বাকীছোৱা জীৱন/চিংফৌ ৰজা বিছা নং চিংফৌৰ মুখামুখি

[ ৩৪৪ ]

চিংফৌ ৰজা বিছা নং চিংফৌৰ মুখামুখি

 ২০০২ চনৰ অক্টোবৰত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম লেখিকা সংস্থাৰ দশম দ্বিবার্ষিক অধিৱেশনলৈ গৈছিলো। বহুদিনৰ পৰা মনত এটা ইচ্ছা পুহি ৰাখিছিলো চিংফৌ ৰজাৰ বাসস্থান বিছাগাঁৱলৈ যোৱাৰ। কিয় বাৰু মোৰ ইচ্ছা হৈছিল। হৈছিল এইবাবে যে বৰ্তমানৰ ৰজা বিছা নং চিংফৌৰ পূৰ্বপুৰুষ বম বিছা গামৰ নাম ভাৰতীয় চাহ শিল্পৰ লগত জড়িত।

 চাহ শিল্পৰ বাবে অসম প্ৰসিদ্ধ । ৰাতিপুৱা চাহ একাপ খোৱাটো আমাৰে নহয় পৃথিৱীৰ অনেকৰে অভ্যাস। আজি সমগ্র বিশ্বতে চাহ হৈছে এক জনপ্রিয় পানীয়। কফিপ্রেমী আমেৰিকানসকলেও চাহৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে। চাহ আমাৰ সংস্কৃতিৰো এটা দিশ। আলহী আহিলে চাহ একাপ আগবঢ়োৱাটো সাধাৰণ সৌজন্যবোধ। প্রাক্স্বাধীনতা যুগত গুৱাহাটী ৰে'ল ষ্টেচনত বিশাল এখন বিজ্ঞাপন ফলক লিখি থোৱা আছিল—

 ‘নাথাকে যিহত মুঠে মাদকতা দোষ
 চাহ খালে পায় কিন্তু জীৱনত সন্তোষ’

[ ৩৪৫ ] চাহৰ ঔষধি গুণো মন কৰিবলগীয়া। ইয়াত যথেষ্ট পৰিমাণে আছে এণ্টি-অক্সিডেণ্ট । অথচ আগৰ দিনত সৰু ল'ৰা-ছোৱালীৰ বাবে চাহ আছিল নিষিদ্ধ। মাহঁতে চাহ খোৱালৈ আমি লোলুপ দৃষ্টিৰে চাই থাকিছিলো।

 মাৰ্ঘেৰিটাৰ পৰা বিছাগাৱলৈ নিৰুপমা বৰগোহাঞি, তোষপ্ৰভা কলিতাকে ধৰি আমি সাতগৰাকী মহিলা দুখন গাড়ী লৈ গৈছিলো। আমাক নেতৃত্ব দিছিল সাংবাদিক জগত চাংমায়ে৷ নিৰাপত্তাৰক্ষী হিচাপে গৈছিল লিডু আৰক্ষী থানাৰ দুগৰাকী চিপাহী। গুৱাহাটীৰ কংক্ৰিটৰ হাবিৰ মাজৰ পৰা আহি মুকলি পৰিবেশত প্ৰাণভৰি বিশুদ্ধ অক্সিজেন সেৱন কৰি কৰি আগুৱাই গৈছিলো চাহ বাগিচাৰ বুকু ফালি। কিছু সময় যোৱাৰ পাছত খৰস্ৰোতা টিৰাপ নৈৰ ওলোমা দলং ‘সমন্বয় সেঁতু’ পাৰ হৈ বিছাগাঁৱত সোমাইছিলো। অদূৰত বমবিছা গামৰ উত্তৰপুৰুষ ৰজা বিছা নং চিংফৌৰ ৰাজহাউলিত সোমাই মই প্ৰায় দুটা শতিকা পিছুৱাই গৈছিলো। আমাক আদৰিবলৈ পদুলিমুখলৈ আগবাঢ়ি আহিছিল স্বয়ং ৰজা বিছা নং চিংফৌ। কঁকালৰ পেটিত আঁৰি লৈছিল পৰম্পৰাগতভাৱে চিংফৌ ৰজাসকলে ব্যৱহাৰ কৰা এখন তৰোৱাল, চিংফৌ ভাষাত যাৰ নাম ‘পিয়াও দাও’ অৰ্থাৎ ‘খাপত ভৰাই থোৱা তৰোৱাল’। ৰজা ৰাণীৰ লগত আছিল তেওঁলোকৰ জীয়েক-পুতেক, ভতিজা-ভতিজী, খুড়ীয়েক আৰু কেইবাজনো আপোন মানুহ।

