বাকীছোৱা জীৱন/নিৰ্মল আনন্দ প্ৰদান কৰা কেইটামান চৰিত্ৰ
নিৰ্মল আনন্দ প্ৰদান কৰা কেইটামান চৰিত্ৰ
চোৰ-ডকাইত-হত্যাকাৰী-ধৰ্ষক-নিপীড়ক-সন্ত্ৰাসবাদী আদিৰ বিষয়ে আলোচনা কৰি কৰি যেতিয়া দেহ-মন অশান্ত হৈ উঠে, যেতিয়া হাঁহিবলৈ পাহৰি যাওঁ তেতিয়া মনত পেলাওঁ কেইটামান নিমাখিত চৰিত্ৰক, যিসকলে মানুহক দিয়ে নিৰ্মল আনন্দ। জীৱনৰ বাটত লগ পোৱা তেনে কেইজনমানক স্মৃতিৰ জোলোঙাখনৰ পৰা উলিয়াই খাজি থ’লো মোৰ এই স্মৃতিকথাত। কেৱল দুজনমানৰ নামবোৰ সলাই দিয়া হ'ল।
চৰিত্ৰ নম্বৰ এক : কোকৰাঝাৰত পৰমা নামৰ আমাৰ এজন সাহায্যকাৰী ল’ৰা আছিল। আন এজনৰ প্ৰয়োজন হোৱাত গাঁৱৰ পৰা পৰমাই কানাই নামৰ ল’ৰা এজনক আনি দেউতাক ক’লে সি তাৰ ভাই। দেউতাই সুধিছিল— ‘আপোন ভাই নে?’ পৰমাই টপৰাই কৈছিল— ‘আপোন নহয়। টেম্প’ৰাৰী ব্ৰাদাৰ’। কথাষাৰ মনত পৰিলে আজি ষাঠি বছৰ পাছতো হাঁহি উঠে। আচলতে কানাই পৰমাৰ গাঁও সম্পৰ্কীয় ভাই, অৰ্থাৎ একেখন গাঁৱৰ ল’ৰা। টেম্প’ৰাৰী ব্ৰাদাৰ শব্দ দুটা আমাৰ ভনীকেইজনীৰ ভ’কেব্যুলাৰীত সেইদিনাৰে পৰা চিৰস্থায়ীভাৱে সোমাই গ'ল। আনকি আমাৰ ভিনীহিদেৱেও সেই শব্দটো ৰপ্ত কৰিছিল। শব্দটোৰে সৈতে পৰমাও থাকিল মনৰ মাজত।
চৰিত্ৰ নম্বৰ দুই আৰু তিনি : দুটা প্ৰাতঃস্মৰণীয় চৰিত্ৰ আমাৰ গুৱাহাটীৰ ঘৰৰ সাহায্যকাৰী ওখ-পাখ পাহুৱাল ডেকা মনু আৰু চুবুৰীয়াৰ সাহায্যকাৰী ক্ষীণ-মিন চাপৰ ওঠৰ বছৰীয়া কিশোৰ হেমন্ত। দুয়ো নলে-গলে লগা বন্ধু, আমি কওঁ লৰেল- [ ২০৯ ] হাৰ্ডি। চেহেৰাত বৈসাদৃশ্য থাকিলেও এটা বিষয়ত সাদৃশ্য ভালেখিনি। দুয়োৰে মগজুৰ নাট-বল্টুবোৰ ঢিলা আৰু দুয়ো কল্পনাবিলাসী। প্ৰতিদিনে মনুৰ কোঠাত দুপৰীয়া দুয়োৰে চলে নাটকৰ আখৰা, নহ'লে নাচ-গান। হঠাতে শুনিলো হেমন্তৰ মালিকে তেওঁৰ অফিচত তাক কাম এটা দিছে। মালিক ৰাতিপুৱা চাহ খাই যায়গৈ আৰু দহমান বজাত হেমন্তই তেওঁলৈ দুপৰীয়াৰ আহাৰ লৈ যায়। দুপৰীয়াবোৰ শান্তিপূৰ্ণ হোৱা বাবে সকাহ পাই মনুক নিতৌ দহোটাকৈ ইংৰাজী শব্দ শিকোৱাত লাগিলো। এইদৰে কিছুদিন পাৰ হোৱাৰ পাছত হঠাতে এদিন আকৌ লৰেল-হাৰ্ডিৰ নাটকৰ বচন কাণত পৰিল। মনুৰ কোঠালৈ গৈ হেমন্তক তাৰ অফিচ নাই নে কি জানিব খোজাত উত্তৰ শুনি কোনোমতে মোৰ হাঁহি ৰখাইছিলো।
