বাকীছোৱা জীৱন/মেক মোহন লাইনৰ ওচৰলৈ

[ ৩৩০ ]

মেক মোহন লাইনৰ ওচৰলৈ

 সময়বোৰ বৰ দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। পিছলৈ উভতি চালে এনে অনুভৱ হয় যে সৌ সিদিনা উপজিছিলোহে। যাবৰ সময় হ’লেই নে? কৰিবলৈ কিমান কাম যে বাকী থাকিল। ‘ঘৰ হতে শুধু দুই পা ফেলিয়া’ কিমান ‘শিশিৰ বিন্দু’ যে দেখা নহ'ল! এনেতে শিশিৰ বিন্দু বা নিয়ৰৰ টোপাল নহয় হিম কণিকা দৰ্শন কৰিবলৈ আমন্ত্ৰণ পালো ১৯৯৭ চনত ভনীজোঁৱাই ডাঃ চি দাসৰ পৰা। ‘বাইদেউ, তাৱাঙলৈ যাওঁ ব’লক’।

 তাৱাং! এক ভয়ংকৰ নাম তাৱাং। চীন-ভাৰত যুদ্ধৰ ভয়াৱহ স্মৃতি বিজড়িত তাৱাং। এই যুদ্ধই মোৰ জীৱনত যি ধুমুহাৰ সৃষ্টি কৰিছিল সেই বিষয়ে মোৰ স্মৃতিকথাৰ [ ৩৩১ ] প্ৰথম খণ্ড 'জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি'ত লিখিছো। তাৱাং নামটো শুনাৰ লগে লগে অশান্ত সেই দিনবোৰৰ ইতিহাস যেন মূৰ্ত হৈ উঠিল। যিবোৰ অঞ্চলৰ ঘটনাই মোৰ জীৱনৰ ভেটি কঁপাই তুলিছিল সেইবোৰ ঠাই নিজ চকুৰে চাবলৈ এটা সুযোগ আহিল। যাওঁ নে নাযাওঁ?

 অৰুণাচল প্ৰদেশৰ পশ্চিম সীমামূৰীয়া জিলা পশ্চিম কামেং আৰু তাৱাং। গুৱাহাটীৰ পৰা ভৌগোলিক দূৰত্ব বেছি নহ'লেও দুৰ্গম পাৰ্বত্য অঞ্চল হোৱা হেতুকে তালৈ যোৱা সহজ নহয়। তথাপিতো যিটো পথেৰে ১৯৫৯ চনত দালাই লামা পলাই আহিছিল, ১৯৬২ চনত চীনাসকল যিটো পথেৰে আহিছিল, যিটো পথ ভাৰতীয় জোৱানৰ তেজেৰে ৰাঙলী হৈছিল সেই পথেৰে মেক মোহন লাইনৰ ওচৰলৈ যাবলৈ মনস্থিৰ কৰিলো।

বমডিলালৈ  : ১৯৯৭ চনৰ ২৭ অক্টোবৰ। দোকমোকালিতে দুখন গাড়ীত আমাৰ সাতজনীয়া দলটো তেজপুৰৰ পৰা ৰাওনা হ’লো। ৰসিক ডেকা সুৰেন বড়ো চালিত গাড়ীত আছিলো ভনী প্ৰতিমা, ডাঃ দাসৰ অফিচ পিয়ন ৰাম আৰু মই। ৰাম তেওঁলোকৰ ঘৰত সৰুৰে পৰা ডাঙৰ হোৱা বাবে সি আমাৰ পুত্ৰসম। সিও সুৰেনৰ দৰেই ৰসিক। সিখন গাড়ীৰ চালক অবনী বনিক অৰুণাচল গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী। তেওঁ আমাৰ গাইডো আছিল। ডাঃ দাসৰ লগত থকা বিনোদ নামৰ ডেকাজন বৌদ্ধধৰ্মাৱলম্বী। অৰুণাচলতে তেওঁৰ ঘৰ।

 তেজপুৰ এৰাৰ পাছতে উত্তৰে দেখিছিলো এলানি বৰফেৰে ঢাকি থোৱা পাহাৰ। অলপ পাছতে সিহঁতে এবাৰ সোঁৱে এবাৰ বাঁৱে গৈ আমাৰ লগত লুকাভাকু খেলি আছিল। ৬০ কিলোমিটাৰ যোৱাৰ পাছত অসম-অৰুণাচল সীমাত ভালুকপুঙৰ ওখ টিলা এটাত সজা আৱৰ্ত ভৱনটোৰ চৌহদত সোমাই ধাৰণা হ’ল কোনোবা শিল্পীয়ে অঁকা ছবি এখনৰ মাজত থিয় দি আছো। এফালে ডাঠ সেউজীয়া অৰণ্য, আন ফালেদি বৈ গৈছে কামেং নৈ। পাৰৰ প্ৰশস্ত বালিচৰক সমুদ্ৰ সৈকত যেন লাগিছিল। গভীৰ অৰণ্যৰ এক নিজা শব্দৰ বাহিৰে নাছিল তাত আন কোনো কোলাহল। গুৱাহাটীত চৌবিশ ঘণ্টাই ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ মাজত থকা নাৰ্ভবোৰৰ ওপৰত যেন শান্তিৰ প্ৰলেপ পৰিল। মনত পৰিছিল গৃহস্থই লিখা কবিতা এফাঁকি—

বৰষুণ নাই, আজি জিলমিল
ৰ’দহে আছে।

[ ৩৩২ ]

মেলি দি ৰ’দত চুলি বননিয়ে
কাচোন কাচে।
শেলুৱৈয়ে ঢকা গছৰ বুকুৰ
কপৌফুল—
বুটলিবা যদি
ব’লা যাওঁ আমি, ভালুকপুং।

 আমি ভালুকপুঙলৈ যোৱাৰ অলপ দিনৰ আগতে কথাছবিৰ শ্বুটিং কৰিবলৈ ইয়ালৈ আহিছিল হিন্দী চিনেমাৰ অভিনেতা শ্বাহৰুখ খান আৰু অভিনেত্ৰী মাধুৰী দীক্ষিত। আৱৰ্ত ভৱনৰ কৰ্মচাৰীসকলৰ নিস্তৰংগ জীৱনত এওঁলোকে খলকনি তুলি গৈছে। ভালুকপুঙৰ পৰা তিনি কিলোমিটাৰ নিলগত টিপিত আছে এখন অৰ্কিড (কপৌফুল) ক্ষেত্ৰ। গৱেষণালব্ধ অৰ্কিডবোৰেও মন কাঢ়ি নিয়ে। মণিপুৰ আৰু অৰুণাচলৰ কপৌফুল জগত বিখ্যাত। টিপি আকৌ হাতীৰ বাবেও বিখ্যাত। হাতী অধ্যুষিত টিপিৰ অৰ্কিড ক্ষেত্ৰখনক হাতীৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ বিদ্যুৎবাহী তাঁৰেৰে বেৰি ৰখা হয় ৰাতি ৰাতি।

