বাকীছোৱা জীৱন/মানুহে মানুহক কিনিব পাৰে, মানুহে মানুহক বেচিব পাৰে

[ ২১৬ ]

মানুহে মানুহক কিনিব পাৰে, মানুহে মানুহক বেচিব পাৰে

 জীৱনটোত বহু অভিজ্ঞতা আর্জিলো। আনকি মানুহে মানুহক বেচা-কিনা কৰাও দেখিলো। সুদূৰ অতীতৰে পৰা পৃথিৱীৰ বহু ঠাইত এই ব্যৱসায় চলি আছে। ব্যৱসায়টোৰ উৎকৃষ্ট উদাহৰণ আমেৰিকাৰ ক্রীতদাস বেচা-কিনা। ১৬১৯ চনত হলেণ্ডবাসী এজন নাৱিকে উত্তৰ আমেৰিকাৰ ভার্জিনিয়া অঞ্চলত বাস কৰা ব্ৰিটিছসকলৰ ওচৰত আফ্ৰিকাৰ পৰা ধৰি অনা কুৰিজন নিগ্ৰোক (বর্তমানে তেওঁলোকক ব্লেক আমেৰিকান বোলা হয়) বেচিছিল। ১৬৬১ চনত আইনসংগতভাৱে ক্রীতদাস প্রথাৰ প্ৰৱৰ্তন হয়। প্ৰথাটো আছিল অমানৱিক আৰু অমানুষিকো। মানৱীয় গুণসমৃদ্ধ কিছু শ্বেতাংগ আমেৰিকানৰ আশাশুধীয়া চেষ্টাৰ ফলত এই জঘন্য প্রথা উচ্ছেদ হয়। ১৮৬৩ চনৰ ১ জানুৱাৰী তাৰিখে প্ৰেছিডেণ্ট আব্রাহাম লিংকনে আইনসংগতভাৱে ক্রীতদাস প্রথা তুলি দি সকলো মানুহক চিৰদিনৰ বাবে মুক্ত কৰে।

 বর্তমানে আমেৰিকাত নিগ্ৰো বা নিগাৰ শব্দটো উচ্চাৰণ কৰিলে শাস্তি ভোগ কৰিবলগীয়া হয়। এবাৰ আমি আমেৰিকালৈ যাওঁতে নাতিহঁতৰ স্কুলৰ দুটা বগা ল’ৰাৰ শাস্তি হ’ল কলা সহপাঠী এজনক নিগাৰ বুলি কোৱা বাবে। এজনক বোধকৰো স্কুলৰ পৰাই বহিষ্কাৰ কৰা হৈছিল।

 ক্রীতদাস প্রথা উচ্ছেদ হোৱাৰ লগে লগে মানুহ কিনা-বেচাৰ অন্ত পৰিল নে? পৰা নাই। আনকি আমাৰ গুৱাহাটীতেই হেনো কেইবাখনো এনে বজাৰ আছে য'ত মানুহে মানুহক কিনিব পাৰে, মানুহে মানুহক বেচিব পাৰে। আজিৰ ছফিছটিকেটেড ভাষাত বজাৰক হাব্ বুলিহে কয়। গুৱাহাটীৰ হাবত ঘাইকৈ বিক্ৰী হয় উত্তৰ-পূব ভাৰতৰ ভিতৰুৱা ঠাইৰ পৰা চাকৰিৰ প্রলোভন দেখুৱাই অনা হোজা, নিৰক্ষৰ, দুখীয়া মানুহৰ ঘৰৰ কুমাৰী কন্যা। গ্ৰাহকসকলে ধনৰ টোপোলা লৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা আহি কিনি লৈ যায় ফুলকুমলীয়া নিষ্পাপ এই ছোৱালীবোৰক। কিনা-বেচা, বেচা-কিনা প্ৰক্ৰিয়াৰ মাজেদি গৈ গৈ এটা সময়ত সিহঁতে পদার্পণ কৰে ডাঙৰ ডাঙৰ নগৰ-চহৰৰ নিষিদ্ধ এলেকাত, কিছুমানক চালান কৰা হয় বিদেশত। কিছুমানৰ বিয়া হয় [ ২১৭ ] পঞ্জাব-হাৰিয়ানা আদি ৰাজ্যত, য'ত বিয়া কৰাবলৈ ছোৱালীৰ অভাৱ। কিয় অভাৱ? কাৰণ তেওঁলোকে এফালৰ পৰা কন্যা ভ্ৰূণবোৰ মাৰি-কাটি খাস্তাং কৰে।

