পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানী ভুল কৰিছো কিজানি-পানীৰ বাটত পাতিছো গাঁও গঢ়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৪, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পানী ভুল কৰিছো কিজানি-পানীৰ বাটত পাতিছো গাঁও গঢ়িছো চহৰ পিতায়ে কৈছিল হাতীৰ বাটত নুৰুবি ধান শিয়ালৰ বাটত নাপাতিবি গঁৰাল পানীয়ে বিচাৰি ফুৰে পানীৰ প্ৰেম সেই বাবেই পানী বৈ যায় পানীলৈ আৰু মৃত্যু বৈ যায় মৃত্যুলৈ প্ৰবচনে কয় জুইক ৰাখিব নোৱাৰি ঢাকি নদীক ৰাখিব নোৱাৰি বান্ধি বৃহৎ বান্ধবোৰৰ অপৰাধে এদিন পানীৰে পুতি পেলাব মানুহ কেৱল পানীয়ে উটুৱাই নিব তোমাৰ মোৰ শেষ নিশ্বাস কণো সেউজীয়াৰ দৰে / ৫০