বাকীছোৱা জীৱন/কলকাতাৰ পৰা গুৱাহাটীলৈ

[ ১৩৫ ]

কলকাতাৰ পৰা গুৱাহাটীলৈ

 গুহ পৰিয়ালৰ সদস্য সংখ্যা অনেক। তেওঁলোকৰ অধিকাংশৰে জী-জোঁৱাই, ভতিজা, ভাগিন বৰ্তমানে কলকাতাবাসী। জয়ৰ বিয়াৰ পাছত বৈবাহিক সূত্ৰেও পালো আত্মীয়স্বজন। তদুপৰি আছে বন্ধু-বান্ধৱ, সহকৰ্মী আৰু ওচৰ-চুবুৰীয়া। কলকাতা এৰাৰ পোন্ধৰ দিনমান আগৰে পৰা আমাৰ ৰান্ধনিঘৰ বন্ধ আছিল বুলিয়ে ক’ব পাৰি। ঘৰে ঘৰে সেই কেইদিন খাই ফুৰিছিলো।

 ঘৰৰ মালিক মামাবাবুৰ পুতেক-বোৱাৰীয়েক আৰু বিশেষকৈ নাতি-নাতিনী, বুড়ো আৰু বুড়িৰ আমাৰ লগত এটা অতি ওচৰ সম্পৰ্ক গঢ়ি উঠিছিল। সিহঁতে জন্মৰে পৰা আমাক পাইছে। দুয়ো জানে আমি সিহঁতৰ জেঠু আৰু জিম্মা (জেঠীমা)। গতিকে আমি যে আৰু তাত নাথাকো সিহঁতে কল্পনাই কৰিব নোৱাৰে। ছোৱালীবিলাক সৰুৰে পৰা পুষ্ঠমনস্ক হয় যেন লাগে। মই বেঙেনা ভাজি আৰু চাটনি খাবলৈ ভালপাওঁ বাবে ঘৰে ঘৰে নিমন্ত্ৰণ খাই অহাৰ পাছত বুড়িয়ে লৰ মাৰি আহি সোধে সেই দুবিধ বস্তু মই খালো নে নাই। খোৱা নাই বুলি ক’লে তাই মনত বৰ দুখ পাইছিল। আমি অহাৰ দুদিনমান আগৰে পৰা বুড়িহঁতৰ ঘৰত খাইছিলো। প্ৰতি সাজত বেঙেনা ভাজি আৰু চাটনি ৰান্ধিবলৈ দহবছৰীয়া ছোৱালীজনীয়ে মাকক নিৰ্দেশ দিছিল। আপোনৰো আপোন এই ল'ৰা-ছোৱালীহালক এৰি থৈ অহা যে কি বেদনাদায়ক আছিল তাক আজিও উপলব্ধি কৰো। হাওৰা ষ্টেচনত আমাক বিদায় জনাবলৈ আত্মীয়-স্বজন, বন্ধু-বান্ধৱবোৰে প্লেটফৰ্ম উপচি পৰিছিল বুলি ক'লে বেছি কোৱা নহয়। প্ৰত্যেকে হাতে [ ১৩৬ ]

নিৰুপমা বৰগোহাঞিৰ সৈতে লেখিকা

[ ১৩৭ ] হাতে ইমান খোৱা বস্তু আনিছিল যে সেই খাদ্য ওৰে বাটটো শেষ কৰিব নোৱাৰি শুকান মিঠাই, ফল আদি গুৱাহাটীলৈ লৈ আহিছিলো।