 বহুদিনলৈ ধাৰণা আছিল মানুহ বেচা-কিনাত লিপ্ত হোৱা সকল এটা বিশেষ শ্ৰেণীৰ তলখাপৰ চৰিত্ৰহীন মানুহ, কিন্তু দেখাত ওপৰখাপৰ শিক্ষিত মানুহেও সমাজৰ চকুৰ আঁৰত ৰমৰমীয়া এই ব্যৱসায়ত নামিব পাৰে। এনে এগৰাকী ভদ্ৰ মানুহৰ মুখা পিন্ধা মহিলা কলকাতাত আমাৰ ঘৰৰ ওচৰতে আছিল।

 আমাৰ ঘৰত পাৰ্ট টাইম কাম কৰা লক্ষীৰ মাকৰ এজনী কিশোৰী জীয়েকে সেইখন ঘৰত কাম কৰিছিল। মানুহগৰাকীয়ে নিজৰ অতি মৰম লগা ল'ৰা-ছোৱালীহালক কলকাতাৰ ভাল স্কুলত পঢ়াবলৈ ঘৰ-ভাড়া কৰি থাকিছিল। স্বামীৰ বদলিৰ চাকৰি। তেওঁ দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিল। বাটে-পথে দেখা হ’লে সাধাৰণভাৱে বাক্য বিনিময় কৰিছিলো। এদিন লক্ষীৰ মাকে ক’লে তেওঁৰ ছোৱালীজনীক মহিলাগৰাকীয়ে লুকুৱাই ৰাখিছে। মানুহে হেনো কোৱাকুই কৰে তেওঁ ছোৱালী বিক্ৰী কৰে। সঁচাকৈয়ে দেখিলো এদিন মানুহগৰাকীৰ ঘৰৰ সন্মুখত মানুহে মানুহ। তেওঁক ওলাই আহিবলৈ চিঞৰিছে। ভয়তে মই আগফালৰ দুৱাৰ বন্ধ কৰি দি কঁপিবলৈ ধৰিছিলো। উশাহ বন্ধ হৈ আহিছিল। মানুহে তেওঁক উলিয়াই আনি যদি নিৰ্যাতন কৰে। ফোনটোও মৰি আছিল বাবে পুলিচক খবৰ দিব পৰা নাছিলো। অৱশ্যে পুলিচ আহিছিল। তাৰ আগতে মহিলাৰ দল এটাই জোৰ কৰি ঘৰত সোমাই মানুহজনীৰ চুলিখিনি বখলা-বখলি কৰি কাটি পেলাইছিল। পিছদিনা তেওঁলোক ক’লৈ গ’ল নাজানিলো। শুনিছিলো মানুহজনীয়ে নিয়মীয়াকৈ ছোৱালী বেচিছিল। লক্ষীৰ মাকৰ জীয়েকক অৱশ্যে বেচিব নোৱাৰিলে।

 মানুহ বিক্ৰীৰ এটা হাই প্ৰফাইল ঘটনা কলকাতাতেই দেখিছিলো। মোৰ বান্ধৱীৰ বান্ধৱী ৰমলা দত্তৰ কোনো অভাৱ নাই। অভাৱ কেৱল এটি সন্তানৰ। ৰমলা সমাজ সেৱিকা। দুঃস্থ মহিলাসকলক আত্মনিৰ্ভৰ হ’বলৈ তেওঁ নিজৰ ঘৰতে চিলাই, উল গোঠা, এমব্ৰয়দাৰী কৰা ইত্যাদি শিকোৱাৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰিছিল। ৰমলাৰ স্বামী আছিল চাটাৰ্ড একাউনটেণ্ট। দিনটো ব্যস্ত ক্লায়েন্টৰ লগত। টকা-পইচাৰ অভাৱ নাই। মাজে মাজে হতাশ হৈ ভাবে কাৰ বাবে নো কষ্ট কৰিছে। কোনোবা দুখীয়া পৰিয়ালৰ ল'ৰা এটা বা ছোৱালী এজনীক যদি তুলি ল'ব পাৰিলোহেঁতেন! পিছে কোনে দিব নিজৰ সন্তানক, ৰমলাই ভাবে।

 তেওঁলোকৰ মনৰ ইচ্ছা এদিন পূৰণ হ'ল। ৰমলাৰ কোলাত আঢ়ৈ বছৰীয়া ল'ৰাটো [ ২১৮ ] দেখি ধাৰণা হৈছিল কোনোবা অভিজাত ঘৰৰ ল'ৰা সি। নিশ্চয় অবৈধ। পিছে এই আঢ়ৈ বছৰ ক’ত আছিল, মনত প্ৰশ্ন জগাটো স্বাভাৱিক। পাছত জনা গ'ল ল'ৰাৰ জন্ম ইতিহাস ৰহস্য উপন্যাসতকৈও ৰহস্যময়।