 অকোৱা পকোৱা বাটেৰে পাহাৰ বগাই গৈ থাকোতে বাটৰ দুয়োকাষে ঘন অৰণ্যত দেখিছিলো নানা ধৰণৰ গছ-গছনি। উদ্ভিদ বিজ্ঞানীৰ স্বৰ্গ। ওখ পৰ্বতসমূহৰ পৰা অজস্ৰ ধাৰাত নামি অহা স্বচ্ছ পানীৰ অসংখ্য জলপ্ৰপাত দেখিছিলো ভালুকপুঙৰ পৰা তাৱাঙলৈ। আৰু কিমান আকাৰ আৰু প্ৰকাৰৰ নানাৰঙী ফুল যে দেখিলো ওৰেটো বাটত! প্ৰাকৃতিক এই বিনন্দীয়া পৰিবেশৰ পটভূমিত বাটে বাটে চকুত পৰিছিল ভাৰতীয় সেনাৰ শিবিৰসমূহ।

 চেঁচা নামৰ ঠাইখনৰ মাজেৰে যাওঁতে গাটো অলপ গৰম কৰিবলৈ ভাগিন অমিতে কোৱা বিখ্যাত চাহ দোকানখনত এটুপি চাহ খোৱাৰ কথা ভাবিছিলো। তেওঁ কৈছিল দোকানখনৰ ওপৰত এখন চাইন বোৰ্ডত হেনো লিখা আছে— 'ইয়াৰ উৎকৃষ্ট চাহ পোৱা যায়, চেঁচা’। কিন্তু তেনে কোনো দোকান আমাৰ চকুত নপৰিল। বুজিলো কথাষাৰ গাঁজাখুৰী। আমিও যে আৰু অঁকৰা! অৰুণাচলত অসমীয়া লিপিত লিখা চাইনব’ৰ্ড ক’ত পাম? আমিও চেঁচাত গৰম চাহটোপা নাপাই হাত-মুখ চেলেকি গৈ থাকিলো।

 আমি যোৱাৰ কেইদিনমান আগতে এইটো বাটেৰে দালাই লামা গৈছিল তাৱাঙলৈ। এই উপলক্ষে বাটে বাটে সাজি থোৱা তোৰণবোৰৰ তলেদি আমিও গৈছিলো।

[ ৩৩৩ ] কামেং জিলাত বাস কৰে চেৰদুকপেন আৰু তাৱাঙত মনপাসকল। তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী, গতিকে বৌদ্ধ গুম্ফা থকাটো স্বাভাৱিক। কিন্তু ওৰে বাটটোত চকুত পৰিছিল দেৱ-দেৱীৰ মন্দিৰো। গীর্জা আৰু মছজিদো চকুত পৰিছিল। সম্ভৱতঃ মন্দিৰবোৰ হিন্দু সৈনিকসকলে সাজিছে। যি দুর্গম পার্বত্য পৰিবেশত তেওঁলোকে সদা জাগ্ৰত হৈ সীমান্ত পহৰা দিছে ঘৰ-সংসাৰ এৰি, তাত এক ঐশ্বৰিক শক্তি অবিহনে বাস কৰা টান।

 বেঁকা-বেঁকি, অকোৱা-পকোৱা ঠেক বাটটোৰ এফালে সুউচ্চ প্রাচীৰ, আনটো ফালে গভীৰ খাদ। গাড়ীৰ চালক অলপ অন্যমনস্ক হ’লে অতল গহ্বৰত নিশ্চিত পতন। আলিবাটটো কিন্তু অতি সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰি আছে চীন-ভাৰত সংঘৰ্ষৰ পাছৰে পৰা। চালকক সজাগ হৈ থাকিবলৈ বাটৰ কাষে কাষে পাহাৰৰ গাত বা ফলকত লিখি থোৱা দেখিলো— 'Married or unmarried Divorce speed, It is risky after whisky, It is fine without wine' ইত্যাদি। বাটৰ কেঁকুৰিবোৰত কাব্যিক ভাষাত লিখিত— 'Be gentle with my curve'.

 সচেতন হৈ গাড়ী চলাবলৈ প্ৰতিমাই চালক সুৰেন বড়োক তামোল-পাণৰ যোগান ধৰি আছিল। আমাক অভয় দি তেওঁ কৈছিল, ‘ভয় নাখাবিৰে মেডামবিলাক। পিছে লাখ টকা দৰমহা দিলেও ইয়াত চাকৰি নকৰিম ৰে মই।'

 সুৰেনৰ কথা শেষ হ’ল কি নহল এনেতে থিয়ৈ থিয়ৈ গাড়ী পাতাল অভিমুখে গতি কৰিবলৈ ধৰিলে। ব্রেক ফেইল কৰা বুলি শুনি ঈশ্বৰক মাতিবলৈ ধৰিলো। সিখন গাড়ীৰ চালক বনিকে পাছত কৈছিল গাড়ী কেইবাশ মিটাৰ তললৈ হঠাতে নামি যায় হেনো এইডোখৰ ঠাইত। সমীপৱৰ্তী নাগ মন্দিৰটোৰ আগত গাড়ীখনক অলপ জিৰণি দিয়া হৈছিল। দুয়ো ফালৰ পৰা অহা-যোৱা গাড়ী ইয়াত ৰখাই আৰোহীসকলে মন্দিৰ দৰ্শন কৰে। আমি অৱশ্যে সাপ-বেং-হনুমান, গছ, শিল আদিক ভগৱান বুলি নাভাবো। গতিকে মন্দিৰলৈ নগৈ প্ৰকৃতি বন্দনাতে লাগিছিলো।

 ভালুকপুং এৰাৰ চাৰি ঘণ্টামান পাছত আঠ হেজাৰ ফুট উচ্চতাত পালোগৈ বমডিলা। অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ অতিথি হিচাপে ডাঃ দাস কামেং আৰু তাৱাং ভ্ৰমণলৈ আহিছিল, গতিকে তেওঁৰ লগতে আমিও ভি আই পি সন্মান লাভ কৰিছিলো। থাকিলো আৱৰ্ত ভৱনত।