 গুৱাহাটীৰ উলুবাৰীত গৃহস্থহঁতৰ পৈতৃক ভিঠা। পাছত এওঁলোকৰ ছজন ভায়েক-ককায়েকে নিজাকৈ একোটা ঘৰ বান্ধিছিল। আমাৰ গৃহস্থয়ো যোৱা শতিকাৰ সত্তৰৰ দশকৰ শেষৰ ফালে মাজে সময়ে কলকাতাৰ পৰা আহি ঘৰ এটা নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি গৈছিল। কাৰ হতুৱাই কামটো কৰিছিল মই সঠিককৈ জনা নাছিলো। আচলতে জনাৰ আগ্ৰহো মোৰ নাছিল। ঘৰ নিৰ্মাণতকৈ সেই সময়ত পুত্ৰৰ ভৱিষ্যৎ নিৰ্মাণৰ প্ৰতি আছিলো মই বেছি আগ্ৰহী। তদুপৰি আমাৰ সীমিত অৰ্থেৰে কোনোমতে বাস কৰিব পৰা ঘৰ এটা হ’লেই হ’ব বুলি লৈছিলো। কি নহওক, ঘৰটো হোৱাৰ পাছত কেতিয়াবা এটা অংশ ভাড়ালৈ দিছিল, এটা অংশত দুজনমানক এনেয়ে থাকিবলৈ দিছিল। অৱশেষত আগফালৰ আহল বহল কোঠাটো নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিক ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল। আমি অহাৰ আগে আগে কোঠাটো তেওঁলোকে মুকলি কৰি দিয়ে আৰু ভাড়া দিয়া কোঠাকেইটাও মুকলি কৰোৱা হয়। আমি আহি বৰজনাৰ ঘৰত উঠিছিলো। পিছদিনা পুৱা নিজৰ ঘৰটো চাবলৈ আহি মোৰ মনত পৰিছিল খ্যাতনামা চিত্ৰ পৰিচালক মৃণাল সেনে নিৰ্মাণ কৰা ‘খণ্ডহৰ’ নামৰ কথাছবিখনলৈ। ধ্বংসপ্ৰাপ্ত এই ঘৰটোত কেনেকৈ থাকিম? ছাদখন চুবুৰীয়াৰ কুকুৰৰ বিচৰণ ভূমি আৰু ওচৰ-চুবুৰীয়াৰ কাপোৰ শুকোৱা ক্ষেত্ৰ আৰু পাছফালৰ খোলা ঠাই ডোখৰে ইফাল-সিফালৰ মানুহৰ ঘৰ-দুৱাৰবোৰ আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ সহায় কৰিছে। বাহিৰখন চাই হতাশ হোৱা মইজনী সোমালো ঘৰৰ ভিতৰত। বাহিৰতকৈ ভিতৰৰ অৱস্থা অধিক শোচনীয়। কোনোবা এঘৰ সন্মানীয় ব্যক্তিয়ে ঘৰটো ভাড়ালৈ লৈছিল। মহিলাগৰাকীও চাকৰিয়াল আছিল, গতিকে শিক্ষিত। কিন্তু ঘৰটো এৰাৰ সময়ত তেওঁলোকে দুনিয়াৰ সকলো আৱৰ্জনা, লাম-লাকটু, বৰ্জনীয় ফটাকানি ইত্যাদি ইত্যাদি আমালৈ থৈ গৈছিল। মহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে প্ৰতিখন খিৰিকীত তাঁৰৰ পাতল জাল গজালেৰে মাৰি লৈছিল। ধূলি আৰু মকৰাৰ জালেৰে ভৰা সেইবোৰৰ এখনো নাছিল অক্ষত অৱস্থাত। মুঠতে নিৰানন্দময় এখন ছবি।

 মোৰ জেপ গধুৰ হোৱা হ'লে বোধকৰো ভাড়াঘৰ বিচাৰি গুচি গ'লোহেঁতেন। পিছে সেই ভাগ্যৰ পৰা বঞ্চিত হোৱা হেতুকে ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী আদিক গোট খুৱাই কঁকালত টঙালি বান্ধি যুদ্ধক্ষেত্ৰত নমাৰ দৰে নামি পৰিলো গৃহসংস্কাৰ কাৰ্যত। প্ৰায় এটা মাহ বৰজনাৰ ঘৰত কটাই, ঘৰটোত থূলমূলকৈ তাপলি-চাপলি মাৰি [ ১৩৮ ] সোমালো। বাউণ্ডাৰী ৱাল আৰু গে'টখন দিয়াৰ ইচ্ছা নাছিল গৃহস্থৰ। কাৰণটো প্ৰকাশ্যে ব্যক্ত নকৰিলেও বুজি পাইছিলো তেওঁৰ অন্তৰৰ কথা। এওঁলোকৰ ভাই-ককাই ছজনৰ মাজত বৰ মিলাপ্ৰীতি আছিল। প্ৰয়োজনত ছজনে ছটা ঘৰ সাজিলেও একেখন চোতালতে থকাৰ প্ৰবল ইচ্ছা আটাইৰে আছিল। মই নহালৈকে সেইদৰেই থিয় দি আছিল নিজৰ নিজৰ ঘৰবোৰ। এওঁৰ আৱেগত আঘাত হানিবলগীয়া হ'ল ভৱিষ্যতৰ কথা ভাবি। পাছৰ প্ৰজন্মবোৰৰ মাজত এনে আন্তৰিকতা থকাৰ সম্ভাৱনা নাই। তেতিয়া মাটিৰ সীমাকলৈ লাগিব কাজিয়া। সঠিকভাৱে সীমা নিৰ্ধাৰণ নোহোৱা হেতুকে চীন-ভাৰত সংঘাতৰ আজিও ওৰ নপৰিল। এক ইঞ্চি মাটিৰ বাবে ভায়ে ভায়ে মৰামৰি–কটাকটি কৰা শুনিছো। গতিকে মই দূৰদৰ্শীয়ে হাই-কাজিয়াৰ বাট ৰুদ্ধ কৰাৰ ব্যৱস্থা কৰিছিলো। আজি ছয় ভাই-ককাইৰ মাটিত বহু বাহিৰা মানুহ আহি সোমাইছে। কাৰণ দুজনে ঘৰ-মাটি বেচি দি গুৱাহাটী এৰিছে, বাকী চাৰিজনৰ তিনিজনেই প্ৰয়াত। আজিকালি মাটি নাথাকিলেও মজিয়া বিক্ৰী কৰিব পাৰি। গতিকে আৱেগিক হৈ লাভ নাই। নিজৰ ইচ্ছাতে ইটাৰে সীমাত দেৱাল আৰু গেটখন দিয়াইছিলো।