 মধুমিতা কলকাতাৰ অভিজাত পৰিয়াল এটাৰ স্মাৰ্ট কনভেণ্ট শিক্ষিতা সুন্দৰী গাভৰু। গ্ৰেজুৱেট হোৱাৰ পাছত তাইৰ বিয়া হয় মুম্বাইৰ এঘৰ চহকী দম্পতীৰ একমাত্ৰ পুত্ৰ আদিত্যৰ লগত। দেউতাক আনন্দ ৰয় আদিত্যৰ জন্মদাতা পিতৃ নহয়। মাক অলকাৰ প্ৰথম স্বামীৰ পুতেক সি।আদিত্যৰ এবছৰ নৌহওঁতেই দেউতাক ঢুকায় আৰু মাকে দুবছৰমান পাছত আনন্দ ৰয়ক বিয়া কৰায়। এওঁ ৰেজেষ্ট্ৰী কৰি নিজপুত্ৰ হিচাপে ল’ৰাজনক তুলি লৈছে। মুম্বাইত এওঁলোকৰ আছে আমদানী-ৰপ্তানীৰ বিৰাট ব্যৱসায় ৷

 বিয়াৰ কিছুদিনৰ পাছতে মধুমিতাই বুজি পালে আদিত্য এজন অতি বৰ্বৰ প্ৰকৃতিৰ মানুহ। প্ৰথমে নীৰৱে সকলো সহ্য কৰিছিল যদিও ইতিমধ্যে জন্ম হোৱা পুতেক পাপুক লৈ তেওঁ মাকৰ ঘৰলৈ উভতি আহে। আদিত্যই মাক-পুতেকক লৈ যাবলৈ বহু চেষ্টা কৰি বিফল হৈছিল।অৱশেষত এদিন সি সোঁ-শৰীৰে আহি শহুৰেকৰ কলকাতাৰ ঘৰত উপস্থিত হ’ল। তাক অভ্যৰ্থনা দূৰৈৰ কথা সোধ-পোছ পৰ্যন্ত প্ৰথমতে কৰা নাছিল। আদিত্যই মধুমিতাহঁতৰ ঘৰৰ আগ বাৰাণ্ডাৰ মজিয়াতে বহি কান্দিবলৈ ধৰিলে। সিদিনা পাপুৰ চাৰি বছৰীয়া জন্মদিন। তাক এবাৰ কোলাত তুলি আশীৰ্বাদ কৰিব খোজে দেউতাকে। সুদীৰ্ঘ কাল পুতেকক নেদেখি আদিত্যৰ পিতৃহৃদয় হেনো থান-বান হৈছে। মিতাৰ দেউতাকৰ সন্দেহ হ’ল পাষণ্ডটোৱে পাপুক টানি-আঁজুৰি লৈ যাবলৈকে আহিছে। মধুমিতাৰ পিছে অলপ কৰুণা উপজিছিল। হেজাৰ হওক পাপুৰ দেউতাক, তাইৰ স্বামী। মানুহৰ মনৰ গতি বুজা টান। এই মুহূৰ্তত যাৰ ওপৰত অসম্ভৱ খং উঠে পিছ মুহূৰ্ততে তাৰ প্ৰতি কৰুণাৰ উদ্ৰেকো হয়।

 দাৰোৱান, চকীদাৰ, কাম কৰা মানুহ আদিক ওচৰে-পাজৰে পহৰা দিবলৈ ৰাখি পাপুক উলিয়াই আনিছিল। আদিত্যই তাক সাবটি লৈ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে সহস্ৰবাৰ চুমা খোৱা দেখি মধুমিতাও কান্দিবলৈ ধৰিলে। দেউতাক-মাকে জোঁৱায়েকৰ হৃদয় পৰিৱৰ্তন হোৱা বুলি নিশ্চিত হ’ল। অনুশোচনাত পুৰি পুৰি সি হেনো সোণ হৈছে। অনুমতি দিলে ল’ৰা-তিৰোতাক লৈ যাব খোজে। ইতিমধ্যে দিল্লীত এটা নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছে। মধুমিতাৰ দেউতাকে ভাবি চাব বুলি কৈ আদিত্যক বিদায় দিলে। তাৰ পাছত আদিত্যৰ মাক-দেউতাকৰ লগত তেওঁলোক [ ২১৯ ] দীঘলীয়া আলোচনাত বহিল। তেওঁলোকো পুতেকৰ অঘৰী জীৱনটোৰ বাবে চিন্তিত আছিল। গতিকে তাৰ সুমতি দেখি ভাল পালে। দিল্লীত নতুনকৈ ব্যৱসায় খোলাটো মিছা নহয়। মধুমিতাৰ দেউতাকে ভাবিলে ৰত্নাকৰ দস্যু যদি বাল্মিকী হ'ব পাৰে আদিত্যই মনুষ্যত্ব ফিৰাই নাপাব কিয়।