 বুখাৰিত জ্বলোৱা জুইৰ উত্তাপত গৰম হোৱা কোঠা এটাত বহিও মই কঁপিবলৈ ধৰিছিলো। বুখাৰি হ’ল এটা আহল বহল টিনৰ চুঙা। তাৰ ভিতৰত খৰি জ্বলাই এই [ ৩৩৪ ] অঞ্চলৰ মানুহে জাৰকালি উম লয়। ধোঁৱাখিনি বাহিৰলৈ ওলাই যাবলৈ এটা দীঘলীয়া চিমনী চুঙাটোত লগোৱা থাকে।

 চীন-ভাৰত যুদ্ধত সঘনাই শুনা বমদিলা নামটোৱে মোৰ স্মৃতিত আকৌ এটা জোকাৰণি তুলিলে। মই উভতি গৈছিলো সেই দুৰ্যোগপূৰ্ণ দিনবোৰলৈ। গৃহস্থ কাৰাগাৰত, প্ৰথম সন্তানৰ আগমন উপলক্ষে এডোখৰ নিৰাপদ ঠাই বিচাৰি ঠায়ে ঠায়ে হাবাথুৰি খাই ঘূৰি ফুৰিছো মই। চীনৰ ভয়ত পেপুৱা লাগিছে অসমবাসী। চৰকাৰে ঢোলপিটি জনাই দিছে যে এই পৰিস্থিতিৰ বাবে কমিউনিষ্ট আদৰ্শত বিশ্বাসী আৰু অসমত বাস কৰা চীনাসকল দায়ী। গতিকে এই দুয়োটা দলকে জধে-মধে ধৰি কাৰাগাৰত নিক্ষেপ কৰিলে। ড° ৰীতা চৌধুৰীৰ ‘মাকাম’ নামৰ উপন্যাসখন এইসকল চীনাক কেন্দ্ৰ কৰি লিখা। ৰাইজেও পাৰিলে সেই সময়ত ‘দেশদ্ৰোহী’ কমিউনিষ্ট আৰু চীনাসকলক ফাঁচী দিয়ে। বন্দুকতকৈ কলমৰ জোৰ বেছি বুলি ভবা কবি-গায়ক-লেখকসকলে দিস্তাৰ পাছত দিস্তা কাগজ খৰচ কৰি দেশপ্ৰেমৰ চূড়ান্ত নিদৰ্শন দেখুৱাইছিল, দুখীয়া-নিচলায়ো দেশপ্ৰেমত গদ্গদ হৈ কাণৰ কেৰুযোৰ, হাতৰ খাৰুপাত চৰকাৰৰ দালালৰ হাতত তুলি দিছিল। সেই সোণ, সেই টকা কাৰ ভোগত যে লাগিল! বোধহয় প্ৰচণ্ড ঠাণ্ডাৰ সৈতে পুৰণি স্মৃতি লগ লাগি মোৰ শৰীৰত ছুনামীৰ সৃষ্টি কৰিছিল।

 এনেতে ৰামে আহি ক’লে, ‘জেঠী, ইমান কঁপিছে কিয়? আপোনালোকৰ এই কোঠাতে আছিল মাধুৰী দীক্ষিত, ছাৰ থকাটোত শাহৰুখ খান। তেওঁলোকৰ দৰ্শন পাবলৈ সৰু এই চহৰখনত ছাৰ্কিট হাউছৰ সন্মুখত পোন্ধৰ হেজাৰ মানুহৰ ভিৰ হৈছিল।....’ ইত্যাদি।

 সদ্যহতে আহি যোৱা দালাই লামা আৰু চিত্ৰতাৰকাহঁতৰ বাতৰিয়ে মোক বহু বছৰ আগতে হোৱা চীন যুদ্ধৰ কথা পাহৰাব নোৱাৰিলে। বিৰোধৰ প্ৰকৃত কাৰণ, পৰাজয়ৰ বাবে দায়ী কোন ইত্যাদি এটা এটাকৈ মনত পৰিল। এনেতে আৱৰ্ত ভৱনৰ কৰ্মী সত্যনাৰায়ণ ধাৰাই ভাত খাবলৈ মাতি মোৰ চিন্তাত আউল লগালে। সুদূৰ কলকাতাৰ পৰা আহি বমদিলা পাহাৰত কাম কৰি আছে এওঁ।

 উৎকৃষ্ট সোৱাদৰ আঞ্জা খাই ৰান্ধনিজনক মাতি পঠালো। একেবাৰে মিলিটাৰী কায়দাত মাৰ্চ কৰি আহিল ৰান্ধনি বাবুলি ডেকা। ঠিকেই ধৰিছো তেওঁ সৈনিকে আছিল। হাবিলদাৰৰ লগত মনোমালিন্য হোৱাত কামত ইস্তাফা দিছে। বাবুলি আছিল সীমান্ত প্ৰহৰী। ঠেক নৈ এখনৰ ইপাৰে থকা ভাৰতীয় সৈনিকসকলৰ সিপাৰৰ চীনা [ ৩৩৫ ] সৈনিকসকলৰ সৈতে সম্পৰ্ক হেনো মধুৰ। কোনেও কাৰো ভাষা নুবুজিলেও অংগী-ভংগী কৰি তেওঁলোকে কথা পাতে, চিগাৰেট দলিয়ায় ইদলে সিদললৈ। স্থানীয় মানুহৰ লগত অন্তৰংগতা গঢ়ি নুতুলিবলৈ তিনি মাহৰ মূৰে মূৰে এওঁলোকক বদলি কৰা হয়।

 বমডিলা চহৰখনক এখন ফুলনি বুলি ক'লে বেছি কোৱা নহয়। উৎকৃষ্টজাতৰ আপেলো তাত সস্তাতে পাইছিলে, দিৰাঙৰ ডালিমো বৰ সোৱাদ লগা। সস্তাও।

 বমডিলা চহৰখন আমাক দেখুৱালে অভিযন্তা এ এন ৰয়ে। এমাহ আগতে দালাই লামাই উন্মোচন কৰা নতুন গুম্ফাটো দেখিলো। এৰাতিৰ বাবে দালাই লামা শোৱা বিছনাখনৰ মূল্য তেতিয়া আছিল পঁয়ষষ্ঠি হেজাৰ টকা। দৰ্শকসকলে বিছনাখনৰ ওপৰত জাপ জাপ টকা দক্ষিণা দি থোৱা দেখিলো। ৰাজসিক বিছনাখনলৈ চাই ৰামে ক’লে, ‘জেঠী, ভলাই ৰামাৰ বিছনাখনত এবাৰ শুব পাৰিলে বৰ ভাল আছিল।’ সিদিনাৰে পৰা ৰামক আমি ভলাই ৰামা বুলি মাতিছিলো।