‘আছে আইতা। পিছে তেনে চাকৰি কৰাত মই নাই, সদায় হেনো সময়মতে গৈ হাজিৰা দিব লাগে। সিদিনা যাওঁতে বাটত বান্দৰৰ নাচ দেখা পাই তাতে ৰৈ দিলো। মানুহৰ কি ভিৰ আইতা। সকলোৱে চাইছে, ময়ো চালো। বাপ্পা ঐ অফিচত সোমোৱাৰ লগে লগে কি ধম্কি। আপুনিয়ে কওক আইতা বান্দৰৰ নাচ ডাঙৰ নে অফিচ ডাঙৰ’।
গুৱাহাটীৰ সমীপৱৰ্তী কোনোবা গাঁও এখনৰ বাসিন্দা হেমন্তই হেনো ইয়ালৈ আহিহে প্ৰথম ৰে'লগাড়ী দেখিছে৷ ‘মিহি দুডাল লাইন’ৰ ওপৰেদি মস্ত ৰে'লখন যোৱা দেখিলে সি ভেবা লাগি চাই থাকে। ৰে’ল চাই থকা বাবেও মাজে মাজে তাৰ পলম হ’লে অফিচত গালি খায়। স্বাধীনচিতীয়া ল'ৰাটোৱে তেনে চাকৰিত ইস্তাফা দি মালিকৰ ঘৰৰখীয়া হৈয়ে থাকিল। ফলত দুপৰীয়াবোৰ সিহঁতৰ উৎপাতত মোৰ তেজৰ চাপ ঊৰ্ধ্বমুখে গতি কৰিবলৈ ল'লে।
হেমন্তৰ গৰাকীজন বৰ ভাল মানুহ। তেওঁ প্ৰায়ে অফিচৰ কামত বাহিৰলৈ যায়। তেতিয়া ল’ৰাটোৰ চালচলন দেখিলে ধাৰণা হয় সি বোধকৰো ভাবে I am the monarch of all I survey. এদিন গৰাকীজনে মোক লগ পাই ক’লে তেওঁৰ অনুপস্থিতিত হেমন্তই হেনো ফ্ৰীজৰ পৰা বিয়েৰ উলিয়াই খায়। মোৰ বিশ্বাস মনুৱে তাক সংগ দিয়ে।
এদিন মনুই তাৰ বন্ধু এজনক ৰে'লত উঠাই দিবলৈ পুৱা পাঁচ বজাত ঘৰৰপৰা ওলাই গৈছিল। হেমন্তই হঠাতে তাক দেখি তাৰ পিছ লৈ সিও ৰে'ল ষ্টেচন পালে। মনু আচৰিত। ‘বেটা, তই অকলে ওলাইছ বম্বেলৈ? তই তাত গৈ চিনেমা কৰিবি আৰু মই ইয়াত চিনেমা হলত তোক চাম, মোৰ বুকু ফাটি নাযাব? বাটে-ঘাটে মাৰি [ ২১০ ] থোৱা প'ষ্টাৰবোৰত তোক দেখিম, মোৰ কান্দোন নোলাব? ময়ো যাম। ইমান দিনে একেলগে নাটকৰ আখৰা কৰিলো, এতিয়া তই মোক এৰিবি?'— হেমন্তই হাত জোকাৰি জোকাৰি কৈছিল।
‘টিকটৰ পইছা আনিছ? বাটত চেকাৰে ধৰিলে কি কৰিবি?’ – মনুই কয়।
‘চাল্লা। ঘোচা এটা মাৰি বগৰাই দিম নহয়।’
‘বম্বে’ গৈ পাই কি কৰিবি?’