 যি কি নহওক পাপুক পোনে পোনে দিল্লীলৈ নিব বুলি কৈ মধুমিতাৰে সৈতে আদিত্য মুম্বাইলৈ উৰা মাৰিলে। তেওঁলোক থাকিল গৈ এখন অভিজাত হোটেলত; কাৰণ আদিত্যৰ মাক-দেউতাক বাহিৰলৈ গৈছিল। তেওঁলোক উভতি নহালৈকে হোটেলতে থাকি পিছত দিল্লীলৈ যাব।

 কেইদিনমান আদিত্যই মধুমিতাক সংগদান কৰাৰ পাছত ব্যৱসায়ৰ কামত দিনটো বাহিৰত কটাবলগীয়া হৈছিল। এদিন দুপৰীয়া হোটেলৰ মেনেজাৰজন মধুমিতাৰ কোঠালৈ আহি সুধিলে মুম্বাইত তেওঁৰ কোনোবা আপোন মানুহ আছে নেকি। ভাগ্যক্ৰমে সিদিনাই শহুৰ শাহু আহি পাইছিল। তেওঁলোকৰ ঠিকনা আৰু ফোন নম্বৰ লৈ ততালিকে মেনেজাৰে প্ৰস্থান কৰিলে। মধুমিতাৰ দুশ্চিন্তা হ’ল। ইমান ডাঙৰ হোটেলৰ মেনেজাৰ নিজে কিয় কাষ্টমাৰৰ কোঠালৈ আহিছিল। শহুৰৰ ঠিকনাই বা নিলে কিয়। এনেতে মেনেজাৰজন আকৌ আহিল। মধুমিতাৰ হাত ভৰি চেঁচা হৈ আহিছিল, মানুহজনৰ কু-মতলব নাইতো?

 মেনেজাৰে মধুমিতাৰ মনটো পাঠ কৰিব পাৰি কৈছিল— ‘মেডাম, এটা অতি গোপন কথাৰ বাবে নিজেই আহিছো। আপোনাৰ টয়লেটৰ পিছফালে থকা ঘূৰণীয়া চিৰিটোৰে তললৈ নিঃশব্দে নামি তাত অপেক্ষা কৰি থকা গাড়ীখনত উঠিব। তাত আপোনাৰ শহুৰ আৰু শাহু আছে।’

 মধুমিতাই ভেবাচেকা খাই মেনেজাৰৰ মুখলৈ চাই থাকিল।

 ‘আপোনাৰ স্বামীয়ে বহু টকাৰ বিনিময়ত আপোনাক আৰব শ্বেখহঁতৰ ওচৰত বেচিছে! আজি সিহঁতে আপোনাক লৈ যাব। কোনো প্ৰশ্ন নকৰি পলাওক। পলাওক। সিহঁতো এই হোটেলতে আছে।’

 মধুমিতাই সম্বিৎ হেৰুৱাই জঠৰ হৈ ৰ'ল। মেনেজাৰৰ ধমকি খাই দেহাটো তললৈ টানি লৈ গ'ল কোনোমতে। শহুৰ শাহুয়েকে তেওঁক পোনে পোনে লৈ গৈছিল এয়াৰ প'ৰ্টলৈ। পিছে পিছে গৈছিল পুলিচৰ গাড়ী। বহু সতৰ্কতাৰ মাজেৰে মধুক তুলি দিয়া হ’ল কলকাতাগামী বিমানত।আন্তৰ্জাতিক ট্ৰেফিকিং। কোনে ক’ত খাপ পিটি আছে বুজা টান।