 আঠ হেজাৰ ফুট উচ্চতাত গাটো অলপ বেয়া লগা বাবে চিভিল হাস্পতাললৈ গৈ লগ পালো ডাঃ বি চি শৰ্মাক। তেওঁ নলবাৰীৰ মানুহ। সিদিনাই প্ৰথম চিনাকি হ’লেও ৰাতি তেওঁলোকৰ ঘৰত আমাক খাবলৈ মাতিছিল। ডাঃ শৰ্মা আৰু তেওঁৰ পত্নী পূৰ্ণিমা শৰ্মা কিতাপৰ পোক। অসংখ্য ইংৰাজী, অসমীয়া আৰু বাংলা কিতাপ দেখিলো কাঁচৰ আলমাৰীত। পূৰ্ণিমা ৰন্ধন পটিয়সীও। তেওঁ ৰন্ধা মোমোৰ সোৱাদ জিভাত লাগি আছে যেন লাগিছে। তেওঁলোকৰ উষ্ণ সম্ভাষণ আৰু মধুৰ ব্যৱহাৰে মনত এক মছিব নোৱাৰা ছাব পেলাই থৈ গ'ল।

দিৰাং-চেলালৈ : বমডিলাৰ পৰা ৪৫ কিলোমিটাৰ নামনিত দিৰাং উপত্যকাত দিৰাং চহৰ। ডাক বঙলাৰ সন্মুখেদি ধীৰ গতিত বৈ গৈছে দিৰাং নৈ। ভালুকপুঙৰ পৰা তাৱাঙলৈ প্ৰায় তিনিশ কিলোমিটাৰ পাৰ্বত্য পথত এখনৰ পাছত এখনকৈ কামেং, দিৰাং আৰু তাৱাং নৈয়ে আমাৰ সংগ এৰা নাছিল। বাটৰ আনটো ফালে থকা শাৰী শাৰী পৰ্বতমালা কোনো কোনো ঠাইত চাপৰ কিছুমান আকাশখন চুই থকা, কিছুমান গছ-গছনিৰে আবৃত, কিছুমান খহটা প্ৰাচীৰৰ দৰে থিয়। অকাই পকাই যোৱা বাটটোৰে যাওঁতে পাহাৰবোৰ কেতিয়াবা সোঁফালে দেখো, কেতিয়াবা বাওঁফালে। কেউপিনে যেন পাহাৰৰ মেলা বহিছে। যিমানে ওপৰলৈ গৈছিলো সিমানে বাঢ়ি গৈ আছিল নৈবোৰৰ চপলতা। পানীৰ খুন্দা খাই খাই নিমজ হোৱা শিলৰ ওপৰেদি বাগৰি যোৱা [ ৩৩৬ ]

তাৱাঙত লেখিকা আৰু অন্যান্যসকল

[ ৩৩৭ ] দুৰন্ত গতিৰ নৈবোৰৰ তুলনাত দিৰাং কিছু শান্ত। এইখন নৈৰ মাছ মানুহে নাখায়। স্থানীয় মানুহৰ মৃত্যু হ’লে নিজা পুৰোহিতৰ হতুৱাই গণনা কৰি কি পদ্ধতিত সৎকাৰ কৰা হ’ব স্থিৰ কৰা হয়। এটা পদ্ধতিমতে মৃতদেহটো খণ্ড খণ্ড কৰি নৈত উটুৱাই দিয়ে। মাছ নোখোৱাৰ কাৰণ ইয়েই।

 দিৰাং চহৰ এৰাৰ পাছত ন্যুকমাদাং নামৰ ঠাইখনত ১৯৬২ ৰ ১৮ নৱেম্বৰত চীন যুদ্ধত নিহত সৈনিকসকলৰ সমাধিক্ষেত্ৰত সোমাইছিলো। তাত থিয় হৈ আকৌ মনত পৰিল ৰক্তাক্ত সেই দিনবোৰৰ কথা। মনত পৰিল ভূপেন হাজৰিকাৰ সেই গীতটো—

আজি কামেং সীমান্তত দেখিলো
দেখি শত্ৰুৰ পশুত্ব চিনিলো।
মৃত মৌন শত জোৱানলৈ
মোৰ অশ্ৰু অঞ্জলি যাচিলো।...

 সমাধিক্ষেত্ৰৰ দুৱাৰ মুখত ফলক এখনত লিখি থোৱা কবিতা এফাঁকি পঢ়ি চকু দুটা সেমেকি উঠিল—

When you go home
Tell them of us and say
For your tomorrow
We gave our today...

 মনে মনে ক’লো— আমাক যুদ্ধ নালাগে, লাগে শান্তি। পিছে মানুহ জাতিটোৱে দেখোন যুদ্ধ বিচাৰে, বিচাৰে বোমা বিস্ফোৰণ। বিচাৰে ধ্বংস।

 ...ক্ৰমে ওপৰলৈ উঠি আছো। এৰি অহা বাটটো ফিতাৰ দৰে পৰি থকা দেখিলো বহু তলত। দূৰৈৰ পৰা আকাশ চুই থকা যিবোৰ পৰ্বত দেখিছিলো সেইবোৰ এটা সময়ত হাতেৰে ঢুকি পালো যেন লাগিল। ভয় আৰু আনন্দই মনগহনত লুকাভাকু খেলিবলৈ ধৰিলে। প্ৰকৃতি এনে ভয়ংকৰভাৱে উপভোগ্য হ’ব পাৰেনে?