‘চিধা অমিতাভ বচ্চনৰ ঘৰলৈ গৈ ক’ম, ভাইচাব আপ অমিতাভ বচ্চন হোয়?’ তেওঁ ক’ব হুঁ। তেতিয়া মই ক'ম— ‘হাম অছমছে আয়া, চিনেমা মে হিৰো কা ভাও দে দিয়ক না। তেওঁ যদি কয় হিৰো কা ভাও নেই মিলেগা। তেতিয়া ভিলেইনৰ ভাওকে দিবলৈ কম। বচ্চনে ক’ব, ঠিক হ্যেয়। তাৰপাছত মোক আৰু কোনে পায়? গুৱাহাটীৰ বাটে-পথে প'ষ্টাৰত থাকিব মোৰ ছবি— হাতত পিষ্টল লৈ মস্তানৰ প’জত। বুটজোতাৰ ভিতৰত লুকুৱাই ৰাখিম ডেগাৰ আৰু মূৰত বান্ধিম ৰঙা পেটি। আতা-আবুহঁতে মোৰ ছবি দেখিলে ক’ব— হাউ, ই দেখোন আমাৰ হেমন্ত। ই ইমেন ডাঙাৰ মানুহ হ'ল? মোক গালি পাৰা অফিচৰ মানুহকেইটা, ঘৰৰ মালিক আৰু তহঁতৰ ঘৰৰ বুঢ়া-বুঢ়ীহালে ৱাহ, ৱাহ বুলি ক’ব। চিনেমাত মোৰ নাম হ’ব বাবা শ্বেৰ ডাকু।’
তাক ৰিক্সাত তুলি ঘৰলৈ আনিবৰ সময়ত তাৰ স্বপ্নভংগ কৰা বাবে মনুক ঘোচা মাৰি বগৰাই দিছিল।
সৌ সিদিনালৈকে ৰে'লগাড়ী নেদেখা সৰল-সহজ ল’ৰাটোক কেইমাহমান গুৱাহাটীত বাস কৰাৰ পাছত টিভি, তৃতীয় শ্ৰেণীৰ চিনেমা আৰু পল্টনবজৰুৱা জীৱনে এটা লাফাংগা চৰিত্ৰলৈ ৰূপান্তৰিত কৰিলে।
চৰিত্ৰ নম্বৰ চাৰি :' নৃতাত্ত্বিক তথ্য-পাতি সংগ্ৰহ কৰিবলৈ এটা সময়ত কোকৰাঝাৰৰ ওচৰা-উচৰি গাঁও কেইখনমানলৈ যাওঁতে সৰ্বানন্দ নামৰ কিশোৰজনৰ পৰিয়ালটোৰে চিনাকি হৈছিলো। সপ্তম নে অষ্টম শ্ৰেণীত পঢ়িছিল যদিও পঢ়া-শুনাত তাৰ সমূলি ৰাপ নাই। দেউতাকে নিবিচাৰে পুতেকহঁত তেওঁৰ দৰে হালোৱা হওক। সৰ্বানন্দ আছিল বৰপুত্ৰ। তেওঁৰ আন্তৰিক ইচ্ছা ল'ৰাটোৱে মেট্ৰিক পাছ কৰি কোকৰাঝাৰ কাছাৰীত মহৰি কাম কৰক। ময়ো তাক বুজালো যাতে মনপূতি পঢ়া-শুনা কৰি দেউতাকৰ মনৰ ইচ্ছা পূৰণ কৰে। সি কয় মহৰি কিয় স্থানীয় এল পি স্কুলখনৰ মাষ্টৰ এদিন হ’বই। পৰীক্ষালৈ তেতিয়া চাৰি-পাঁচ মাহ বাকী। সি নিশ্চিত পৰীক্ষা তাৰ ভাল [ ২১১ ] হ’ব।
কেইমাহমানৰ পাছত একেটা উদ্দেশ্যেৰে সেইখন গাঁওলৈ আকৌ গৈছিলো। আন এটা পৰিয়ালৰ মুখে শুনিলো গাঁওখনলৈ এবাৰ আহিছিল এজন জ্যোতিষী। নিজ নিজ ভৱিষ্যৎ সুৰক্ষা কৰিবলৈ গঞা ৰাইজে তেওঁৰ পৰা তাবিজ-মাদলি ইত্যাদি লৈ ধাৰণ কৰিলে। ছাত্ৰসকলেও ভিৰ কৰিছিল পৰীক্ষাত পাছ হ’বলৈ দিহা-পৰামৰ্শ বিচাৰি সৰ্বানন্দই তাবিজ এটাৰ বাবে পেঘেনিয়াই আছিল। জ্যোতিষীয়ে কাগজ এডোখৰত কিবা কিবি লিখি মন্ত্ৰ-চন্ত্ৰ মাতি তাবিজ এটাত ভৰাই ল'ৰাটোৰ ডিঙিত আৰি দিছিল। লগতে কৈছিল পৰীক্ষাৰ ফল ওলোৱাৰ দিনা কাগজখন উলিয়াই যেন পঢ়ে।
পৰীক্ষাৰ ফল এদিন ওলাল। প্ৰায় আটাইকেইটা বিষয়ত শূন্য পাই সৰ্বানন্দ ফেইল কৰা বুলি গম পাই আমি কম দুঃখিত হোৱা নাছিলো, বিশেষকৈ দেউতাকৰ কথা ভাবি। শুনিলো তাবিজটো ধাৰণ কৰাৰ পাছত সৰ্বানন্দৰ হেনো কিতাপৰ লগত সম্পৰ্ক বিচ্ছিন্ন হৈ গৈছিল। যি কি নহওক, জ্যোতিষীৰ কথামতে ফেইল কৰাৰ পাছত ল'ৰাজনে তাবিজটোৰ পৰা কাগজ ডোখৰ উলিয়াই পঢ়িলে। তাত লিখা আছিল— গাধ, নপঢ়িলে পাছ কৰিবি কেনেকৈ? জ্যোতিষীও ইমান ৰসিক হয় নে? তেওঁক যদি এবাৰ লগ পালোহেঁতেন!
