বাকীছোৱা জীৱন/কলকাতাই আগৰ গৌৰৱ হেৰুৱালে নেকি

[ ১৩৪ ]

কলকাতাই আগৰ গৌৰৱ হেৰুৱালে নেকি

 ভাৰতলৈ ব্ৰিটিছকে ধৰি ইউৰোপীয় বণিক সম্প্ৰদায়ৰ আগমন কেইবা শতাব্দী আগতে হ’লৈও ১৭৫৭ চনত ব্ৰিটিছ জেনেৰেল ৰবাৰ্ট ক্লাইভে ( ১৭২৫-১৭৭৪ ) পলাচীৰ যুদ্ধত বংগৰ নবাব চিৰাজদৌলাক পৰাস্ত কৰি এইবোৰ অঞ্চলত ব্ৰিটিছৰ আধিপত্য স্থায়ী কৰে। আমি এবাৰ বহৰমপুৰত জেশাহুৰ ঘৰলৈ যাওঁতে সমীপৱৰ্তী লালবাগত চিৰাজদৌলাৰ সুৰক্ষিত ৰাজপ্ৰাসাদটো চাই আহিছিলো।

 এসময়ত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলকাতাতে প্ৰতিষ্ঠা কৰিছিল। বংগদেশৰ জনসাধাৰণৰ মাজত বিপ্লৱী শক্তিৰ উত্থান দেখি ১৯১১ চনত ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰে। তাৰ আগতে বংগৰ সজাগ মানুহৰ মাজৰ ঐক্য বিনষ্ট কৰাৰ উদ্দেশ্যে লৰ্ড কাৰ্জনে ১৯০৫ চনত বংগদেশক দ্বিখণ্ডিত কৰি পূৰ্ববংগক অসমৰ লগত সাঙুৰি দিছিল। পিছে ইয়াৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে হৈ থকা আন্দোলনৰ হেঁচাত ছবছৰমানৰ ভিতৰতে দুয়োটা অংশ একত্ৰিত কৰিবলৈ বাধ্য হয়।

 কলকাতা ভাৰতৰ সাংস্কৃতিক ৰাজধানীও আছিল। গোপাল কৃষ্ণ গোখলেৰ এটা বিখ্যাত উক্তি আছিল— আজি বংগই যি চিন্তা কৰে, ভাৰতৰ বাকী অংশই সেই চিন্তা কৰে তাৰ পিছদিনা। ওঠৰ, ঊনৈশ, কুৰি শতিকাজুৰি এইখন ৰাজ্যত জন্মগ্ৰহণ কৰিছে কেইবাগৰাকী নক্ষত্ৰই। এওঁলোকৰ ভিতৰত আছে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, বিজ্ঞানী আচাৰ্য প্ৰফুল্ল চন্দ্ৰ, জগদীশ চন্দ্ৰ বসু, বোস আইনষ্টাইন থিয়োৰীখ্যাত সত্যেন্দ্ৰ নাথ বসু, কবি মাইকেল মধুসূদন দত্ত, ৰবীন্দ্ৰনাথ ঠাকুৰ, জীৱনানন্দ দাশ, ‘ক্ষুধাৰ ৰাজ্যে পৃথিৱী গদ্যময়/ পূৰ্ণিমাৰ চাঁদ যেন ঝলসানো ৰুটি’ খ্যাত কবি সুকান্ত ভট্টাচাৰ্য, শিল্পী উদয়শংকৰ, অমলা শংকৰ, সত্যজিৎ ৰায়, মৃণাল সেন, ঋত্বিক ঘটক, উৎপল দত্ত, ৰাজনীতিবিদ সুভাষ চন্দ্ৰ বসু, চিত্তৰঞ্জন দাশ, [ ১৩৫ ] সাহিত্যিক বংকিমচন্দ্ৰ, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, আশাপূৰ্ণা দেৱী, আধ্যাত্মিক জগতৰ স্বামী বিবেকানন্দ, ঋষি অৰবিন্দ, ৰামকৃষ্ণ পৰমহংস, ৰাণী ৰাসমণি আৰু অনেক চিকিৎসক, গায়ক, অভিনেতা, চিত্ৰশিল্পী, বিদ্বান চিন্তাশীল ব্যক্তি, বিপ্লৱী ইত্যাদি।

 কলকাতা এৰিবৰ সময়ত এওঁলোকক সুঁৱৰিছিলো। অসমৰ পৰা ঊনৈশ শতিকাত যিসকল ছাত্ৰ কলকাতালৈ পঢ়িবলৈ গৈছিল তেওঁলোককে ধৰি আমাৰ সময়তো যিসকলে জ্ঞানাৰ্জনৰ বাবে তালৈ গৈছিল আটায়ে একবাক্যে কলকাতাৰ শৈক্ষিক আৰু সাংস্কৃতিক পৰিৱেশৰ দ্বাৰা উপকৃত হোৱা বুলি কয়। আজিৰ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ্থে ঘাইকৈ যায় দিল্লীলৈ। কলকাতাই তাৰ আগৰ মৰ্যাদা আৰু গৌৰৱ হেৰুৱালে নেকি বাৰু?