 ‘সুৰেন, তোমাৰ পত্নী আৰু শিশু পুত্ৰ নয়নলৈ ভাবি সাৱধানে গাড়ী চলোৱা।’ আমাৰ সতৰ্কবাণী।

 ‘আজি কালি মাইকীটোলৈ বেছি মনত নপৰে অ’। পোৱালিটোৰ মুখখনহে মনত পৰি থাকে।’— সুৰেনে টপৰাই কয়।

 ‘অথচ ই যোৱা বছৰ মাইকীটোৰ মন পাবলৈ বটলে বটলে পাৰফিউম চাৰ্টত ঢালিছিল।’— ৰামে হাঁহি হাঁহি কয়।

[ ৩৩৮ ]  ‘পুৰণি ৰোমান্সৰ কথা ভাবি ষ্টিয়াৰিং নেৰিবা।’— আমাৰ দুয়ো বাই-ভনীৰ সতৰ্কবাৰ্তা।

 সমুদ্ৰ পিঠিৰ পৰা চৈধ্য হেজাৰ ফুট উচ্চতাত ছেলা গিৰিপথত নামিলো। ১৯৬২ চনৰ নৱেম্বৰ মাহটো আহি চকুৰ আগত উপস্থিত হ'ল। ৰেডিঅ'ত ঘোষণা— চীনাসকল ছে-লা পাৰ হৈ দিৰাং পালেহি... বমদিলাত চীনা সৈন্যৰ প্ৰৱেশ। ছেলা গিৰিপথৰ বাটৰ দুয়োকাষে টান শিলেৰে গঠিত সুঠাম পৰ্বতবোৰলৈ চাই ভাবিছিলো— ভয়ংকৰভাৱে সুগঠিত দেখনিয়াৰ পৰ্বতশাৰীক মেদহীন, পেশীবহুল, বাহুবলী প্ৰাচীন গ্ৰীক আৰু ৰোমান যোদ্ধাসকলৰে ৰিজাবলৈ মন নাযায় নে? আমেৰিকাৰ গ্ৰেণ্ড কেনিয়ানত দেখিছিলো এনে ভয়ংকৰভাৱে সুন্দৰ পৰ্বতমালা।

 প্ৰতিমাই অবাক দৃষ্টিৰে পৰ্বতবোৰলৈ চাই কৈছিল, 'বিশাল এই পৰ্বতবোৰক বোকোচাত লৈ পৃথিৱীখন যে কেনেকৈ ঘূৰি আছে!'

 জীৱনত প্ৰথম বৰফ দেখি বিনোদ, সুৰেন আৰু ৰামে সৰু ল'ৰাৰ দৰে জঁপিয়াই জঁপিয়াই নাচিবলৈ ধৰিলে। আঁজলি ভৰাই বৰফ তুলি ইফালৰ পৰা সিফাললৈ সিহঁতক দৌৰা দৌৰি কৰা দেখি মোৰ নিজৰ প্ৰথম বৰফপাত দেখা দিনটোলৈ মনত পৰিছিল। বৰফৰ পাতল চকলাবোৰ নিঃশব্দে আকাশৰ পৰা সৰি পৰে। দেখিলে ধূনা কপাহ যেন লাগে।

 ছে-লাৰ দক্ষিণে দিৰাং উপত্যকাত ছেৰদুক্পেন আৰু উত্তৰে তাৱাং উপত্যকাত মনপাসকলৰ বাস। এই অঞ্চলটোত তিব্বতৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। ছে-লাৰ পাহাৰৰ বুকুত আলফুলকৈ বহি থকা পেৰাডাইছ সৰোবৰে অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধি কৰিছে।

 ছে-লা পাৰ হৈ চীন যুদ্ধত মৃত সৈনিক, লেন্সনায়ক যশোৱন্তৰ স্মৃতি বিজড়িত যশোৱন্ত গড় নামৰ দ্ৰষ্টব্য ঠাইখন পালো। সেনাপতিৰ আদেশ পাই ভাৰতীয় সৈন্যদল যেতিয়া যুদ্ধক্ষেত্ৰ ত্যাগ কৰি পিছ-হোঁহকি গৈছিল, তেতিয়া সেনাপতিৰ আদেশ অমান্য কৰি দুজনী স্থানীয় বাই-ভনীৰ সহায় লৈ যশোৱন্তই অকলশৰে মাতৃভূমিক ৰক্ষা কৰিবলৈ পৰাক্ৰমী চীন সৈন্যৰ লগত যুদ্ধ চলাই যায়। বাসত্তৰ ঘণ্টা তেওঁ চীনা সৈন্যক আগবাঢ়িবলৈ দিয়া নাছিল। অৱশেষত ধৰা পৰাত তেওঁৰ ফাঁচী হয়। বাই-ভনী দুজনীয়ে আত্মহত্যা কৰে। ছোৱালীৰ পাকত পৰি যশোৱন্তই যুদ্ধক্ষেত্ৰ ত্যাগ কৰা নাছিল বুলি ভবা বাবে যশোৱন্তৰ কোৰ্ট মাৰ্শ্বাল অৰ্ডাৰ হয়। পাছত যশোৱন্তৰ দেশপ্ৰেম আৰু ফাঁচীৰ কথা চীনে ভাৰতক জনোৱাত তেওঁক বীৰৰ সন্মান যঁচা হয় [ ৩৩৯ ] আৰু ঠাইডোখৰৰ নাম দিয়ে যশোৱন্ত গড়।

 বাটৰ পৰা অলপ ওখ ঠাইত সৰু ঘৰ এটাৰ এটা কোঠাত সংৰক্ষণ কৰিছে যশোৱন্তই ব্যৱহাৰ কৰা বাকচ, বিছনা, জোতা আৰু হাৱাই চেণ্ডেলযোৰ। আনটোত ধূপ-ধুনা জ্বলাই বীৰজনৰ ফটো পূজা কৰা হয়। যুদ্ধত ব্যৱহাৰ কৰা বাংকাৰ দুটাই পুৰণি দিনৰ স্মৃতি বহন কৰিছে। ঠাইখন পহৰা দিবলৈ সৈন্য বিভাগে পহৰাদাৰ নিযুক্ত কৰিছে। আমাৰ দলৰ আটাইকেইজনে যেতিয়া পাহাৰৰ কিছু উচ্চতাত যশোৱন্তক ফাঁচী দিয়া ঠাইডোখৰ দৰ্শন কৰিবলৈ গৈছিল তেতিয়া প্ৰতিমা আৰু মই তলতে ইটো-সিটো চাই ফুৰিছিলো। এনেতে আকৰ্ণ বিস্তৃত গোঁফধাৰী সৈনিক এজনে আমাক দুয়োকে তেওঁলোকৰ ছাউনীত বহুৱাই। কাঢ়া চাহ খুৱাই সতেজ কৰিলে। শুনিলো যশোৱন্তৰ ফাঁচী হ’লেও ভাৰত চৰকাৰৰ চকুত তেওঁ জীৱিত। অশৰীৰি যশোৱন্ত তেতিয়াও চাকৰিত আছিল। আমি যোৱাৰ সময়ত প্ৰমোচন পাই পাই তেওঁ কেপ্টেইন হৈছিলগৈ। তেওঁৰ দৰমহা বাঢ়ে, বছৰেকীয়া ছুটী পায়। গোঁফৱালাই কৈছিল যশোৱন্ত হেনো সেই সময়ত তেহৰী গাঢ়োৱালৰ ঘৰলৈ ছুটীত গৈছিল। বোধকৰো ইমান দিনে যশোৱন্ত অৱসৰো গ্ৰহণ কৰিছে। সৈন্য বিভাগৰ সকলো ৰেংকৰ পদাধিকাৰীয়ে গাড়ী ৰখাই বীৰ যশোৱন্তক শ্ৰদ্ধাঞ্জলি যাচি যায়।

