বাকীছোৱা জীৱন/নষ্টালজিয়া

[ ৩০৮ ]

নষ্টালজিয়া

 উপজিবৰ মুহূৰ্তৰে পৰা বায়’ল'জিকেল ঘড়ীটো টিক্‌টিকাই আছে। এতিয়ালৈকে যে বেটাৰী ডাউন হোৱা নাই ই পৰম সৌভাগ্য। ইতিমধ্যে আমাৰ সমসাময়িক অনেকৰ সেই ঘড়ীটোৰ টিক্‌টিকনি স্তব্ধ হৈছে। ৰাতিপুৱা সাৰ পাই ভাবো তেনেহলে এটা দিন বোনাচ পালো। আজিকালি প্ৰায়ে এৰি অহা অতীতৰ দিনবোৰলৈ মনত পৰে। নপৰিব কিয়? ভৱিষ্যৎতো নাই, অতীত আৰু বৰ্তমানেই শেষ সম্বল।

 প্ৰায়ে মনত পৰে কটন কলেজত পঢ়া দিনবোৰলৈ। সপোনত প্ৰায়ে দেখো গণিতত ফেল কৰা, নাইবা পৰীক্ষা হল পাওঁতে পলম হোৱা, এডমিট কাৰ্ড হেৰোৱা ইত্যাদি। সপোনতে আফচোচ কৰো বি এছ চি পাছ কৰা নহ’ল বাবে। সহপাঠী বন্ধু (যাক ক্লাছ ফ্ৰেণ্ড বুলিয়ে কওঁ) সকললৈ মনত পৰে। গুৱাহাটীলৈ স্থায়ীভাৱে অহাৰ পাছত এবাৰ [ ৩০৯ ] তেওঁলোকক লগ পাবলৈ মনটো অস্থিৰ হৈ উঠিছিল। আহিয়ে শুনিছিলো আমাৰ ক্লাছৰ আটাইতকৈ ৰসিক ছাত্ৰ নৰেন গোস্বামী নাই। গতিকে বাকী ঘনিষ্ঠকেইজনমানক পাবলৈ মনটো ব্যাকুল হোৱা স্বাভাৱিক।

 আমাৰ জমানাৰ (১৯৪৭ চন) নিয়মমতে কলেজৰ প্ৰথম দুটা বছৰ ছাত্ৰসকলৰ লগত বাক-বিনিময় কৰাত বাধা আছিল, যেন তেওঁলোক বাঘ আৰু আমি ছাগলী। অৱশ্যে বাঘ-ছাগলী সম্পৰ্কটোৰ আঁৰত কিছুমান কাৰণ নথকা নহয়। আমি নাম লগোৱাৰ কেইবছৰমান পাছলৈকে সহশিক্ষাৰ প্ৰচলন থকা কলেজতো ছাত্ৰ আৰু ছাত্ৰীয়ে পৰস্পৰৰ সৈতে বন্ধুত্ব কৰা দূৰৈৰ কথা বাক-বিনিময় কৰাৰো পৰিবেশ নাছিল। সেই সময়ত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা আছিল মুষ্টিমেয়। সমাজৰ অধিকাংশই আছিল ৰক্ষণশীল। আমাৰ তিনিশজনীয়া ক্লাছটোত ছোৱালীৰ সংখ্যা আছিল তেৰজনী। আজি ভাবিলে হাঁহি উঠে ছাৰহঁত ক্লাছত সোমোৱাৰ পাছতহে আমি ক্লাছত সোমাইছিলো আৰু তেওঁ ওলোৱাৰ আগত ওলাইছিলো। পিছে কেতিয়াবা দুই-এগৰাকী ছাৰৰ আচৰণহে আছিল বাঘৰ দৰে, ছাত্ৰৰ নহয়। আমাৰ সমাজত তেতিয়াৰ যুগত সহজভাৱে ল’ৰা-ছোৱালীৰ মাজত মিলা-মিচা কৰাৰ ৰীতি নথকাবাবেই নিয়মটো মানি লৈছিলো। ঘৰতো আত্মীয়-স্বজনৰ বা ঘৰুৱা বন্ধু-বান্ধৱৰ ল’ৰাৰ বাহিৰে আন কোনো ল’ৰাৰ লগত কথা কোৱা নাছিলো! যি কি নহওক সহশিক্ষাৰ কলেজত পঢ়িলেও আমি লগৰ ছোৱালীবোৰৰ লগতে কথা পাতিছিলো আৰু অফ্পি ৰিয়ডত সন্দিকৈ কলেজলৈ গৈ সেইখন কলেজৰ ছোৱালীৰ সৈতে আড্ডা মাৰিছিলো। পাণবজাৰত মাজে সময়ে পাক এটা মৰাও আমাৰ ৰুটিনৰ অন্তৰ্ভুক্ত আছিল। জামাতুল্লাত কোল্ড ড্রিংক, শ্বেখ ব্রাদাৰ্ছত কেক আৰু গুৱাহাটী ডায়েৰীত মিঠাই খোৱা আছিল আমাৰ নিচা।