 যি কি নহওক, গুৱাহাটীলৈ আহি পঁইত্ৰিশ বছৰে লগ নোপোৱা আপোন মানুহ, বন্ধু-বান্ধৱীক পাই উৎফুল্লিত হ’লো। সৰু খুড়াৰ জীয়েক তিনিজনী— ৰুবি, জলী, ৰাণীক কণ কণ দেখি গৈছিলো। ৰুবিৰ ইতিমধ্যে বঙাইগাঁৱৰ নামী মজুমদাৰ পৰিয়ালৰ অজিতৰ লগত বিয়া হোৱাই নহয় তিনিটা কণ কণ ল’ৰা-ছোৱালী— মামণি, বুবুল, ৰুমিৰ মাকো হ’ল। দিনবোৰ যে কেনেকৈ বাগৰে! পেহীৰ ছোৱালী তৰু আৰু তাইৰ গুণী স্বামী ডাঃ কবীন্দ্ৰ হুজুৰি, পেহীৰ ল’ৰা হৰ্ষ আৰু তেওঁৰ কামে-কাজে ৰূপে-গুণে অদ্বিতীয়া পত্নী ৰীণা আৰু কিমানক যে নেদেখাকৈ প্ৰবাসত আছিলো। বন্ধু-বান্ধৱীসকলো জানো কম আপোন। মণি, অনসূয়া, মালতী, তুলতুল, মইনাদা ( তিলক হাজৰিকা ) আৰু কমলাক লগ পোৱাৰ পাছত মোৰ বয়স পোন্ধৰ-ষোল্ললৈ নামি অহা যেন লাগিছিল।

 দৰাচলতে ছাত্ৰী জীৱনৰ বছৰকেইটাৰ বাহিৰে দীঘলীয়াকৈ বাস কৰিবলৈ এই প্ৰথম গুৱাহাটীলৈ আহিলো বুলি ক'ব পাৰি। আহিয়ে প্ৰথমতে গৈছিলো কটন কলেজ দৰ্শন কৰিবলৈ। ছোৱালীৰে গিজগিজাই থকা কলেজখন দেখি মুহূৰ্তৰ বাবে এটা ধাৰণা মোৰ মনৰ ওপৰেৰে বাগৰি যোৱা যেন পালো। এইখন ছোৱালী কলেজ হ’ল নেকি! পিছুৱাই গ'লো চল্লিশ-পঞ্চলিশটা বছৰ। আমি ১৯৪৭ চনত এইখন কলেজৰ বিজ্ঞান শাখাত ভৰ্তি হওঁতে আমাৰ শ্ৰেণীত ছাত্ৰীসংখ্যা আছিল ১৩। মুঠতে বিজ্ঞান-কলাকে লৈ কলেজখনতে ছোৱালীৰ সংখ্যা আছিল তাকৰ। অভিভাৱকে ল’ৰাৰ [ ১৩৯ ] লগত ছোৱালীক পঢ়ুৱাবলৈ পছন্দ নকৰা বাবে বিদ্যোৎসাহী ৰাজবালা দাস বাইদেৱে প্ৰতিষ্ঠা কৰিছিল সন্দিকৈ ছোৱালী কলেজখন। ১৯৯১ চনত কলকাতাৰ পৰা আহি কটন কলেজৰ সন্মুখত থিয় হৈ উপলদ্ধি কৰিলো এই কেইবছৰৰ ভিতৰত অভিভাৱকসকলৰ মনৰ দিগন্তই প্ৰসাৰ লাভ কৰিছে। ৰক্ষণশীলতা কমিছে। একেদৰে বঢ়া দেখিলো মহিলা প্ৰবক্তা-অধ্যাপিকাৰ সংখ্যা। আমি পাইছিলো কেৱল ব’টানী বিভাগত তিনিগৰাকী অধ্যাপিকা — ড° কমলা ৰয়, ড° পাৰুকুটি বৰুৱা আৰু বীণা দত্ত। জন্মসূত্ৰে কমলা ৰয় অসমীয়া হ'লেও তেওঁৰ বাঙালী স্বামীৰ তত্ত্বাৱধানত তেওঁ শিক্ষা লাভ কৰিছিল। কেৰালাবাসী পাৰুকুটি বৰুৱা বৈবাহিক সূত্ৰে অসমীয়া আৰু বীণা দত্ত আছিল কলকাতাৰ।

 বহু বছৰৰ অনুপস্থিতিৰ পাছত অসমীয়া মহিলাৰ উত্তৰণৰ উমান পাই মনত এটা অনিৰ্বচনীয় আনন্দৰ ঢৌ উথলি উঠিল।