 দিনটো পাহাৰ বগাই বগাই ভাগৰি পৰিছিলো। এনেতে ফেনে-ফোটোকাৰে বিৰাট বিৰাট শিলত খুন্দা খাই ধাৱমান কল্লোলিনী তাৱাঙৰ মন বলিয়া কৰা ৰূপে নিমিষতে দেহ-মনৰ ক্লান্তি উৰুৱাই নিলে। ছে-লাৰ পাছত সঘনে ইংৰাজী ‘U’ বৰ্ণটোৰ আকাৰত পাক খাই খাই নামি অহা আলিবাটটো চাবলগীয়া, ঠিক যেন ওপৰলৈ উঠিবলৈ এশাৰী দীঘলীয়া চিৰি।

 লাহে লাহে আমি জনবসতিপূৰ্ণ এলেকাত সোমালো, খেতিয়কে আলিবাটত মৰণা মাৰি আছিল। আঁতৰৰ পৰা দেখা ৰঙা ৰঙৰ চালৰ ঘৰবোৰ ওচৰ পাই দেখিলো ৰং নহয়, পকা জলকীয়া শুকুৱাইছে চালত। একেদৰে শুকুৱাইছে মুঠিয়ে মুঠিয়ে হালধীয়া মাকৈ, কোমোৰা, ৰঙা লাও আৰু নানাধৰণৰ পাচলি। চালি ঘৰত দ’ম কৰি থৈছে খৰি। জাৰকালি বৰফৰ চাদৰে ঢাকি ৰাখে কামেং তাৱাং অঞ্চল। তাৰে সৈতে সংগ্ৰাম কৰি চলিবলৈ শীতৰ আগমনৰ আগে আগে চলে প্ৰস্তুতি। মাজে মাজে চকুত পৰিছিল চমৰী গৰুৰ দল।

 আহি পালো যুদ্ধৰ সময়ত সঘনাই শুনা জং নামৰ ঠাইখনলৈ। বুকুখন যেন কঁপি উঠিল, যেন চীনা সৈন্যবোৰ ওচৰতে ক'ৰবাত খাপপিটি বহি আছে! ডেৰ ঘণ্টামান [ ৩৪০ ] পাছত তাৱাঙৰ আৱৰ্ত ভৱনত সোমাওতে গে'টৰ ওপৰত লিখি থোৱা দেখিলো— তাশ্বী দেলেক অৰ্থাৎ স্বাগতম। ভিতৰফালে লিখিছে ‘থুবজে চ্যে’ ‘ধন্যবাদ’। এয়া মনপা ভাষা।

 কামেঙত সোমোৱাৰে পৰা চীন যুদ্ধৰ অভিজ্ঞতা থকা মানুহ এজনৰ সন্ধানত আছিলো। অৱশেষত চৰকাৰী বিষয়া এজনক পালো। দেখাত তেওঁ হুবহু চীনাৰ দৰে। পিছে তেওঁ মনপাহে। ১৯৬২ ত তেওঁৰ বয়স আছিল দহ বছৰ। বাট-পথৰ প্ৰয়োজন নোহোৱা চীনা সৈন্যবোৰ যেতিয়া কাকতি ফৰিঙৰ দৰে হঠাতে উদয় হৈছিল তেতিয়া ভয়তে ৰাইজৰ হেনো পেপুৱা লগা অৱস্থা। পিছে দোভাষীৰ মাধ্যমেৰে চীনাসকলে কৈছিল স্থানীয় ৰাইজ আৰু তেওঁলোক একে গোষ্ঠীভুক্ত, চেহেৰা-পাতিও একে। গতিকে ভয় খাব নালাগে, তেওঁলোকৰ কোনো ক্ষতি নকৰে। তেওঁলোক আহিছে ভাৰতীয় শত্ৰুক এশিকনি দিবলৈ।

 পিছদিনা তাৱাঙৰ উত্তৰে তেৰ হেজাৰ ফুট ওপৰত পিটিছোলৈ যাওঁতে বাটৰ দুয়োকাষে দেখিছিলো ৰড’ডেনড্ৰন ফুলৰ বননি। তেতিয়া অৱশ্যে ফুল ফুলাৰ বতৰ নাছিল। যিমানে উত্তৰলৈ গৈ আছিলো সিমানেই পৰিবেশ হৈ আহিছিল ৰুক্ষৰ পৰা ৰুক্ষতৰ। বাঢ়ি আহিছিল সৈন্যবাহিনীৰ ছাউনীৰ সংখ্যা। যুদ্ধত ব্যৱহৃত পৰিত্যক্ত বাংকাৰৰ সংখ্যা দেখিও ভৰি দুখন লৰচৰ কৰিব পৰা নাছিলো। উদ্দেশ্য আছিল মেক মোহন লাইনৰ ওচৰলৈ যোৱা, পিছে তালৈ যাবলৈ অনুমতি লাগে, লেঠাও বহু।

 এইবোৰ অঞ্চলক লৈয়েতো খোৱা-কামোৰা লাগিছিল দুখন দেশৰ মাজত। চীনৰমতে সাম্ৰাজ্যবাদী ব্ৰিটিছে নিজ ইচ্ছামতে এইবোৰ ঠাই ভাৰতভুক্ত কৰিছিল। হঠাতে চকুত পৰিল এখন চাইনবোৰ্ড— নাথু-লালৈ৷ ‘লা’ৰ অৰ্থ গিৰিপথ। এই গিৰিপথৰ মাজেদিয়েতো পঙ্গপালৰ দৰে আহিছিল চীনা বাহিনী।