 আজিৰ ছোৱালীবোৰে মুকলিমূৰীয়া হৈ অকলেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰে। আজিৰে পৰা যাঠি-সত্তৰ বছৰ আগতে খাটি খোৱা মেহনতী মহিলা বাহিৰলৈ ওলালেও তথাকথিত ‘ভদ্র’ পৰিয়ালৰ মহিলাই প্ৰয়োজনত লগ এটা লৈহে ওলাইছিল। মনত আছে আমাৰ মা-খুৰীহঁত দিনৰ পাছত দিন ধৰি ঘৰৰ চাৰিবেৰৰ মাজতে কটাইছিল। কেতিয়াবা ইঘৰ-সিঘৰলৈ যাবলগীয়া হ'লে ওৰণি-চৰণি লৈ আগে-পিছে দুটা ‘দেহৰক্ষী’ লৈহে গৈছিল। যোৱা যাঠি-সত্তৰ বছৰৰ ভিতৰতে দ্ৰুত গতিত সামাজিক পৰিবৰ্তন হোৱা দেখিলো। বৈপ্লৱিক পৰিবৰ্তন বুলিয়ে ক’ব পাৰি। বৰ্তমান যুগত এতিয়াৰ ছোৱালীৰ কথা বাদেই, আমি যিসকলে এসময়ত বাহিৰৰ কাম কৰাৰ কথা ভাবিব [ ৩১০ ]

নষ্টালজিয়া। ভুবন মোহন দাসৰ ঘৰত সহপাঠীৰ সৈতে লেখিকা

[ ৩১১ ] পৰা নাছিলো তেওঁলোকেই এতিয়া হাতত মোনাখন লৈ হাট-বজাৰ কৰো, ৰন্ধন গেছৰ বাবে শাৰী পাতো, বিজুলী-ফোন আদিৰ বিল দাখিল কৰো, ঠেলা-হেঁচা কৰি পাব্লিক বাছত ঘূৰি ফুৰো। আমাৰ বাহিৰে কোনো এটা যুগৰ মানুহে নিজৰ জীৱনকালত ইমান দ্রুত গতিত সামাজিক পৰিবৰ্তন দেখা নাই।

 চল্লিশ-পঞ্চাশৰ দশকত কলেজত পঢ়া সহপাঠীসকলৰ কথা উলিয়াইছিলো, অবাধ্য কলমে বেলেগ বাটেৰে এপাক ঘূৰাই আনিলে। ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বাঘ-ছাগলী সম্পৰ্কটো বি এছ চি ক্লাছত শিথিল হ’বলৈ ধৰিছিল, বিশেষকৈ প্রেকটিকেল ক্লাছত। ধীৰে ধীৰে নিৰ্ভেজাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল পৰস্পৰৰ মাজত। তাৰ পাছত এদিন কলেজৰ পৰা পাছ কৰি ওলাই সকলোৱে জীৱন যুদ্ধত ব্যস্ত হৈ পৰিলো । বন্ধু-বান্ধৱীৰে যোগাযোগ বিচ্ছিন্ন হ’বলৈ ধৰিলে। আজিৰ দৰে ম'বাইল ফোন, ফেচবুক, ইণ্টাৰনেট, ই-মেইল আদি যোগাযোগৰ মাধ্যম থকা হ'লে হয়তো চকুৰ বাহিৰে হ’লে মনৰো বাহিৰ হ’বলগীয়া অৱস্থা নহ'লহেঁতেন।