চৰিত্ৰ নম্বৰ পাঁচ : কেই বছৰমান আগতে সহায়কাৰী হিচাপে গুৱাহাটীলৈ আহিছিল গাঁৱৰ ল’ৰা ভূপতি। কিতাপৰ প্ৰতি অলপো ৰাপ নথকা ল’ৰাজনে আমাৰ ঘৰত পঢ়া-শুনাৰ পৰিবেশ দেখি লাহে লাহে এইখন জগতৰ প্ৰতি আকৰ্ষণ বোধ কৰে। ক্লাছ এইটলৈকে পঢ়া ল'ৰাটোক সি বুজি পাব পৰা কিতাপ-পত্ৰ পঢ়িবলৈ দিছিলো। ভূপতি অলপ চেৰাবলিয়া স্বভাৱৰ আছিল৷ ৰাজনীতিত তাৰ কিছু ইনটাৰেষ্ট নথকা নহয়, পিছে মানসিক স্থিৰতাৰ অভাৱ। আজি যদি কংগ্ৰেছ দলৰ প্ৰতি অনুগত, কাইলৈ বিজেপিৰ, পৰহি অগপৰ। কেতিয়াবা আকৌ আলফাত যোগ দিয়াৰো ইচ্ছা। এন ডি এ চৰকাৰৰ শাসনৰ সময়ত সি অটলবিহাৰী বাজপেয়ীক (টিভি চাই চাই) ইমানে ভালপোৱা হ'ল যে বিজেপিৰ সদস্য হ’বলৈ সিদ্ধান্ত লৈছিল। মই কোনো সভা-সমিতিলৈ যাবলগীয়া হ’লে বাজপেয়ীৰ দৰে চকু মুদি ৰৈ ৰৈ ভাষণ দিবলৈ শিকাইছিল মোক।
সেই সময়ত বিষ্ণু ৰাভাৰ জন্মদিন উপলক্ষে কাগজে-পত্ৰে ওলোৱা কেইটামান প্ৰবন্ধ পঢ়ি ভূপতিয়ে মোক সুধিলে বিষ্ণু ৰাভাক কমৰেড বুলি কয় কিয়? কম বয়সত (কমডেড্) ঢুকোৱা বাবে? কোনোমতে হাঁহি ৰখাই কমৰেডৰ অৰ্থ বুজালো। আৰু [ ২১২ ] দুটামান লেখা পঢ়ি পিছদিনা বিষ্ণু ৰাভা সম্পৰ্কে আন এটা এনে প্ৰশ্ন সুধিলে যে মোৰ উশাহ চুটি হৈ আহিছিল।
‘বিষ্ণু ৰাভাকতো আপোনালোকে দেখিছে, তেওঁ কিচ্কিচীয়া ক’লা আছিল নহয়।’
ই নিৰ্বাক হৈ তাৰ মুখলৈ চাই থকা দেখি সি নিজেই উত্তৰ দিলে, ‘মানে তেওঁক কলাগুৰু বুলি কোৱা হয়তো’। কলাৰ অৰ্থ বুজাবলৈ চেষ্টা কৰিছিলো, বুজিলে নে নাই গম নাপালো। কেইদিনমান তাৰ মুখত বিষ্ণু ৰাভাৰ বাহিৰে আন কথা নাই। হঠাতে এদিন মূৰটো খজুৱাই খজুৱাই সি ঘোষণা কৰিলে— ‘আজিৰে পৰা বাজপেয়ী আউট, কলাগুৰু ইন্। কলাগুৰুৱে তেওঁৰ আঢ়ৈশ বিঘা মাটি দুখীয়াক দিছে, বাজপেয়ীয়ে কি দিছে? এইবাৰ গাঁৱলৈ গৈ সকলোকে কমিউনিষ্ট বনাম বাপ্পেকে। কলাগুৰু জিন্দাবাদ'।
চেৰাবলিয়াই হওক বা বলিয়াই হওক কিতাপত ৰাপ নোহোৱা ল’ৰাটো আমাৰ ঘৰলৈ অহাৰ পাছত কিতাপৰ প্ৰতি আগ্ৰহী হয়। দুপৰীয়া ভাত খাই উঠি বাতৰি কাকতখন হাতত লোৱাটো তাৰ অভ্যাসত পৰিণত হৈছিল। ভূপতি অকলেই নহয় কিতাপত নো কি আছে জানিবলৈ আগ্ৰহী হৈছে আমাৰ লগত থাকিবলৈ অহা প্ৰায়বোৰ সাহায্যকাৰী। বৰ্তমানে আমাৰ লগত থকা সুৰো নামৰ অনাখৰী