 আজি আৰু কামেং-তাৱাং অঞ্চলত চীন যুদ্ধৰ কথা কাৰো মনত নাই। মনত জীৱন্ত হৈ আছে মাধুৰী দীক্ষিত আৰু শ্বাহৰুখ খান। জলপ্ৰপাতৰ সুউচ্চ উৎসত শ্বাহৰুখে কৰা অভিনয়ৰ কথা, তাৰ পৰা জাঁপ মৰা দৃশ্যৰ ৰুদ্ধশ্বাস শ্বুটিঙৰ কথা। নায়কৰ সলনি, ওপৰৰ পৰা পুতলা এটা পেলাই দিয়াত হেনো দৰ্শকসকলৰ ধৰলৈ প্ৰাণ উভতি আহিছিল৷ মাধুৰী দীক্ষিতক সকলোৱে কুঁজা বুলি কোৱাৰ কাৰণ বুজিলো তেওঁ শ্বুটিং কৰা ঠাই ডোখৰ দেখি। ঘটনা শুনি ময়েই কুঁজা হৈ গৈছিলো। নৱেম্বৰৰ হিমালয়ৰ দহ-বাৰ ফুট উচ্চতাত হিমশীতল জলধাৰাত নাচি-বাগি গা ধুলে কোন [ ৩৪১ ] মানৱ বা মানৱী পোন হৈ থাকিব বাৰু? স্নানৰতা সিক্ত বসনা নায়িকাক দৰ্শকৰ সন্মুখলৈ অনাৰ পাছতো ‘কয়লা’ নামৰ ছবিখনে ফ্লপ কৰিলে যদিও অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ভূ-ভাৰতত জনাজাত হৈ পৰিল।

তাৱাং গুম্ফা : অঞ্চলটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দ্ৰষ্টব্য ঠাই হ’ল ৩৫০ বছৰ আগতে নিৰ্মিত তাৱাং গুম্ফা অৰ্থাৎ মঠ। ই কেৱল দেৱস্থানেই নহয়, বহু আঁতৰৰ পৰা শত্ৰুক নিৰীক্ষণ কৰিবলৈ আৰু সিহঁতৰ আক্ৰমণৰ পৰা তাৱাং উপত্যকাক ৰক্ষা কৰিবলৈ সজা এটা দুৰ্গও। দহ হেজাৰ ফুট উচ্চতাত প্ৰতিষ্ঠিত গুম্ফাটোৰ অৱস্থিতি ৰণকৌশলৰ ফালৰ পৰা অতি শক্তিশালী।

 দুৰ্গম হ’লেও এই অঞ্চলৰ সৈতে তিব্বতৰ ঘনিষ্ঠ যোগাযোগ প্ৰাচীন কালৰে পৰা আছিল। তিব্বতত বৌদ্ধধৰ্ম বিকাশৰ সময়ত সৃষ্টি হোৱা চাৰিটা ধৰ্মীয় সম্প্ৰদায়ৰ ভিতৰত গেলুগ্পা দলৰ অনুগামী তাৱাং কামেঙৰ মনপা আৰু চেৰদুকপানসকল। তিব্বতৰ প্ৰথম দালাই লামাৰ (১৩৯১-১৪৭৫)— যাক তিব্বতীসকলে বুদ্ধৰ অৱতাৰ বুলি ভাবে— সময়ত তেওঁৰ শিষ্য এজনে মনপাসকলৰ মাজত বৌদ্ধধৰ্ম প্ৰচাৰ কৰে। সন্ন্যাসী হৈও তেওঁ আছিল এজন পাকৈত অভিযন্তা। ছাংপো নৈৰ ওপৰত তেওঁ বন্ধা আঠখন লোৰ ওলোমা দলঙৰ কেইবাখন এতিয়াও আছে। তেওঁৰ আশীৰ্বাদধন্য মনপা পৰিয়ালৰ বংশধৰ এজনে তিব্বতৰ ৰাজধানী লাছাত ধৰ্মশিক্ষা লাভ কৰিবলৈ যায়। ভূটানৰ দুক্পাসকলৰ আক্ৰমণৰ পৰা তাৱাং ভূমিৰ মঠবোৰ ৰক্ষা কৰাৰ উপায় বিচাৰি তেওঁ পঞ্চমজনা দালাই লামাৰ (১৬১৭-১৬৮২) ওচৰ চাপে। তেওঁৰ পৰামৰ্শ মতে মেৰা লামা নামেৰে খ্যাত বৌদ্ধ ভিক্ষুজনে সোতৰ শতিকাৰ মাজভাগত শ্বোসমত (তাৱাঙৰ পুৰণি নাম) বিখ্যাত গুম্ফাটো নিৰ্মাণ কৰে।

 কথিত আছে স্থান নিৰ্বাচন কৰাৰ আগতে গুহা এটাত সোমাই ধ্যানমগ্ন হয় তেওঁ। তাৰ পৰা ওলাই দেখে ঘোঁৰাটো নাই। খুৰাৰ চিন অনুসৰণ কৰি আহি আহি দেখিলে এঠাইত ই থিয় হৈ আছে। ভগৱানৰ নিৰ্দেশ বুলি বুজি পাই মেৰা লামাই সেইডোখৰ ঠাইতে গুম্ফাটো সাজিবলৈ সিদ্ধান্ত লয়। তেতিয়াৰে পৰা ঠাইডোখৰৰ নাম হয় তাৱাং। ‘তা’ৰ অৰ্থ ঘোঁৰা আৰু ‘ৱাঙ’ৰ অৰ্থ নিৰ্বাচন। ঘোঁৰাৰ দ্বাৰা নিৰ্বাচিত ঠাই। গাঁৱৰ মানুহে গুম্ফাৰ একো একোটা অংশ নিৰ্মাণ কৰাৰ ভাৰ লয়। আজিও সেইবোৰ অংশৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বৰ্তি আছে সেইবোৰ গাঁৱৰ ওপৰত। লাছাৰ প'টালা ৰাজকাৰেঙৰ পৰা পঞ্চম দালাই লামাই মন্ত্ৰোচ্চাৰণ কৰি তাৱাং গুম্ফাটো [ ৩৪২ ]

মনপা লামাৰ সৈতে তাৱাং গুম্ফাৰ সন্মুখত লেখিকা

[ ৩৪৩ ] আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

 বিশাল গে'ট এখনৰ মাজেৰে গুম্ফাৰ চৌহদত সোমাই জলৌ-জপৌ পোছাক পিন্ধা দুটা পোৱালি লামাক দেখি বৰ স্ফূৰ্তি পাইছিলো।