 কিন্তু এহো বাহ্য। সঁচা অৰ্থত মনৰ বাহিৰলৈ যে যোৱা নাছিল তাক উপলব্ধি কৰিলো ব্যস্ততাৰে ভৰা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত। বহু বছৰ অসমৰ বাহিৰত কটাই যোৱা শতিকাৰ নব্বৈৰ দশকত গুৱাহাটীলৈ স্থায়ীভাৱে আহি প্ৰথমতে কিয় মনত পৰিল সহপাঠীসকললৈ? মনৰ কোনোবা কোণত আছিল বাবেহে। সকলোকে একেলগে লগ পাবলৈ মনটো ব্যাকুল হৈ পৰিছিল। এনেতে এখন বিয়াত হঠাতে লগ পালো ভুবনক। ভুবন হ’ল খ্যাতনামা নৃতত্ত্ববিদ ড° ভুবনমোহন দাস, যাৰ খ্যাতি ভুবনজোৰা। তেওঁক মই চেমিনাৰ-কনফাৰেন্স আদিত দিল্লী-কলকাতাত মাজে মাজে লগ পাইছিলো, কনফাৰেন্স আদিৰ সভাপতি বা মুখ্য আলোচক হিচাপে। দিল্লীত অনুষ্ঠিত আন্তর্জাতিক নৃতাত্ত্বিক কনফাৰেন্সত তেওঁ পৰিচালনা কৰা চেমিনাৰত মই গৱেষণাপত্ৰ এখন পাঠ কৰিছিলো। পিছে তেনে পৰিস্থিতিত তেওঁক বন্ধু হিচাপে পোৱা সম্ভৱ নাছিল। তাৰে মাজত অৱশ্যে এদিন সময় ওলাইছিল। কনফাৰেন্সত যোগদানকাৰী দেশ-বিদেশৰ প্ৰতিনিধিসকলক দিল্লী দৰ্শন কৰাবলৈ কেইবাখনো বিলাসী গাড়ীৰ ব্যৱস্থা কৰা হৈছিল। তাৰে এখনত ভুবনৰ সহযাত্ৰী হৈছিলো ‘ক্লাছফ্ৰেণ্ড’ হিচাপে।

 যি কি নহওক, বিয়া ঘৰত তেওঁক জোৰ দি ক’লো পুৰণি সহপাঠীসকলক যেনে-তেনে একেলগ কৰিবলৈ। ফলত কেইদিনমানৰ ভিতৰতে ১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহৰ এটা আবেলি আমি এক ডজন প্রাক্তন কটনিয়ান সহপাঠী বন্ধু সমবেত হ’লো ভুবনৰ [ ৩১২ ] পাণবজাৰৰ ঘৰত কটন কলেজ এৰাৰ সাতচল্লিশ বছৰ পাছত। নিমিষতে আমাৰ বয়স সাতচল্লিশ বছৰ কমি আহিছিল। চকুৱে-মুখে আটাইৰে মুখত বিৰিঙি উঠিছিল নির্ভেজাল আনন্দৰ চিন। পুৰণি দিনবোৰ ডেউকা লগাই উপস্থিত হ’ল আমাৰ আগত। ইতিমধ্যে আমি যে ককা-আইতা হ’লো, চুলিত ৰূপোৱালী ৰং লাগিল, কেইটামান দাঁতো সৰিল পাহৰি গৈছিলো। যোৱা প্ৰায় পঞ্চাশ বছৰ জুৰি কি কৰিলো, আমাৰ ল'ৰা-ছোৱালী, পতি-পত্নী, নাতি-নাতিনী ইত্যাদি সেই আলোচনাৰ মাজলৈ নাহিল। কাৰণ তেতিয়া আমি ঊনৈশ-কুৰি বছৰীয়া কটনিয়ান। আমাৰ আলোচনাৰ মুখ্য বিষয় আমাৰ ছাৰসকল। কটন কলেজৰ স্মৃতিয়ে প্রৌঢ়ত্বৰ শেষ সীমা পোৱা আমিসকলক যেন পুনৰুজ্জীৱিত কৰি তুলিলে। সিদিনাৰ মিলনসভা বা ইংৰাজীত ক’বলৈ গ'লে get together ত উপস্থিত আছিল থানুৰাম দাস, নিলয় দাস, ধীৰেন চৌধুৰী, ৰণেন বৰুৱা, ভুবনমোহন দাস, মাখনলাল দাস, মণি দেৱী, অনসূয়া হাজৰিকা (আগৰ চৌধুৰী), তুলতুল বৰুৱা (আগৰ ভৰালী), ৰেণুপ্ৰভা বৰদলৈ (আগৰ মমিন), কমলা দাস (আগৰ বৰুৱা) আৰু মই অনিমা গুহ (আগৰ দাস)।

