পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা। ১৮ ( ২০ ) নাপাল৷ দেখিব’ তুমি, তোমাৰ শোকত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১১:২০, ৩১ জানুৱাৰী ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেচ দিমোনা। ১৮ ( ২০ ) নাপাল৷ দেখিব’ তুমি, তোমাৰ শোকত অমিলী সখীয়ে, ডেচি ! ত্যজিলে পৰাণ আপোনাআপুনি কাটি আপোনাৰ ডিঙ্গি সখীপ্রেম-মৰমৰ দেখাই প্ৰমাণ ॥ অমিলীৰ মুখে শুনি ৰুমালৰ -কথা, ষড়যন্ত্ৰ ইয়াগোৰ পাৰিলে বুজিব স্বামীয়ে তোমাৰ, ডেচি ! পতিব্ৰতা তুমি ; ঘোৰ সস্তাপত পাছে ধৰিলে কান্দিব ॥ নেদেখিলা তুমি, ডেচি ! ওথেলো তোমাৰ প্ৰাণৰ স্বামীয়ে, সতি! দাৰুণ হিংসাত সংহাৰিলে দুষ্টমতি ইয়াগোৰ প্ৰাণ ! ( ই দশা তোমাৰ আজি যাৰ মন্ত্ৰণাত !! ) কোনে জানে, ইয়াগোৰ আত্মা যাব ক’ত ? পাব নে স্বৰগ ? নেকি ৰ’ব নৰকত ? ( ২১ ) নেদেখিলা তুমি, ডেচি ! ওথেলো তোমাৰ নৰহত্যা অপৰাধে অপৰাধী আজি তোমাৰ শোকত হই বিয়াকুল প্রাণ