 তেওঁলোকে আমাক সাদৰ সম্ভাষণ জনাই থাকোতে অন্যমনস্ক হৈ মই মোৰ সন্মুখত থকা ৰজাগৰাকীৰ আদি পুৰুষ বম বিছা গামৰ উপস্থিতি অনুভৱ কৰিছিলো। চিংফৌ সাম্ৰাজ্যৰ ক’ত তেওঁ বাস কৰিছিল নাজানো, কিন্তু মই ভাবি ল’লো তেওঁ এইটো চৌহদতেই বাস কৰিছিল। চকুৰ আগত ওলাল ৰঙামূলা বৰণীয়া ৰবাৰ্ট ব্ৰুছ চাহাব। আহোম ৰজা এজনৰ ভাড়া কৰা কৰ্মী হিচাপে নতুন সৈনিক সংগ্ৰহ কৰিবলৈ আৰু নতুন ব্যৱসায়ৰ সন্ধানত গোৱালপাৰাত ঘাটি পাতি থকা ৰবাৰ্ট ব্ৰুছ নামৰ ব্ৰিটিছ চাহাব এজন ১৮২৩ চনত আহিছিল উজনি অসমলৈ। তেওঁৰ লগত সাক্ষাৎ হৈছিল চিংফৌ প্ৰধান বম বিছা গামৰ। বোধকৰো ৰজাক সন্মান প্ৰদৰ্শন কৰিবলৈ আহিছিল। মই যেন দেখা পালো এজন দোভাষীৰ মাধ্যমেৰে দুয়ো কথা পাতি আছে।

 আচৰিত হৈ মই এডভেঞ্চাৰপ্ৰিয় ব্ৰিটিছ জাতিটোক প্ৰশংসা কৰো। যিটো যুগত যোগাযোগ ব্যৱস্থা আছিল অনুন্নত, তেতিয়া নাৱেৰে, জাহাজেৰে, ঘোঁৰাত উঠি তেওঁলোকে সাগৰ-মহাসাগৰ জয় কৰি ফুৰিছিল। এসময়ত কথা এষাৰ আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ সূৰ্য কেতিয়াও অস্ত নাযায়। পৃথিৱীৰ বহু দেশত তেওঁলোকে গঢ়ি তুলিছিল [ ৩৪৬ ] উপনিৱেশ। তেওঁলোকেও অহংকাৰত গংগাটোপ হৈ কৈছিল, Rule Britania, rule thy waves. একালৰ বৃন্দাবন একালত পৰে ছন। ব্ৰিটিছ সাম্ৰাজ্যৰ গৌৰৱ ৰবি আজি অস্তমিত। আমি সৰু কালত দেখিছিলো তেওঁলোকৰ মধ্যগগনৰ ঔজ্জ্বল্য।

 যি কি নহওক, মই যেন দেখিলো আলোচনাত মগ্ন চিংফৌপ্রধান আৰু ৰবাৰ্ট ব্ৰুছলৈ অন্দৰমহলৰ পৰা যোগান ধৰা হ'ল দুপাত্র পানীয়। চাহাবে এসোহা মাৰি বাকৰুদ্ধ হৈ পানীয়খিনিলৈ চাই থাকিল। আকৌ এসোহা মাৰিলে। এই পানীয়ত যে চাহৰ গোন্ধ! চাহাবৰ চকু তিৰবিৰাই উঠিল।

 মোৰ কল্পনাত আউল লগাই ৰজা-ৰাণীয়ে কৈছিল, ‘ভিতৰলৈ ব’লক’। ছিৰি বগাই চাংঘৰত উঠিলো। ৰজাৰ চাংঘৰ ডাঙৰেই হ’ব। চাংখন কাঠৰ৷ বহা কোঠাটো পৰম্পৰাগত ষ্টাইলত সজোৱা। কোঠাটোৰ এমূৰৰ পৰা আনটো মূৰলৈ বিস্তৃত হৈ থকা আধাফুটমান ওখ মেজখনৰ দুয়োফালে মজিয়াত পাৰি থোৱা গাদীত বহিছিলো। ব্ৰুছো চাগৈ বম বিছা গামৰ চ’ৰা ঘৰত এনেকৈয়ে বহি পানীয়ৰ পাত্ৰত সোহা মাৰিছিল। ব্ৰুছক মনৰ পৰা আঁতৰাই বাস্তৱলৈ আহিলো । সৰু সৰু মৰম লগা ছোৱালীকেইজনীমানে পিবলৈ পানী আনি দিলে সোণৰ দৰে চকচকীয়া সৰু সৰু পিতলৰ বা কাঁহৰ কলহত। হাত ধুবলৈ দিছিল একোটাকৈ চৰিয়া। পিঠাপনা আৰু ঘৰতে কৰা পৰম্পৰাগত নানা ধৰণৰ জলপান খাই তৃপ্ত হলো।