 আগৰ আৰু পাছৰ উপাধি লিখিবলগা বিবাহিতা নাৰীক আজি মই পুতৌ কৰো। নিজকো। আজিকালি এটা নতুন ষ্টাইল ওলাইছে— পিতৃ আৰু স্বামী দুয়োৰে উপাধি লিখাটো। আমাৰ যুগত ব্যক্তি স্বতন্ত্রতাৰ ধাৰণাটো বোধকৰো মহিলাৰ মাজত গঢ়ি উঠা নাছিল। মই পিছে পছন্দ কৰো উপজিবৰ সময়ত যিটো চিনাকি লৈ ওপজে গোটেই জীৱন তাকে বহন কৰা। অতি কমসংখ্যক মহিলাই নিজৰ চিনাকি বজাই ৰাখে। বিয়াৰ পাছত স্বামীৰ উপাধি গ্রহণে কেনেকৈ নিজৰ চিনাকি নিৰ্ধাৰণত খেলি- মেলি লগায় তাৰ এটা উদাহৰণ মই নিজে। কিছুদিনৰ আগতে হোমেন বৰগোহাঞিদেৱে অমুলেন্দু গুহৰ প্ৰশস্তি গাই লিখা ৰচনাখনত উল্লেখ কৰিছিল যে তেওঁ অসমীয়া ছোৱালী বিয়া কৰাইছে। তাৰ পাছত কেইবাজনৰ পৰা ফোন পালো— আপুনি অসমীয়া বুলি জনা নাছিলো। আগৰ মানুহে মই কি জানে যদিও আজিৰ প্ৰজন্মই নজনাটো স্বাভাৱিক।