মহিলাগৰাকী পঢ়িব নাজানিলেও আলোচনীবোৰ লিৰিকি বিদাৰি চায়। ছবি চাই চাই তেওঁ অনেককে জনা হৈছে। গধুলি সাত বাজিলে দূৰদৰ্শনত অসমীয়া বাতৰি বুজক নুবুজক শুনিবই। তেওঁৰ মনতো বহু প্ৰশ্ন জাগে, উত্তৰ বিচাৰি আহে মোৰ ওচৰলৈ। পাকিস্তান ক’ত, বাংলাদেশ ক’ত, বিজুলী ক'ৰপৰা আহে, মাটিৰ তলত কি আছে, জোন-বেলি-তৰা আকাশৰ গাত কেনেকৈ ওলমি থাকে ইত্যাদি বহু প্ৰশ্ন তেওঁৰ। প্ৰায়ে কয় যে আমাৰ ঘৰলৈ আহি বহু নজনা কথা জানিলে, নুশুনা কথা শুনিলে। তেওঁ সংগীতপ্ৰিয়ও। ভূপেন হাজৰিকা আৰু পুলক বেনাৰ্জী তেওঁৰ প্ৰিয় গায়ক, যদিও এজনৰ নামো তেওঁ নাজানে। ৰেডিঅ'ত গান শুনি শুনি তেওঁলোকৰ কণ্ঠস্বৰৰ সৈতে চিনাকি হৈছে। নিখিলেশ বৰুৱাৰ গোৱালপাৰীয়া গানৰ চিডিখন শুনাবলৈ পেঘেনিয়াই থাকে মানুহজনীয়ে। সম্প্ৰতি তাই চহীটো কৰিবলৈ চেষ্টা কৰি আছে।
ভূপতিৰ কথালৈ উভতি যাওঁ। কেই বছৰমানৰ আগতে কিছুদিনৰ বাবে ৰঙা ৰঙৰ মঙল গ্ৰহটো আকাশত উজ্জ্বল হৈ জিলিকি থকাৰ সময়ত ভূপতিয়ে সৌৰজগত সম্পৰ্কে কিছু জ্ঞান অৰ্জন কৰিছিল। মঙল গ্ৰহৰ বিষয়ে কাগজত কিবা ওলালে সি মনযোগ দি পঢ়িছিল। গ্ৰহটোলৈ মানুহ যাব, তাত মাটি আছে পানী আছে ইত্যাদি বিষয়ে অৱগত হোৱাৰ পাছত মোক এটা ‘সুখবৰ’ দিবলৈ আহিল এদিন। দেউতাকৰ [ ২১৩ ] মাটিডৰা পাঁচ ভাই-ককাইৰ ভিতৰত ভাগ হ’লে কালৈকো নুজুৰিব। গতিকে মঙল গ্ৰহত মাটিৰ দাম বঢ়াৰ আগতে সি কিছু কিনি থ'ব খোজে, যেন তাৰ নাতি-পুতিয়েও খাই-বই সুখেৰে থাকিব পাৰে। তাৰ প্ৰস্তাৱ শুনি মই স্বগতোক্তি কৰিছিলো— অল্পবিদ্যা ভয়ংকৰী। পিছে মঙল গ্ৰহলৈ যাবলৈ তাৰ মনত সংশয় এটা আছে। শূন্যতে ওলমি থকা গ্ৰহটোৰ পৰা যদি ধুমকৈ পৰি যায় হাত-ভৰি ভাগি নমৰিব নে? মই অভয় দি কৈছিলো যে বিজ্ঞানীসকলে নপৰাৰ ব্যৱস্থা কৰি দিব।
মোৰ কথা শুনি সি আশ্বস্ত হৈ কৈছিল যে তালৈ যাওঁতে কেইদিনমানৰ বাবে খোৱা-বোৱাৰ সা-সামগ্ৰী লগত লৈ যাব লাগিব। কিছু খৰি, চাউল, নিমখ, তেল আৰু আলু নিলেই যথেষ্ট। মই তাক কৈছিলো দিয়াচলাই এটা নিবলৈ যেন নাপাহৰে।
মঙল গ্ৰহলৈ যোৱাৰ স্বপ্নত বিভোৰ হৈ থকা ভূপতিয়ে হঠাতে দুদিনমান পাছত উত্তেজিত হৈ আহি ক'লে— ‘জেঠী, আচল বস্তুটো নিয়াৰ কথাইতো মনত নাছিল। অন্ততঃ এহাল গৰুতো নিবই লাগিব। মাটি চহাম কেনেকৈ?’