 চিংফৌসকলৰ বহা-মেলা আৰু খাদ্য পৰিবেশনৰ ধৰণ-ধাৰণ দেখি মনত পৰিছিল কাশ্মীৰিসকলৰ পৰিবেশন পদ্ধতিলৈ। আমি কলকাতাত থাকোতে দুজনমান কাশ্মীৰি শ্বালৱালাৰ লগত ঘনিষ্ঠ হৈছিলো। ১৯৮৭ চনত কাশ্মীৰলৈ যাওঁতে তেওঁলোকে আমাক আহাৰলৈ নিমন্ত্ৰণ কৰি পৰম্পৰাগত পদ্ধতিমতে খাদ্য পৰিবেশন কৰিছিল ইখন দেৱালৰ পৰা সিখনলৈ বিস্তৃত কাশ্মীৰি কাৰ্পেটত পাৰি থোৱা গাদীত বহুৱাই। হাত ধুবলৈ চিংফৌসকলৰ দৰেই চৰিয়া আৰু সুদৃশ্য নলীযুক্ত বাচনত পানী দিছিল।

 ৰজাৰ খুড়ীয়েকে আমাক দেখুওৱা চিংফৌ পুৰুষ-মহিলাৰ সাজপাৰ, আ-অলংকাৰ আদি লিৰিকি-বিদাৰি চাইছিলো। ঘাই ঘৰ, ৰান্ধনী ঘৰ আদি তন্ন তন্নকৈ দেখুৱাইছিল। ঘৰটোৰ এটা অংশৰ চাং বাঁহেৰে সজা।

 আহিবৰ সময়ত ৰাণীয়ে আমাক এখন পুকাং উপহাৰ দিছিল। স্থানীয় বৈশিষ্ট্যপূর্ণ ডিজাইনেৰে ঘৰতে বোৱা পুকাং মেখেলাৰ দৰে মহিলাসকলৰ পোছাক। অৰুণাচললৈ যাওঁতে মহিলা এগৰাকীয়ে আমাক দিছিল এখন গালে। পুকাং, গালে, মেখেলা, মণিপুৰীসকলৰ ফানেক আদি উত্তৰ-পূব ভাৰতৰ মহিলাৰ পোছাক থুলমূলকৈ একে [ ৩৪৭ ] ধৰণে পৰিধান কৰা হয়।

 আমাক বিদায় দিবৰ সময়ত ৰজাৰ খুৰীয়েক গুদুং চিংফৌৱে আমাৰ দীৰ্ঘ জীৱন কামনা কৰি ভগৱান বুদ্ধৰ ওচৰত প্ৰাৰ্থনা জনালে। আমি তেওঁলোকৰ আতিথ্যত অভিভূত। ভাৰতত চাহ খেতিৰ গুৰিৰ ব্যক্তি বম বিছা গামৰ উত্তৰ পুৰুষসকলে বাস কৰা অঞ্চলটোৰ দুৰৱস্থা দেখি ম্ৰিয়মান হৈ পৰিছিলো। বাটৰ দুয়োকাযে মাইলৰ পাছত মাইল জোৰা চাহ বাগিচাবোৰলৈ চাই ভাবিছিলো এই খেতিবোৰ হ’ব লাগিছিল কাৰ হ’ল কাৰ। এয়েই হয় কিছুমানৰ কপালত। আনকি ব্ৰিটিছক চাহ গছৰে চিনাকি কৰি দিয়াৰ গৌৰৱো বম বিছা গামে পোৱা নাছিল। কিয় নাপালে সেই ইতিহাসত এভূমুকি মৰা যাওক। তাৰ আগতে আন এজন দুৰ্ভগীয়াৰ কথা কৈ লওঁ।