 নিৰুপমা বৰগোহাঞিৰ বিষয়েও অনেকৰ ভুল ধাৰণা আছে। এদিন তেওঁৰ সাহসিকতাৰ কথা ডেকা এজনক কৈছিলো। ডেকাজন নামনি অসমৰ। মোৰ কথা শুনি ডেকাই ক'লে যে উজনি অসমৰ আহোম ছোৱালী সাহসী হয়েই। জন্মগতভাৱে নিৰুপমা উজনিৰো নহয়, আহোমো নহয়। উত্তৰ শুনি ডেকাই ভেকাহি মাৰি ক'লে, ‘আপোনালোকৰ মান-সন্মানবোধ নাই। আজি এটা নাম, কাইলৈ আন এটা। এইবাবেই [ ৩১৩ ] নির্যাতিত হৈ মৰে’। তেওঁৰ কথা মই শতকৰা এশ ভাগেই মানি লৈছো। পিতৃতান্ত্রিক সমাজখনৰ নীতি-নিয়মবোৰ সঁচাকৈয়ে জটলগা। আমাৰে নহয়, আমেৰিকাৰ কিছুমান তুলনামূলকভাৱে পিছপৰা অঞ্চলৰ ৰাইজো নীতি-নিয়ম সম্পর্কে সজাগ। এনে এখন ৰাজ্য দক্ষিণৰ আৰাকানছাছ। বিল ক্লিনটন বর্তমানে নিউয়ৰ্ক ৰাজ্যত থাকে যদিও তেওঁৰ মূল ঘৰ আৰাকানছাছত। প্ৰেছিডেণ্ট হোৱাৰ আগতে তেওঁ কেইবাবাৰো আৰাকানছাছৰ গৱৰ্ণৰ পদৰ বাবে নিৰ্বাচিত হয়। হিলাৰীৰ লগত বিয়া হোৱাৰ পাছত নিৰ্বাচনত এবাৰ তেওঁ পৰাজিত হৈছিল। কাৰণটো আছিল হিলাৰী। তেতিয়ালৈকে স্বামীৰ উপাধি তেওঁ গ্ৰহণ কৰা নাছিল। পৰাজিত হোৱাৰ পাছত জনা গ'ল স্বামীৰ উপাধি নোলোৱা ঘোৰ নাৰীবাদীক বিয়া কৰোৱা ব্যক্তি যিমানে উপযুক্ত নহওক ৰাইজক নালাগে! তেতিয়াৰে পৰা হিলাৰীয়ে নামৰ পাছত পূৰ্বৰ উপাধি ৰোধামৰ নেগুৰত ক্লিনটনকো আৰি লৈছে। ফলত পিছৰবাৰ গৱৰ্ণৰতো হ’লেই এটা সময়ত প্ৰেছিডেণ্টো হ’ল দুটা টাৰ্মৰ বাবে। আমেৰিকাত প্ৰেছিডেণ্টে দুবাৰতকৈ অধিক টাৰ্মৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰা নিয়ম বর্তমানে নাই।

 আমাৰ মিলনসভাখনলৈ উভতি যাওঁ৷ সাধাৰণতে কটন কলেজৰ ছাত্ৰ-ছাত্ৰী জীৱনত সফল হয়েই। সিদিনা একেলগ হোৱাসকলৰ মাজত আছিল স্কুল-কলেজ-বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা কৃতী শিক্ষক-অধ্যাপক-গৱেষক, আছিল উচ্চ পদস্থ প্রশাসনিক বিষয়া, চাহ উদ্যোগৰ কৰ্ম-কৰ্তা, মীনপালন বিভাগৰ শিক্ষা সংক্রান্ত অনুষ্ঠানৰ অধ্যক্ষ, মহানগৰ উন্নয়ন প্রকল্পৰ বিশেষজ্ঞ আৰু লেখিকা। একমাত্র লেখিকাসকলৰ বাহিৰে বাকী আটায়ে আছিল অৱসৰপ্ৰাপ্ত। সিদিনা কোনেও কাৰো কৰ্মজীৱনত কিমান উন্নতি কৰিলে জানিবলৈ আগ্রহী নাছিল। এক মধুৰ আবেগে আমাক আপ্লুত কৰি ৰাখিছিল।

 সিদিনাৰ স্মৃতি স্মৰণীয় কৰি ৰাখিবলৈ ফটো তোলাৰ ব্যৱস্থা কৰি থৈছিল ভুবনে। আমি তেওঁলোকৰ ছাদলৈ গৈছিলো ফটোগ্ৰাফাৰজন অহাৰ পাছত। ভুবনৰ পত্নী ড° মঞ্জুমালা দাস এগৰাকী সুৰুচিসম্পন্না মহিলা। ছাদত গঢ়ি তুলিছে এখন অপূর্ব ফুলনি। আমাৰ মনবোৰৰ দৰে সিদিনা বতৰটোও আছিল বন্ধুভাবাপন্ন। নাতিশীতোষ্ণ।

