পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সুখৰ প্ৰস্তাৱ সুখৰ প্ৰস্তাৱ লৈ এদিন তেওঁৰ ঘৰ পাল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০১, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুখৰ প্ৰস্তাৱ সুখৰ প্ৰস্তাৱ লৈ এদিন তেওঁৰ ঘৰ পালোগৈ হাতত মোৰ একো নাছিল মাথো এহাতত এচলু প্ৰেম আৰু বৰ্ণহীন পুৰণা কলিজাটো বুকুৰ ভিতৰৰ উষ্ম স্তৱক এটা উলিয়াই তেওঁৰ বুকুত সুমুৱাই দিলোঁ সম্ভাষণ যাচিবলৈ তেওঁৰ চাগে আছিল মাথো এটা হুমুনিয়াহ পীৰাখন পাৰি তাতেই দিলে কেঁচা তামোল ৰঙা চাহ এবাতি মাটিত ফু-মাৰি বহি খবৰ ললে চৌধ পুৰুষৰ নিদ্ৰাহীন ৰাতিৰ শোক গাঁথাৰ কথাৰে শীৰ্ণতাই চেপি ধৰা কপাল খনৰ ফাঁকেৰে তেওঁ দেখুৱালে মোক বিধ্বস্ত দিনৰ ভূগোেল অন্য এক সুখৰ প্ৰস্তাৱলৈ উভতি আহিলোঁ নিজৰ মাজতে - নিজৰ ভিতৰতে সেউজীয়াৰ দৰে / ৫৬