 বিশ্বই জানে ইউৰোপৰ পৰা ভাৰতলৈ অহা সমুদ্ৰ পথ আৱিষ্কাৰ কৰিছিল ভাস্কো-ডা-গামাই। কিন্তু দুজনমান গৱেষকৰ বাহিৰে আন কোনেও নাজানে যে আফ্ৰিকাৰ উপকূলৰ পৰা বাট দেখুৱাই আনিছিল এজন আৰৱ নাগৰিকে। ইয়াকেই বোধহয় কোৱা হয় কপাল।

 চিংফৌ জনগোষ্ঠীটোৰ আদি বাসভূমি আছিল ম্যানমাৰৰ হুৱাকাং উপত্যকলৈকে বিস্তৃত পাটকাই পৰ্বতমালাৰ দক্ষিণৰ এঢলীয়া অঞ্চলত। বৰ্তমানে তেওঁলোকৰ বাসভূমি মাৰ্ঘেৰিটাৰ ফালে অসম-অৰুণাচল সীমাৰ দুয়োপাৰে আৰু দক্ষিণ-চীনৰ ইউনান প্ৰদেশত। এওঁলোক ঘাইকৈ বাৰটা গাম বা গোষ্ঠীত বিভক্ত। গাম প্ৰধানসকলৰ ভিতৰত বিছাগাম, দাফা গাম, ছাতুগাম আৰু লাট্টোৰা গামেই আছিল সবাতোকৈ প্ৰতিপত্তিশালী।

 চিংফৌ প্ৰধানসকলৰ ভিতৰত বম বিছা গামৰ দূৰদৰ্শিতা আৰু বিচক্ষণতা আছিল অসাধাৰণ। তদুপৰি তেওঁ আছিল বিপুল ক্ষমতাৰ অধিকাৰী। ব্ৰহ্মদেশ চৰকাৰে বম বিছা গামক ‘ছাৱবৱা’ উপাধি প্ৰদান কৰি সোণৰ ছাতি এটা উপহাৰ দিছিল।

 বম বিছা গামৰ হাউলিত, চাহৰ গোন্ধ মিহলি পানীয় খাই ৰবাৰ্ট ব্ৰুছৰ বুজিবলৈ বাকী নাথাকিল যে চিংফৌসকলে এইবিধ পানীয় খায়। তেওঁ কৌতূহলী হৈ উঠিল। জানিব পাৰিলে যে তেওঁলোকৰ বাৰীত আৰু হাবিত জন্মা এবিধ গছৰ পাত সিজাই তেওঁলোকে তপত পানীয় এবিধ খায়। ব্ৰুছ নিশ্চিত হ’ল যে এই জোপাই চাহ গছ। চকুৰ আগত দেখিবলৈ পালে এক সোণালী ভৱিষ্যতৰ ছবি। তেতিয়াৰ দিনত ব্ৰিটিছসকল চীনদেশীয় চাহৰ ওপৰত নিৰ্ভৰশীল আছিল। নিজৰ সাম্ৰাজ্যত সেই সম্পদৰ সম্ভাৱনাই চাহাবক ৰঙীন সপোন দেখুৱালে। [ ৩৪৮ ] এনে এক গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ কথা ইকাণ-সিকাণ নকৰি ৰবাৰ্ট ব্ৰুছে গোপনে ভায়েক চালৰ্ছ আলেকজেণ্ডাৰ ব্ৰুছক জনালে। পিছে সেই সোণালী দিনবোৰ দেখিবলৈ ৰবাৰ্ট ব্ৰুছ জীয়াই নাথাকিল। ককায়েকৰ মৃত্যুৰ পাছত আলেকজেণ্ডাৰে অসমৰ তেতিয়াৰ শাসনকৰ্তা ফ্ৰান্সিছ জেন্কিন্সক চাহ গছৰ কথা মৌখিকভাৱে জনাই থৈছিল ১৮৩৩ চনত। লিখিতভাৱে জনালে ১৮৩৬ চনত। জেনকিন্সক জনোৱাৰ আগতে শাসনকৰ্তা ডেভিড স্কটকো কথাষাৰ জনাইছিল। নমুনা হিচাপে তেওঁ সংগ্ৰহ কৰা চাহগুটি আৰু চাহ পুলিও তেওঁলৈ পঠাইছিল।