 মঞ্জুমালাৰ গুণৰ অন্ত নাই। তেওঁ সন্দিকৈ কলেজৰ অধ্যাপিকা, সুকণ্ঠী আবৃত্তিকাৰ আৰু অতি ওখখাপৰ ৰান্ধনীও। নানা ধৰণৰ exotic খাদ্য নিজহাতেৰে তৈয়াৰ কৰি আমাক আপ্যায়িত কৰাই নহয় নিজে আঁতৰি থাকি সাতচল্লিশ বছৰ পাছত একেলগ হোৱা সহপাঠীসকলক আড্ডা মাৰিবলৈ সুযোগ দিছিল। সিদিনা সিদ্ধান্ত লৈছিলো যে প্রতিমাহতে নহ'লেও মাজে মাজে আমি লগ হ'ম। নির্মল আনন্দৰ সোৱাদ কাক [ ৩১৪ ]

ডাঃ চি দাস আৰু প্ৰতিমা

[ ৩১৫ ] বোলে সিদিনা আমি মর্মে মর্মে উপলব্ধি কৰিছিলো। আমাৰ ইচ্ছা আছিল আগলৈ মিলন সভা ডাঙৰকৈ পাতিম য’লৈ আমন্ত্রণ জনাম সকলো সহপাঠী বন্ধু-বান্ধৱীক। কিন্তু সেয়া সম্ভৱ নহ'ল যদিও সৰু সুৰাকৈ আমি প্রতিমাহে ইজন-সিজনৰ ঘৰত একেলগ হৈছিলো। এদিন লগে-ভাগে গৈছিলো চন্দ্ৰপুৰলৈ আৰু এদিন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰ্শন কৰিবলৈ। সিদিনা অৱশ্যে Spouse সকলো নিমন্ত্রিত আছিল।

 ইংৰাজী Spouse শব্দটো ব্যৱহাৰ কৰা বাবে হয়তো মই সমালোচিত হ’ম। সুবিধাৰ বাবে Cousin শব্দটো মাজে মাজে ব্যৱহাৰ কৰো অসমীয়াত ইয়াৰ প্ৰতিশব্দ নথকা বাবে। কিন্তু এই শব্দটোৰ ব্যৱহাৰ বহুতে পছন্দ কৰা নাই, আনকি মোৰ আপোন খুৰাৰ পুতেকেও। ‘মোৰ আপোন খুৰাৰ পুতেক’ৰ সলনি মোৰ প্ৰথম কাজিন বুলি ক'লেই সম্পৰ্কটো বহলাই কোৱাৰ প্ৰয়োজন নহয়। কাৰোবাৰ লগত থকা সম্বন্ধ যিমানে দূৰলৈ যায় অসমীয়াত বুজাবলৈ সিমানে কঠিন। এওঁ মোৰ থাৰ্ড কাজিন বুলি কোৱাৰ লগে লগে বুজা যায় যে আমাৰ দেউতাৰ (বা মাৰ) দেউতাকৰ দেউতাকহঁত আপোন ভাই-ভনী (বা ভাই বা ভনী) আছিল। এইখিনি কথা অসমীয়াত বুজাবলৈ মগজুৰ কিমান যে কচৰৎ কৰিবলগীয়া নহয়! গতিকে কাজিন শব্দটো পছন্দ কৰো। পিছে মই কৰিলে কি হ’ব অসমীয়া ভাষাৰ পৱিত্ৰতা যদি নষ্ট হয় মই তাকে মানি ল’ব লাগিব। সেই বুলি আমাৰ ভাষাত ইতিমধ্যে অসংখ্য ইংৰাজী শব্দ নোসোমোৱাকৈ থকা নাই, যিবোৰক আমি আজি আৰু ইংৰাজী বুলি নাভাবো। অভিধানত এটা বা দুটা শব্দেৰে বুজাব পৰা কাজিনৰ অসমীয়া অৰ্থ বিচাৰি নাপালো। একেদৰে স্পাউছ মানে স্বামী বা স্ত্রী যদিও সিদিনা হাজোলৈ যাওঁতে আমাৰ সহপাঠীসকলৰ স্পাউছো গৈছিল বুলি নকৈ ইংৰাজীবৰ্জিত ভাষাত ক’বলৈ হ'লে ক’ব লাগিব পুৰুষ সহপাঠীসকলৰ পত্নী আৰু মহিলা সহপাঠীসকলৰ স্বামীও গৈছিল। যাওক বাৰু এইবোৰ কথা। মই ভাষাবিদ নহওঁ, সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ কথা কৈছিলো।

 কিছুমান ইংৰাজী শব্দ, অসমীয়া আৰু বাংলাত এনেকৈ সোমাই গৈছে যে ইংৰাজীৰ ই-টো নজনা নিৰক্ষৰ মানুহেও নিজৰ ভাষা বুলি ধৰি লৈ সেই শব্দবোৰ ব্যৱহাৰ কৰে। কেতিয়াবা কিন্তু সঠিক প্রয়োগ নহয়। টেম্প’ৰাৰী ব্রাদাৰৰ কথা আগতেই কোৱা হৈছে। এজনী পাৰ্টটাইম বায়ে পূজাৰ কাপোৰ কিনি মোক দেখুৱাবলৈ আহিছিল। দাম কিমান সোধাত ক’লে, ‘হওঁতে দুশ টকাই খুজিছিল, মই ‘কোশ্চেন’ কৰি কৰি ডেৰশলৈ নমালো’। তেওঁ ক'ব খুজিছিল বার্গেন, হ’লগৈ কোশ্চেন।

[ ৩১৬ ]  কেতিয়াবা আকৌ তেওঁলোকে অসমীয়া বা বাংলা শব্দটোকে নাজানে। কলকাতাত এদিন গৃহস্থ আৰু মই ৰিক্সাৰে এঘৰলৈ গৈ আছিলো। ঘৰটোৰ কাষত এটা পুখুৰী আছে। কিছুদূৰ অহাৰ পাছত আমি বাট হেৰুৱালো। ৰিক্সাৱালাক গৃহস্থই ক'লে, ‘সৰোবৰৰ কাষলৈ লৈ যাওক, আমি ঘৰটো বিচাৰি পাম'। তেওঁ ঘূৰিয়ে আছে ঘূৰিয়ে আছে সৰোবৰ নোলায়হে নোলায়। অৱশেষত সৰোবৰ দৃষ্টিগোচৰ হ’ল। এওঁ ক’লে,— ইয়াতেই ৰিক্সা চলায় আপুনি সৰোবৰ চিনি নাপায়?’ ‘কি সৰবৰ সৰবৰ কৰি আছে,এইটোতো লেক্।' এওঁক মই কৈছিলো পুকুৰ (পুখুৰী) বুলি ক'লে ৰিক্সাৱালাইবুজিলেহেঁতেন। তেওঁৰ হেনো ধাৰণা বিৰাট লেক্টোক পুকুৰ বুলি ক'লে ৰিক্সাৱালাই নুবুজিলেহেঁতেন।

 লেকৰ কাহিনীটো গৃহস্থৰ বন্ধু এজনক কৈছিলো। এই সন্দৰ্ভত ঢাকাত হোৱা তেওঁৰ একেধৰণৰ অভিজ্ঞতাৰ কথা ক’লে। ঢাকা বিশ্ববিদ্যালয়লৈ গৈছিল তেওঁ ৰিক্সাৰে। ঢাকাৰ ৰিক্সাবোৰ বৰ ধুনীয়া দেই। যি কি নহওক ৰিক্সাৱালাই ঢাকা বিশ্ববিদ্যালয় চিনি নাপায়। বন্ধুজনে বিমোৰত পৰি দোকান এখনৰ সন্মুখত নামি বিশ্ববিদ্যালয়ৰ অৱস্থান সম্পর্কে ৰিক্সাৱালাক ক’বলৈ দোকানীজনক অনুৰোধ কৰিছিল। ৰিক্সাৱালাই আমাৰ বন্ধুজনক ভেকাহি মাৰি কৈছিল, ইউনিভাৰ্ছিটি বুলি নকয় কিয় ? মিছাকৈ মোক ইমান ঘূৰালে।’ বন্ধুজনক কৈছিলো তেওঁনো কিয় বিশ্ববিদ্যালয় বুলি কৈছিল। বাংলাদেশৰ মানুহে বাংলা ভাষাক অতি শ্রদ্ধা কৰে। ভাষাক কেন্দ্ৰ কৰিয়েতো পাকিস্তানৰ লগত যুদ্ধ হ’ল আৰু জয়ী হৈ স্বাধীন বাংলাদেশ গঠন কৰিলে। তেওঁলোকৰ বাংলা নিষ্কলুষ। পশ্চিমবংগৰ মানুহৰ দৰে ইংৰাজী ব্যৱহাৰ নকৰে। তেৱোঁ আমাৰ গৃহস্থৰ দৰে ভাবিছিল সাধাৰণ ৰিক্সাৱালাই ইউনিভাৰ্ছিটি ক’লে বুজি নাপাব নিশ্চয়।