ভূপতি সঁচাকৈয়ে এটা মনত ৰাখিবলগীয়া চৰিত্ৰ।
চৰিত্ৰ নম্বৰ ছয় : কলিকতা বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা আৰতি বাইদেউৰ বায়েক ছোড়দি— অৰ্থাৎ সৰু বাইদেউ— আমাৰো ছোড়দি। ছোড়দিৰ ল'ৰা-ছোৱালী হালেই বিদেশবাসী আৰু আৰতিদি নিঃসন্তান। গতিকে দুয়ো অকলশৰীয়া বাই-ভনী একেলগে থাকে ৷ দুয়ো বৰ সাদৰী আৰু ৰসৰ ভঁৰালো৷ ছোড়দি ৰন্ধন পটিয়সী। তেওঁ ৰন্ধা আঞ্জাৰ জুতি বহুদিনলৈ জিভাত লাগি থাকে। ৰন্ধা বঢ়া, পূজা কৰা আৰু গল্প কিতাপ পঢ়া ছোড়দিৰ জীৱনৰ ঘাই কাম। তেওঁৰ গোসাঁই ঘৰটো চাবলগীয়া। আহল-বহল কোঠাটোৰ ইমূৰৰ পৰা সিমূৰ অধিকাৰ কৰি আছে এক ডজনমান হিন্দু দেৱ-দেৱীৰ মূৰ্তিয়ে। দেৱীতো নহয় এওঁলোক যেন ছোড়দিৰ খেলৰ পুতলা। এওঁলোকক গা ধোৱায়, খুৱায়, ৰাতি গাদী থকা বিছনাত শুৱায়, পুৱা জগায়, নতুন নতুন ফেশ্বনৰ কাপোৰ পিন্ধায় আৰু ক’ত যে কি নকৰে! ইমানৰ পাছতো তেওঁ ভগৱানসকলৰ মাজত যীশুৰ অভাৱ বোধ কৰে।আৰতিদি চেমিনাৰ-কনফাৰেন্স আদিত অংশগ্ৰহণ কৰিবলৈ প্ৰায়ে দেশ-বিদেশলৈ যায়। এবাৰ ক'ৰবাৰ পৰা বায়েকলৈ আনিলে এটা যীশুৰ মূৰ্তি। ছোড়দিৰ জীৱনৰ এটা অপূৰ্ণ বাসনা পূর্ণ হ’ল। যথা সময়ত গোসাঁই ঘৰত মূৰ্তিসকলৰ শাৰীৰ এটা মূৰত যীশুৱেও স্থান পালে। পিছে চাহাব হোৱা বাবে তেৰাক স্থান দিলে এখন টেবুলৰ ওপৰত। হিন্দুৰ দেৱতা বাহিনীলৈ ফল-মূল-মাহ আদি আগবঢ়োৱাৰ বিপৰীতে যীশুলৈ আগবঢ়োৱা হয় টফী, পাওৰুটি, বিস্কুট, কেক [ ২১৪ ] ইত্যাদি। গধূলি বাকীসকলৰ সন্মুখত চাকি-বন্তি আৰু চাহাবৰ ভগৱানৰ আগত মমবাতি জ্বলোৱা হয়। এইদৰে কিছুদিন পাৰ হোৱাৰ পাছত ছোড়দিৰ মগজুত এটা নতুন চিন্তাৰ ঢৌৱে খুন্দা মাৰিবলৈ ধৰিলে।
এদিন গধূলি দুয়ো বাই–ভনীয়ে বেলকনিত বহি পূৰ্ণিমাৰ নিশাটো উপভোগ কৰি আছিল। এনেতে ছোড়দিয়ে ভনীয়েকক ক'লে যীশুৰ পূজাত অলপ ত্ৰুটি থাকি গৈছে। গধূলি তেৰালৈ অলপ ওৱাইন আগবঢ়াব পাৰিলে ভাল আছিল। হাজাৰ হওক খ্ৰীষ্টানৰ দেৱতা। সেইদিনৰে পৰা এবটল ওবাইন আনি দিবলৈ ভনীয়েকক বায়েকে পেঘেনিয়াই থাকিবলৈ ধৰিলে। কলেজলৈ আহি আৰতিদিয়ে আমাক কয় আৰু আমি হাঁহি মৰো।