পৃষ্ঠা:অনিমা গুহ.pdf/২৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুলি পশ্চিম অসমৰ কোচ ৰাজবংশী গ্ৰামাঞ্চলত নৃতাত্ত্বিক তথ্য-পাতি গোটাবলৈ যাওঁতে তেওঁলোকে গাঁৱৰ সমাজ ব্যৱস্থাৰ কথা ব্যক্ত কৰিছিল। গাঁওভেদে নিয়ম-নীতিৰ পাৰ্থক্য থাকিব পাৰে কিন্তু কৃষিভিত্তিক সমাজ ব্যৱস্থা থূলমূলকৈ একে। নগৰ-চহৰত বাস কৰা অধিকাংশ অসমীয়া মানুহৰ শিপাডাল গাঁৱতে প্ৰোথিত হৈ থকা বাবে নগৰীয়াসকলৰ মাজতো আগৰ ধ্যান-ধাৰণাবোৰ সৌ সিদিনালৈ বৰ্তি আছিল। বৰ্তমান যুগৰ আহ্বানে চহৰতে নহয়, গ্ৰামাঞ্চলৰো কোটিকলীয়া ভেটিত ফাট মেলাইছে। মানুহৰ জীৱন-যাত্ৰাৰ পদ্ধতিত দ্ৰুত পৰিৱৰ্তন আহিছে, গতিশীলতা বাঢ়িছে। চহৰৰ ল'ৰা-ছোৱালীৰ উচ্চাকাংক্ষা বৃদ্ধি পাইছে, মাক-দেউতাকেও তাকেই বিচাৰিছে। গাঁও-চহৰ বুলিও কোনো কথা নাই, সুযোগ-সুবিধা পালেই ডেউকা মেলি উৰিছে বৰ্তমান যুগৰ পুত্ৰ-কন্যা। আজিৰ মাক-দেউতাকসকলো কিন্তু স্বাধীনচিতীয়া, উপায়হীন নহ'লে ল’ৰা-ছোৱালীৰ অধীনত থাকিবলৈ নিবিচাৰে। সন্তান সংখ্যাও আজি সীমিত। বৰ্তমানে গুৱাহাটীতো বৃদ্ধাবাসৰ চাহিদা বাঢ়িছে। আধুনিক সভ্যতাৰ ই এটা অৱশ্যম্ভাৱী পৰিণাম। বিদেশত শিল্প বিপ্লৱ আগতেই হোৱা বাবে তেওঁলোকৰ সমাজ ব্যৱস্থাত পৰিবৰ্তন আহিছে কেতিয়াবাই। বৃদ্ধাবাসৰ ব্যৱস্থা সেয়েহে কেতিয়াবাই হৈছে।

 সত্তৰৰ দশকত এগৰাকী বাঙালী লেখকৰ ভ্ৰমণ কাহিনীত ইংলেণ্ডৰ মানুহে মাক-দেউতাকক বৃদ্ধাৱাসত স্থান দিয়াৰ বিৰোধিতা কৰি কৈছিল পশ্চিমৰ মানুহৰ মনত স্নেহ-মৰমতো নায়েই কৰ্তব্যবোধো নাই। বুঢ়া মাক-দেউতাকক লগত নাৰাখি বৃদ্ধাৱাসত ৰাখিছে। তেতিয়া কি পৰিস্থিতিত তেওঁলোকক ৰাখিবলগীয়া হ’ল দ’কৈ নাভাবি ময়ো লেখকগৰাকীৰ সুৰতে সুৰ মিলাইছিলো। আজি আমাৰ ইয়াতো অণু পৰিয়ালবোৰৰ স্বামী-স্ত্ৰী চাকৰিয়াল হ’লে ঘৰত বয়সীয়া মানুহক চোৱা-চিতা কৰিবলৈ কোনো নাথাকে। সাহায্যকাৰী পোৱা টান, তদুপৰি বিশ্বাসী মানুহৰো অভাৱ। গতিকে পৰিবৰ্তিত অৱস্থাত পৰিবৰ্তিত ব্যৱস্থাও মানি ল'ব লাগিব। উল্লিখিত নিন্দুক লেখকজনৰ কলকাতাতে আজি কুৰি বছৰ আগতে একাধিক বৃদ্ধাৱাস দেখি আহিছো।

 আনহাতে অনেক অকলশৰীয়া বৃদ্ধ-বৃদ্ধা বৃদ্ধাৱাসত নাথাকি নিজৰ ঘৰতে থাকে। তেওঁলোকক চোৱা-চিতা কৰিবলৈ বিদেশত বিভিন্ন সংগঠনতো আছেই, সম্প্ৰতি কলকাতাতো ‘প্ৰণাম’ নামৰ এনে এটি সংস্থা গঢ়ি উঠিছে। প্ৰণামৰ বৰ্তমান সভাপতি সুনীল গাংগুলী আৰু উপ-সভাপতি নৱনীতা দেৱসেন। কলকাতাৰ অভিজাত এলেকা ছল্টলেকৰ বহু প্ৰাসাদোপম অট্টালিকাৰ বাসিন্দা এহাল বয়সীয়া স্বামী-স্ত্ৰী, কিছুমানত এজন। দুয়োজনৰ মৃত্যু হ’লে বাহিৰত কাম কৰা পুত্ৰ-কন্যাই শ্ৰাদ্ধাদি পতাৰ পাছত

বাকীছোৱা জীৱন / ২৩১