পৃষ্ঠা:অনিমা গুহ.pdf/৩১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইবাগৰাকী সমাজ সংস্কাৰকৰ কৰ্মৰাজিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। আমাক প্ৰভাৱিত কৰিছিল দেউতাহঁতে। আজি বড়ো অধ্যুষিত অঞ্চলবোৰত ডাইনী হত্যা সংঘটিত হৈ আছে সঘনে। মই কোকৰাঝাৰত ডাঙৰ হৈছো। কোনো দিনে ডাইনী হত্যাৰ কথা শুনা নাছিলো। ১৯৮৪ চনত যেতিয়া সেইবোৰ অঞ্চলত নৃতাত্ত্বিক গৱেষণাৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ আহিছিলো তেতিয়া তথ্যৰ যোগান ধৰা গাঁৱৰ মুৰব্বীসকলে অতীতত প্ৰচলিত ডায়না-ডাইনীৰ ধাৰণাৰ বিষয়ে উল্লেখ কৰি কৈছিল যে পৰৱৰ্তীকালত কাৰোবাক ডাইনী বুলি সন্দেহ কৰিলে তেওঁলোকক গাঁও এৰিবলৈহে কোৱা হৈছিল। হত্যা কৰা নাছিল। ঊনৈশ শতিকাৰ শেষৰ ফালৰ পৰা কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকলৈ বড়ো সমাজখনৰ সংস্কাৰ কৰিছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্মই। আমাৰ ধাৰণা তেওঁৰ প্ৰভাৱত অতীতৰ ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধি লোপ পাইছিল। বৰ্তমানে কোনো সমাজকে পথ প্ৰদৰ্শন কৰিবলৈ কোনো উপযুক্ত ব্যক্তি নাই আৰু থাকিলেও তেওঁলোকৰ কথা শুনিবলৈ কাৰো সময় নাই। আজিৰ যুগত যাৰ হাতত আছে ক্ষমতা আৰু অৰ্থ তেৱেঁই আদৰ্শ। তাবিজ-মাদলি ওলমোৱা এনে ‘আদৰ্শ ব্যক্তি’ক আমি সমাজৰ অধঃপতনৰ কাৰণ বুলিহে ভাবো। নিজৰ ওপৰত যাৰ বিশ্বাস নাই, যেয়ে মানসিক শক্তি আহৰণ কৰিবলৈ নাঙঠ বাবাৰ ভৰিত লুটি খাই পৰে বা জ্যোতিষীৰ পৰা পাঁচটকীয়া পাথৰ পাঁচ হেজাৰত কিনে তেনে মানুহৰ ওপৰত আমাৰ আস্থা নাই। অথচ তেনে মানুহ আজি সংখ্যাত বেছি।


নষ্টালজিয়া

 উপজিবৰ মুহূৰ্তৰে পৰা বায়’ল'জিকেল ঘড়ীটো টিক্‌টিকাই আছে। এতিয়ালৈকে যে বেটাৰী ডাউন হোৱা নাই ই পৰম সৌভাগ্য। ইতিমধ্যে আমাৰ সমসাময়িক অনেকৰ সেই ঘড়ীটোৰ টিক্‌টিকনি স্তব্ধ হৈছে। ৰাতিপুৱা সাৰ পাই ভাবো তেনেহলে এটা দিন বোনাচ পালো। আজিকালি প্ৰায়ে এৰি অহা অতীতৰ দিনবোৰলৈ মনত পৰে। নপৰিব কিয়? ভৱিষ্যৎতো নাই, অতীত আৰু বৰ্তমানেই শেষ সম্বল।

 প্ৰায়ে মনত পৰে কটন কলেজত পঢ়া দিনবোৰলৈ। সপোনত প্ৰায়ে দেখো গণিতত ফেল কৰা, নাইবা পৰীক্ষা হল পাওঁতে পলম হোৱা, এডমিট কাৰ্ড হেৰোৱা ইত্যাদি। সপোনতে আফচোচ কৰো বি এছ চি পাছ কৰা নহ’ল বাবে। সহপাঠী বন্ধু (যাক ক্লাছ ফ্ৰেণ্ড বুলিয়ে কওঁ) সকললৈ মনত পৰে। গুৱাহাটীলৈ স্থায়ীভাৱে অহাৰ পাছত এবাৰ

৩০৮ / বাকীছোৱা জীৱন