[ ২২০ ]  কলকাতা বিমান বন্দৰত মাকৰ বুকুত আশ্ৰয় পাই মধুমিতাই জ্ঞান হেৰুৱালে। জ্ঞান উভতি আহিল যদিও মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। মাক-দেউতাক, চিকিৎসক আৰু মনোবিজ্ঞানীৰ চেষ্টাত সুস্থ হৈ উঠিল যদিও তেওঁ স্বাভাৱিক নহ'ল। আনহাতে দেখিলে তেওঁ অন্তঃসত্ত্বা। গৰ্ভপাত কৰোৱাৰ সময় উকলি গৈছে। মাকে জীয়েকক অত্যন্ত কঠোৰ হৈ হৃদয়হীনা হ’বলৈ আদেশ জাৰী কৰিছিল। তুমি তোমাৰ গৰ্ভত বাঢ়ি অহা সন্তানটোৰ প্ৰতি স্নেহশীলা হ’ব নোৱাৰিবা। আকৌ তুমি নতুন জীৱন গঢ়ি তুলিব লাগিব। কথা দিলো দুয়োটা ল’ৰাক মই চোৱাচিতা কৰিম, কিন্তু তুমি সিহঁতক পাহৰি যোৱা। তোমাৰ বাকী জীৱন ইহঁতৰ বাবে নষ্ট হোৱাটো চাই থাকিব নোৱাৰিম।’

 দ্বিতীয় ল’ৰাটোৰ জন্মৰ পাছত মাকে তাক মধুমিতাৰ ওচৰলৈ এবাৰো অনা নাছিল। তেওঁলোক চহকী মানুহ, টকাৰ অভাৱ নাই। অভাৱ শান্তিৰ। ডাঙৰ পাপুক বোৰ্ডিং হাউছলৈ পঠালে। মধুমিতাক পঠালে বায়েকৰ ওচৰলৈ লণ্ডনত। সৰুটো ঘৰতে আয়াৰ হাতত ডাঙৰ হ’বলৈ ধৰিলে। দুয়োটা ল’ৰাক আইতাকে মৰম নকৰিলেও অৱজ্ঞা কৰা নাছিল।

 অহুকাণে-পহুকাণে খবৰ পাই ৰমলা দত্ত আহিছিল সৰুটোক তুলি ল'বলৈ। আইতাকে যেন স্বৰ্গ হাতত পালে। ৰমলাৰ চৰ্তটো আছিল মধুমিতাই কোনো দিনে যেন তাক চাবলৈ নাহে।

 আঢ়ৈ বছৰীয়া ল'ৰা। মানুহ চিনি পায়। নতুন পৰিবেশত খাপখাইছে নে নাই চাবলৈ আইতাক মাজে মাজে আহিছিল। পিছে আইতাকক দেখিলে সি ৰমলাৰ কোলাত জাঁপ মাৰি উঠি সাবটি ধৰিছিল তেওঁক। আইতাকে কৰ্তব্যহে কৰিছিল, মৰম কৰা নাছিল। আয়াৰ লগতো মানসিক সম্পৰ্ক গঢ়ি উঠা নাছিল তাৰ। বহু বছৰৰ মূৰত লণ্ডনৰ পৰা উভতি আহি মধুমিতাই হেনো পুতেকক এবাৰ চাই যাব খুজিছিল। চৰ্তমতে ৰমলাই নিষেধ কৰিলে। আঢ়ৈ বছৰীয়া সেই মানসে ইতিমধ্যে নিশ্চয় বিয়া-বাৰুও কৰালে, নিজেও দেউতাক হ’ল কিজানি। মানুহক, তাকো নিজৰ সন্তানৰ মাতৃক পণ্য কৰি ব্যৱসায় কৰা তাৰ জন্মদাতা দেউতাকটোৰ কথা মানসে জানিলে নে, মাজে মাজে মই ভাবো।

 বৈচিত্ৰ্যৰে ভৰা এই বিশ্বত বোধকৰো আটাইতকৈ বিচিত্ৰ প্ৰাণী হ’ল মানুহ। মধুমিতাক তাইৰ স্বামীয়ে কিমান ডলাৰত বেচিছিল নাজানিলো। বোধহয় বহু ডলাৰত। মধুমিতা ৰূপৱতী আৰু আৰৱ শ্বেখৰ টকা অজস্ৰ। সেই ভয়ংকৰ গধুলি শ্বেখহঁতে [ ২২১ ] মধুমিতাক নাপাই হেনো আদিত্যক বিচাৰি বম্বে মহানগৰী চলাথ কৰিছিল। আদিত্যয়ো হোটেলৰ কোঠাত মধুমিতাক নেদেখি বোধকৰো পিছফালৰ চিৰিটোৰে পলাই অন্তৰ্ধান হৈ গৈছিল।

 মোৰ এই দীঘলীয়া জীৱনটোত বহু অভিজ্ঞতা হ’ল। মধুমিতাৰ ঘটনাটোৰ দৰে অকল্পনীয় কাহিনীও যে শুনিব লাগিব ই আছিল কল্পনাৰ সীমাৰ বাহিৰত। পৃথিৱীখন যে বিস্ময়ৰে ভৰা।