 সহপাঠী বন্ধুসকলৰ কথা উলিয়াই বাহিৰা কথা বহুত কোৱা হ'ল। ইতিমধ্যে আমাৰ বাৰজনীয়া সহপাঠীকেইজনৰ মাজৰ চাৰিজনেই ছবি হৈ বেৰত ওলমি আছে। ছবি হৈছে আৰু অনেক সহপাঠী। ছবিয়ে কথা ক’বলৈ নাজানে, কিন্তু সেই ছবিৰ মাজত কত স্মৃতি যে জীয়াই আছে! ৰোহিনী কাকতীয়ে হেনো মোৰ লগত ফোনেৰে যোগাযোগ কৰি উষ্ণ সম্ভাষণ পোৱা নাছিল, কথাষাৰ তেওঁৰ মৃত্যুৰ পাছত এজনে কৈছিল। মই বাৰু ৰোহিনী কাকতী বুলি চিনাকি দিলে কেনেকৈ চিনি পাম। ৰোহিনীক আমি ‘কপাৰ চালফেট’ বুলিহে জানো। ক’ব লাগিছিল কপাৰ চালফেট, ফোনৰ বিল ক'ৰবাত উঠিলগৈহেঁতেন। কেমেষ্ট্রি প্রেকটিকেল ক্লাছত ৰোহিনীয়ে এই নামটো পাইছিল। ব’টানী প্রেকটিকেল ক্লাছত প্রভাত শৰ্মাই কিয় ‘ovule’ নামটো ল'বলগা [ ৩১৭ ] হৈছিল মনত পেলাব পৰা নাই। তেওঁ নাই, অৰুণ নাই, মনোমামা নাই। মুঠতে নাইৰ তালিকাখন গধুৰ হৈ গৈ আছে। এদিন হঠাতে ডাঃ ৰজনী দাসে ফোন কৰিলে ডাঃ মালতী বৰুৱাৰ পৰা ফোন নম্বৰটো লৈ । দুয়ো আমাৰ সহপাঠী, যিমান দূৰ মনত পৰে ৰজনী দাস, অসিত কুমাৰ দেশমুখ প্ৰমুখ্যে আই এছ চি পাছ কৰি ডিব্ৰুগড় মেডিকেল কলেজলৈ যোৱা সহপাঠী ছাত্ৰসকলৰ লগত বোধকৰো কথা পাতি পোৱা নাছিলো। আগতেই কোৱা মতে কলেজৰ প্ৰথম দুবছৰ ল'ৰাৰ লগত কথা কোৱা আছিল নিষিদ্ধ। এতিয়া তেওঁলোকৰ লগত বন্ধু হিচাপে কথা পাতো। ডাঃ চক্ৰেশ্বৰ দাসো কথা পাতি নোপোৱা সহপাঠী আছিল। পাছত মোৰ ভনী প্রতিমাক তেওঁ বিয়া কৰাই ভনীজোঁৱাই হ’ল। আমাৰ আন এজন সহপাঠী নীহাৰ লস্কৰ কেন্দ্ৰীয় মন্ত্রীসভাৰ মন্ত্ৰী আছিল। তেৱোঁ ফটো হৈ গৈছে। ফটোৰ সংখ্যা গধুৰ হৈ গৈ আছে।