পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শৈশৱৰ এবুকু মিঠা শৈশৱৰ এবুকু মিঠাৰে আমৰঙা বেলি এ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০০, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৈশৱৰ এবুকু মিঠা শৈশৱৰ এবুকু মিঠাৰে আমৰঙা বেলি এটা হৈ টগ বগাই ফুৰো পথাৰে-নৈয়ে গধূলিৰ বতাহ জাকত জী উঠা বাঁহ জোপাৰ চৰ্য চৰণিটোৱে বোৱাই লৈ যায় সেই দিনলৈ সেই যে বৰলৰ টোপ দিয়া কণমানি বৰশীৰ চিপ ডালেৰে কাহানিও উঠি অহা নাছিল এটা সপোন ৰৈ ৰৈ বাজি থকা বাঁহীৰ মাতত বাবাজীয়ে নচুৱা সাপটোৰ দৰেই নাচিছিল মাতাল দূপৰীয়াটো সেই যে কানি মুনি এন্ধাৰত কল জোপোহাৰ মাজৰ পৰা বাজ হোৱা ভূতটো ভূত নাছিল, মহহো খেদা ভালুকটোৰ জালিত ধৰি পাক ঘূৰণি খাইছিল আতুৰ প্ৰাণটোৱে সোঁৱৰণি মাথা সোঁৱৰণী। এবুকু মিঠা আমৰঙা সেউজীয়াৰ দৰে / ৫৫