 প্ৰথমতে আমি সোমাইছিলো গুম্ফাৰ লাইব্ৰেৰীটোত, তাত ৰক্ষিত আছে কানজুৰ আৰু তানজুৰ শ্ৰেণীৰ ধৰ্মগ্ৰন্থবোৰ। কানজুৰ হ’ল বুদ্ধৰ বাণীৰ অনুবাদ আৰু তানজুৰত আছে টীকা-টিপ্পনীৰ সৈতে তাৰ ব্যাখ্যা। তানজুৰ গ্ৰন্থৰ সংখ্যা ২২৫। কানজুৰৰ ছপা খণ্ড ১০১খন, হাতে লিখা ২৫৬ খন। এখন ধৰ্মপুথিৰ তিনিখন পাত সোণৰ আখৰেৰে লিখিত। লাইব্ৰেৰীটোৰ অৱস্থা হতাশাজনক। ৰক্ষণাবেক্ষণ অনুন্নত। দেখুৱাবলৈ নাছিল কোনো উপযুক্ত নিৰ্দেশক।

 গুম্ফাৰ আটাইতকৈ সুৰক্ষিত অট্টালিকাটো তিনিমহলীয়া। তলৰ মহলাৰ সভাগৃহটোত পাঁচশ লামাই বহি ধৰ্ম চৰ্চা কৰিব পাৰে। ইয়াৰ সমগ্ৰ উত্তৰ দিশটো অধিকাৰ কৰি আছে এখন ওখ বেদীয়ে। বেদীৰ সোঁমাজত অধিষ্ঠিত বুদ্ধৰ ২৬ ফুট ওখ এটা প্ৰকাণ্ড মূৰ্তি। তদুপৰি আছে গুম্ফাৰ প্ৰতিষ্ঠাতা মেৰা লামা, মনপা ৰাজ্যত ওপজা ষষ্ঠ দালাই লামা (১৬৮৩-১৭০৬) আৰু নানা দেৱ-দেৱীৰ প্ৰতিকৃতি। বুদ্ধদেৱে প্ৰচাৰ কৰা জীৱন চকৰিৰ ছবিত দেখুৱাইছে জীৱনৰ ছটা অৱস্থা, যাৰ ফলত মানুহৰ পুনৰজনম হয়।

 শুনি আচৰিত হওঁ য'ত আজিও আমি এইবোৰ দুৰ্গম অঞ্চললৈ সহজতে যাব নোখোজো তালৈ ৭৪৭ চনতে নালন্দা বিশ্ববিদ্যালয়ৰ পৰা তিব্বতলৈ গৈছিল পদ্মসম্ভৱা নামৰ এগৰাকী সন্ন্যাসী। মনপাসকলৰ মাজত জনপ্ৰিয় এইগৰাকী সন্ন্যাসীৰ প্ৰতিমূৰ্তি তাৱাং গুম্ফাত ৰক্ষিত আছে। তিব্বতৰ ৰজাৰ আমন্ত্ৰণ ক্ৰমে আহি তেওঁ এই অঞ্চলত বৌদ্ধধৰ্ম প্ৰচাৰ কৰে।

 ধৰ্মসংক্ৰান্ত সকলো দায়িত্ব ন্যস্ত পুৰোহিত লামাসকলৰ ওপৰত। বৌদ্ধ ট্ৰিনিটিৰ--বুদ্ধ, ধৰ্ম আৰু সংঘৰ তৃতীয় স্থান সংঘ অধিকাৰ কৰি আছে লামাসকলে। সৰ্বোচ্চ স্তৰত উপৱিষ্ট ‘অৱতাৰ' লামাসকল। ১৯৫১ চনলৈ অৱতাৰ লামাজন আহিছিল তিব্বতৰ পৰা। বৰ্তমানে মনপাসকলে এই দায়িত্ব পালন কৰি আছে। গুম্ফাৰ ইতিহাস, নীতি-নিয়ম, কৰ্মপদ্ধতি, লামাসকলৰ জীৱন আদিৰ বিষয়ে লিখিবলৈ হ'লে এখন গ্ৰন্থ হ’বগৈ। গতিকে তেওঁলোকক ইয়াতে এৰিলো।

 সপ্তাহজোৰা অভিযানৰ পাছত উভতিবৰ সময় উপস্থিত হ’ল। দিৰাঙৰ ডাকবঙলাত গোলক দাসে নিজৰ বাৰীৰ জাতিলাওৰে ৰন্ধা সুস্বাদু খাৰৰ আঞ্জা আৰু পাতলকৈ ৰন্ধা [ ৩৪৪ ] মাছৰ জোল খাই ইটানগৰলৈ যাত্ৰা কৰিলো।

 তাৱাং গুম্ফা বা মঠ দৰ্শন কৰাৰ প্ৰায় দহ বছৰমান পাছত নিউয়ৰ্ক মহানগৰীৰ উত্তৰে পাহাৰ-পৰ্বত আৰু মেপল ওক বননিৰে ঘেৰা শান্ত পৰিবেশৰ মাজত দেখিছিলো মনত সম্ভ্ৰম যোগোৱা ছোৱান ইয়েন বৌদ্ধ মঠ।

 আমাৰ পুত্ৰৰ ঘৰৰ পৰা ডেৰ ঘণ্টামানৰ বাট বৌদ্ধ মঠলৈ। অনেকে নিজান পবিত্ৰ পৰিবেশ বিচাৰি তালৈ যায়। তাত নিৰামিষ আহাৰৰ ব্যৱস্থাও আছে। আমি ৰাতিপুৱা গা-পা ধুই ওলাই গৈছিলো তালৈ৷ তাতেই খোৱা-বোৱা কৰি দিনটো কটাই আহিছিলো। তাৱাং গুম্ফাৰ লগত বিশালত্বত তুলনা নহয় যদিও ছোৱান ইয়েন গুম্ফা বেছি পৰিস্কাৰ পৰিচ্ছন্ন। তাৱাং গুম্ফাত লগ পোৱা কিছুমান লামাৰ ওচৰলৈ যাবই নোৱাৰি তেওঁলোকৰ গাৰ কাপোৰৰ গোন্ধত। জলৌ জপৌ সাজযোৰ বোধকৰো কোনোদিনে নোধোৱে। লামাকেইজনৰ সৈতে ফটো তুলিবলৈ যাওঁতে যিজন লামাৰ কাষত থিয় হৈছিলো তেওঁৰ কাপোৰৰ পৰা নিৰ্গত ভেকেটা ভেকেট গোন্ধ আজিও মোৰ নাকত লাগি থকা যেন লাগে।