 ইতিমধ্যে নিজ নিজ অভিজ্ঞতাৰ পৰা আন দুজনমান চাহাবেও অসমত চাহ গছৰ অস্তিত্বৰ কথা গম পাইছিল। যেনে সেনা বিষয়া লেফটেনেণ্ট এনড্ৰু শ্বাৰ্লটনে ১৮৩২ চনৰ ২১ জানুৱাৰীত কলিকতাৰ ড° জন টাইটলাৰলৈ লিখিতভাৱে জনাইছিল যে শদিয়াৰ আশে-পাশে প্ৰচুৰ চাহ গছ আছে আৰু থলুৱা মানুহে সেই পাতৰ ৰস পি খায়। শুকান পাতৰ গোন্ধ আৰু সোৱাদ চীন দেশীয় চাহ পাতৰ সৈতে একে বুলিও জনাইছিল।

 ১৮৩৪ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত চাহ গছৰ অনুসন্ধান কৰিবলৈ টী কমিটী’ গঠন কৰে। ছেগ চাই শ্বাৰ্লটনে ১৮৩৪ চনৰ ১৭ মে’ তাৰিখে পত্ৰযোগে জনায় যে উজনি অসমত চাহ খেতিৰ সম্ভাৱনা প্ৰচুৰ। উল্লেখ কৰিবলৈ নাপাহৰে যে চিংফৌ আৰু খামতিসকলে নিয়মীয়াকৈ চাহ খায়৷ এওঁলোকে চাহপাতবোৰ শুকাই সিজাই লয়। সিজোৱা পাত চেপি পানীখিনি উলিয়াই পাতবোৰেৰে সৰু সৰু লাডু বনাই ৰ'দত শুকাই সংৰক্ষণ কৰে।

 শ্বাৰ্লটনে জনোৱাৰ পাছত আলেকজেণ্ডাৰ ব্ৰুছৰ যেন টোপনি ভাগিল। তেওঁ ১৮৩৬ চনৰ ২০ ডিচেম্বৰ তাৰিখে লিখিতভাৱে ঘোষণা কৰিলে যে ককায়েক প্ৰয়াত ৰবাৰ্ট ব্ৰছ আৰু তেওঁ উজনি অসমত চাহগছ আৱিষ্কাৰ কৰিছে। পিছে প্ৰথম হোৱাৰ গৌৰৱৰ পৰা বঞ্চিত হ'ল।

 ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰচেষ্টা আৰু উৎসাহত ইতিমধ্যে অসমত চাহ খেতি কৰাৰ কাম ভালকৈয়ে আৰম্ভ হৈছিল। ই ব্ৰিটিছ সাম্ৰাজ্য তথা ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ ঘটনা।

 এইবাৰ প্ৰশ্ন উত্থাপিত হ’ল, আৱিষ্কাৰকৰ সন্মান কাক যচা যায়? ৰবাৰ্ট ব্ৰুছ, চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ, বম বিছা গাম, শ্বাৰ্লটন, জেনকিন্স নে এই বিষয়ে সৰু-ডাঙৰ কিবা নহয় কিবা ভূমিকা পালন কৰা মণিৰাম দেৱানক। অৱশেষত চৰকাৰৰ ফালৰ [ ৩৪৯ ] পৰা সকলো চাইচিতি ১৮৪২ চনত আৱিষ্কাৰকৰ সন্মান যচা হ’ল শ্বাৰ্লটনক। মোৰ মনলৈ আহিল কামৰূপত প্ৰচলিত ফকৰা এষাৰলৈ — হাপায় আনলাক তিৰী, শিয়াল ওপৰতে হ’ল গিৰী।

 বেচেৰা বিছা গাম। ৰবাৰ্ট ব্ৰুছৰ লগত তেৱেঁ প্ৰথম চিনাকি কৰি দিছিল চাহ গছ। চিংফৌসকলে চাহ খোৱাৰ কথা তেৱেঁই কৈছিল ব্ৰুছক। কিন্তু বিছাগাম জনসাধাৰণৰ স্মৃতিৰ পৰা আঁতৰি গ'ল। অসমীয়া জাতীয়তাবাদৰ উত্থানৰ যুগত বেণুধৰ শৰ্মায়ো চাহ গছৰ সৈতে চিনাকি কৰাই দিয়া সন্মানটো বম বিছা গামক নহয়, মণিৰাম দেৱানকহে দিব খুজিছিল। অৱশেষত ঐতিহাসিক অনুসন্ধানে বম বিছা গামক তেওঁৰ প্ৰাপ্য সন্মান যাচিলে। পৰিতাপৰ কথা যে তেওঁৰ কোনো প্ৰতিকৃতি পোৱা নগ’ল। আনহাতে অৰুণোদয়ৰ পাতত পোৱা গ'ল চাহ খেতিৰ বিকাশত বৰঙণি যোগোৱা আন এগৰাকী চিংফৌ জনগোষ্ঠীভুক্ত ব্যক্তিৰ প্ৰতিকৃতি, যাৰ নাম নংগুলা। এওঁৰ বিষয়ে লিখিত আছে আছাম চাহ কোম্পানীৰ (প্ৰতিষ্ঠা ১৮৩৯ চন) ইতিহাসত।