আৰতিদিৰ মতে ছোড়দিৰ উদ্ভট ইচ্ছা পূৰণ কৰা বৰ ডাঙৰ কাম নহয়। ওৱাইনৰ দোকানখনো ওচৰতে। ডাঙৰ কথা হ’ল সেইখন দোকানত সোমোৱা দেখিলে ছাত্ৰ-ছাত্ৰীবোৰৰ চকু কপালত উঠিব আৰু পিছদিনাখনেই মেডামে মদ খায় বুলি আলোচনা কৰা কথাষাৰ বিশ্ববিদ্যালয় কেম্পাছত বনজুইৰ দৰে বিয়পি পৰিব। আশীবছৰীয়া ছোড়দিক এইবোৰ কথা বুজাব নোৱাৰি। অৱশেষত এদিন গুণাগঁথা কৰি ছোড়দিক কোৱা হ'ল যে যীশু চাহাবৰ দেৱতা হ'লেও তেওঁৰ এছিয়া মহাদেশত জন্ম। এছিয়াৰ মানুহে আজিকালি মদ্যপান কৰিলেও যীশুৰ আমোলত ই আছিল নিষিদ্ধ। ভনীয়েকৰ কথাত পতিয়ন গৈ গধূলি যীশুৰ সন্মুখত একাপকৈ চাহ বা কফি দিয়াৰ ব্যৱস্থা কৰিছিল ছোড়দিয়ে।
জীৱনত বহু ধাৰ্মিক মানুহৰ সান্নিধ্যলৈ আহিছো। পিছে ছোড়দিৰ দৰে নিজৰ গোসাঁইঘৰত যীশুক পূজা কৰা কোনো হিন্দুক আজিলৈকে লগ পোৱা নাই। সম্প্ৰতি সৰ্বধৰ্মত বিশ্বাসী মোৰ ভাগিন এজনক দেখিলো ৰমজান পালন কৰিবলৈ। মুছলমান হজযাত্ৰী বন্ধুৰ হতুৱাই মক্কাৰ পৰা অনাইছে জম্জমৰ পানী। তাৰে এবটল মোলৈ পঠাইছে। এই পানীৰ হেনো ঔষধীয় গুণ আছে। আনহাতে বেদ-উপনিষদ আৰু ধৰ্মীয় কিতাপ-পত্ৰৰ তেওঁ নিয়মীয়া পাঠক। সকলো ধৰ্মৰ প্ৰতি সমানে শ্ৰদ্ধাশীল আমাৰ ব্যক্তিক্ৰমী ভাগিনজনক মই শ্ৰদ্ধাৰ চকুৰে চাওঁ।
চৰিত্ৰ নম্বৰ সাত : Rice should be sticky. কলিকতা বিশ্ববিদ্যালয়ত মোৰ চিনাকি অধ্যাপিকা লতিকাদিৰ তত্ত্বাৱধানত কাম কৰিবলৈ এবাৰ দক্ষিণ কোৰিয়াৰ পৰা আহিছিল এজন ৰিছাৰ্চ স্কলাৰ। আমাৰ চকুত দেখিবলৈ চীনা যেন লগা যুৱকজনৰ নামটো মনত পৰা নাই যদিও ইয়াত তেওঁক বেন্ বুলি উল্লেখ কৰিম। লতিকাদিয়ে তেওঁৰ বান্ধৱী শীলাৰ ঘৰত বেনক পেয়িং গেষ্ট হিচাপে থকা-মেলাৰ ব্যৱস্থা কৰি [ ২১৫ ] দিছিল। লতিকাদিহঁতৰ দৰে শীলাও অভিজাত পৰিয়ালৰ। তেওঁৰ স্বামীয়ে দুটা পুত্ৰ-সন্তান আৰু ভাবী নাতি-আজোনাতিসকলৰ ভৱিষ্যৎ কটকটীয়া কৰিবলৈ বিৰাট ঘৰ এটা সাজিছিল। সেইটো ঘৰ এতিয়া চৰণীয়া পথাৰ। কিয়নো ‘সফল’ পুতেক দুজন ভাৰতৰ বাহিৰত কাম কৰে, শীলাৰ স্বামীও প্ৰয়াত। গতিকে এই বিশাল সাম্ৰাজ্যত মৰিশালিৰ নিস্তব্ধতা। শুভাকাংক্ষীসকলে বিদেশৰ পৰা অহা ছাত্ৰ-ছাত্ৰীক পেয়িং গেষ্ট কৰি ৰখাৰ দিহা দিয়াত শীলাই কিছু সকাহ পাইছিল। বেনো তাতেই আশ্ৰয় পালে। দক্ষিণ পূব এছিয়াৰ মানুহে আমাৰ দৰেই ভাত খায়। আমিও তো একেটা অঞ্চলৰে। পিছে তেওঁক লৈয়ে আটাইতকৈ বেছি সমস্যা হ’ল শীলাৰ। শীলাই হেনো ভাত ৰান্ধিবলৈ নাজানে। জহা, বাচমতী কোনো চাউলেই ল’ৰাজনৰ পছন্দ নহয়। ভাত খাবলৈ বহিলেই হেনো তেওঁৰ চকুপানী ওলায়। এদিন শীলাই জুতি-পুতি কৰি ৰান্ধি দিলে বিৰিয়ানী। সিদিনা বেনৰ ভাতে খোৱা নহ'ল। তেওঁ কয় Rice should be Sticky। মহা সমস্যাত পৰি শীলাই লতিকাদিলৈ ফোন কৰিলে। অৱশেষত দুয়ো পৰামৰ্শ কৰি ঠিক কৰিলে বেছিকৈ পানী দি চাউলখিনি সিজাবলৈ, যেন অলপ আঠা আঠা হয়। সিদিনা ভাতৰ পাতত বহি বেনে ক'লে— ভাৰতত থকা বাকী কেইমাহ তেওঁক পাওৰুটি দিলেই হ’ব। গ'ল কথা গুচিল।
বোধকৰো পিছৰ বছৰ আমি প্ৰথম আমেৰিকালৈ গৈছিলো। তেতিয়া আছিল ভোগালী বিহুৰ বতৰ। অসমীয়া পৰিয়াল এঘৰে আমাক বিহু খাবলৈ মাতোতে আমাৰ গৃহস্থই তেওঁলোকক কৈছিল— ‘এইখন দেশত তিল, নাৰিকল, গুড় আৰু বিশেষকৈ বৰা চাউল ক’ত পাবা? কিবা চাহাবী পিঠাকে খুৱাবা নিশ্চয়।’ মহিলাগৰাকীয়ে মিচিকি হাঁহি এটাহে মাৰিছিল। নিৰ্দিষ্ট দিনত গৈ দেখিলো বৰা চাউলৰ শুকান পিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু সকলো আছে। আমেৰিকাত নোপোৱা বস্তু একোৱেই নাই। বৰা চাউল হেনো আনিছে কোৰিয়ান দোকানৰ পৰা। তৎক্ষণাতে মোৰ মনত পৰিল বেনলৈ—rice should be sticky তেওঁলোকে নিশ্চয় বৰা চাউলৰ আঠা আঠা ভাত খায়। অসমকে লৈ সমগ্ৰ দক্ষিণ পূব এছিয়াত বোধকৰো বৰা ধান উৎপন্ন হয়। ভাৰতৰ আন কোনো ৰাজ্যতে এই বিধ চাউল দেখা নাই। তছলিমা নাছৰিনে পাৰৰ মাংসৰে ‘বিৰুই’ চাউলৰ ভাত খোৱাৰ কথা লিখিছিল। এই বিৰুই চাউল যদি বৰা চাউল হয় তেনেহ'লে পূৰ্ববংগতো সম্ভৱ বৰা ধানৰ খেতি হয়। পশ্চিমবংগত কিন্তু নহয়, হোৱা হ'লে শীলাৰ দুৰ্গতি নহ'লহেঁতেন।
ভাবিছিলো লতিকাদি আৰু শীলাক বৰা চাউল খুৱাম। কিন্তু সেই ইচ্ছা আৰু [ ২১৬ ] পূৰণ নহ'ল। ইতিমধ্যে শীলা প্রয়াত। আনহাতে লতিকাদি অৱসৰগ্ৰহণ কৰি একমাত্ৰ পুত্ৰৰ লগত মুম্বাইবাসী হৈ আছে। বর্তমানে মোৰ লগত সম্পর্ক ছিন্ন। পিছে দুয়োকে চিঠিৰে ১৯৯২ চনতে sticky rice ৰ খবৰ দিছিলো।