী ভয়ঙ্কৰ তৰ্জন গৰ্জন কৰি ফেনে ফোলোকাৰে উপচি বৰ বেগেৰে সাগৰত সোৰ্মইছে। কোনো খনে ‘বা অতি মৃদু গতিৰে অনেক পাকলৈ, তাৰ কব যোগাইছে। কোনো বাৰিষা অত্যন্ত প্ৰবল বেগেৰে পাৰ ওপোচাই বৰ পানী কৰি ৰৈ যায়, কিন্তু খৰালি শুকাই প্ৰায় সম্পূৰ্ণ তলীৰ পকা বালি ওলায়। অষ্ট্ৰেলিয়া আৰু স্পেন দেশৰ নদী বিলাকেই ইয়াৰ দৃষ্টান্ত। কেনেৰ চেণ্টলৰেঞ্চ প্ৰভৃতি কোনো কোনো নদীৰ পানী গোটেই বছৰ সমানে বৈ থাকে, জল- সত্ৰৰ ঢাল অনুসাৰে নদী বিলাকৰ গতি পৃথক হয়। যি নৈৰ জলসত্ৰৰ ঢা প্ৰায় সমান অৰ্থাৎ যাৰ জল-সত্ৰ ক্ৰমে চাপৰ হৈ আহে সেই নদীৰ গতিও ধীৰ; আৰু সেই নিমিত্তে বওতে অলপ বাধা পালেই পাক লয়। যি নৈৰ জলসত্ৰ গড়ণীয়। তাৰ পানী অত্যন্ত বেগেৰে ৰৈ যায়, আৰু বৰষুণ পৰা মাত্ৰ বান স্বৰূপে বাগৰি যায়, কিন্তু খৰালি তাৰ তলী ওলায়। চেন্ট-লঞ্চেৰ নিচিনাকৈ যদি কোনো নৈ ডাঙ্গৰ হদ, বিল বা পিটনিৰ মাজে আহে তেন্তে তাৰ পানীৰ গতি গোটেই বছৰৰ নিমিত্তে সমান বা প্ৰায় সমান থাকে। কাৰণ ঢল আহি প্ৰথমে সেই জলাধাৰৰ জল-সীমা ওখ কৰে আৰু তাৰ পৰাই গোটেই বছৰ অলপ অলপকৈ পানী সমানে ওলাই থাকে। জলাধাৰৰ বাহিৰেও, জল-সত্ৰৰ বৰ বহল বিস্তাৰ, তুষাৰ আৰু নিহাৰ-বাহ, পৰিশোষণ-শীল ভূমি আদি আৰু অনেক “বান কমাওঁতা আছে। কিন্তু সকলোৰে ভিতৰত জলাধাৰেই এই বিষয়ত পকা। মিচিচিপি দীৰ জল-সত্ৰৰ নিচিনা বৰ বহল হলে, এঠাইৰ গাৰ অৱস্থায় আন ঠাইৰ বাৰিষাক কটাব পাৰে; সেই