 অসমত ব্যাপকভাৱে চাহ খেতিৰ প্ৰচলন, সম্ভৱ হৈছে আন্তৰ্জাতিক সহযোগিতাৰ ফলত। এই খেতিৰ সৈতে জড়িত আছিল চিংফৌ, ব্ৰিটিছ, থলুৱা মানুহ আৰু চীনাসকল। গুৰিতে চীনাসকলে জন আৰু অজনজাতীয় থলুৱা মানুহক চাহ পাত প্ৰচেছিং কৰিবলৈ শিকাইছিল। চীনাসকল আছিল বৰ উৎপতীয়া আৰু তেওঁলোকৰ টকাৰ চাহিদাও আছিল অধিক। ১৮৪৩ চনৰ ভিতৰতে আছাম কোম্পানীয়ে তেওঁলোকক বিদায় দিয়ে।

 ১৮৬০ চনৰ আগলৈকে আন আন ৰাজ্যৰ পৰা ব্যাপকভাৱে চাহ শ্ৰমিক সংগ্ৰহ কৰাৰ কোনো সফল ব্যৱস্থা নাছিল। থলুৱা শ্ৰমিকসকলে, ঘাইকৈ দৰং আৰু উত্তৰ কামৰূপৰ পৰা সংগৃহীত কছাৰী পুৰুষ শ্ৰমিকৰ দ্বাৰাই বাগিচাৰ কাম চলাইছিল। ১৮৬০ৰ পাছত ব্যাপক হাৰত পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আনকি মাদ্ৰাছ-বম্বেৰ পৰাও হেজাৰে হেজাৰে শ্ৰমিক সংগ্ৰহৰ কাম আগবাঢ়িছিল দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে। নিজ নিজ ৰাজ্যত দুখ-দুৰ্দশাৰ মাজেৰে জীৱন অতিবাহিত কৰা এইসকল শ্ৰমিকৰ অন্তৰাত্মাই গাইছিল – চল মিনি আছাম যাব, দেছে বৰ দুখৰে...।

 সুখৰ আশাত মাংৰা-মুংৰী-মিনিহঁতে গৃহ ত্যাগ কৰি সুখ পালে নে? তেওঁলোকৰ অৱস্থা আছিল ক্ৰীতদাস সদৃশ। অৱস্থাৰ আজিও উন্নতি হোৱা নাই। আজিও দেওবৰীয়া ছুটীৰ দিনত তেওঁলোকে মজুৰি নাপায়। মহিলাসকলৰ অধিকাংশই অস্থায়ী, যাক [ ৩৫০ ] কোৱা হয় ফাল্টু শ্ৰমিক। স্থায়ী মহিলা শ্ৰমিকক আন্তৰ্জাতিক শ্ৰম সংস্থা আৰু ভাৰতীয় শ্ৰমিক সংগঠনৰ নীতি-নিয়ম উলংঘা কৰি পুৰুষতকৈ কম মজুৰি দিয়া হয়। ৰেছন দিয়া হয় নিকৃষ্টমানৰ। এওঁলোকৰ ভিতৰত সাক্ষৰতাৰ হাৰ দুখ লগাকৈ কম। পঢ়া-শুনাৰ পৰিবেশ নাই। স্বাস্থ্য, শিক্ষা, খোৱাপানী, বাসস্থান ইত্যাদি মানুহৰ দৰে বাস কৰিবলৈ প্ৰয়োজনীয় ন্যূনতম সা-সুবিধাৰ অভাৱ। এইদৰেই চলি আছে গণতান্ত্ৰিক ভাৰতৰ একাংশ নাগৰিকৰ জীৱনযাত্ৰা।