বাকীছোৱা জীৱন/ইটো সিটো কথাৰে
ইটো সিটো কথাৰে
বৰ্তমান যুগত চিকিৎসা শাস্ত্ৰৰ ইমান উন্নতি হৈছে যে মানুহৰ সহজতে মৃত্যু নহয়। মোৰ ধাৰণা উন্নত চিকিৎসা ব্যৱস্থাৰ আটাইতকৈ বেয়া দিশটো হ’ল লাইফ চাপ'ৰ্ট ছিচটেম বা ভেণ্টিলেটাৰৰ ব্যৱস্থা। এই ব্যৱস্থাই মানুহক স্বাভাৱিক উপায়ে মৰিবলৈ নিদিয়ে। গৃহস্থই এটা সময়ত কৈ থৈছিল তেওঁক যেন ভেণ্টিলেটৰত ভৰাই জীয়াই ৰখা নহয়। ময়ো নিবিচাৰো সেইদৰে জীয়াই থাকিবলৈ। কিন্তু হাস্পতাললৈ গ’লে চিকিৎসা কৰিবলৈ ডাক্তৰসকলে প্ৰয়োজনত সেই বস্তুটো ব্যৱহাৰ কৰিবই। ভাবি ভয় লাগি গ'ল।
সাধাৰণতে আমি আৰ্য হাস্পতাললৈ যাওঁ। মই হাস্পতালৰ মেনেজিং ডাইৰেক্টৰ ডাঃ বিজয়া গোস্বামীক লিখিতভাৱে অনুৰোধ কৰিলো যে আমাৰ দুয়োৰে যথেষ্ট বয়স হৈছে, এনে অৱস্থাত আমাৰ পৰমায়ু বঢ়াবলৈ ভেন্টিলেটাৰ ব্যৱহাৰ কৰা যেন নহয়। বিজয়া গোস্বামী যুক্তিবাদী। তেওঁ মোৰ প্ৰস্তাৱক সমৰ্থন কৰি ক’লে তেওঁ ষাঠি বছৰৰ ডেওনা পাৰ হ’লে ভেণ্টিলেটাৰ ব্যৱহাৰ নকৰে। মই পিছে তেওঁক সমৰ্থন নকৰিলো। আজিৰ যুগত যাঠি বছৰত মানুহ ডেকা হৈয়ে থাকে।
আমাৰ গৃহস্থৰ আকৌ ঘৰতে শেষ নিশ্বাস পেলোৱাৰ ইচ্ছা। এদিন হঠাতে তেওঁৰ সাংঘাতিকভাৱে মূৰ ঘূৰালে। তেওঁৰ ভয় হ’ল হাস্পতাললৈ নিওঁ বুলি। আতংকিত হৈ অস্থিৰভাৱে ক'বলৈ ধৰিলে হাস্পতাললৈ নিনিবলৈ — ‘ঘৰতে মৰিবলৈ দিয়া'। পিছে নৰিয়াত পৰিলে নিজৰ দেহাটোৰ ওপৰত নিজৰ অধিকাৰ নাথাকে।
এম আৰ আই কৰোৱা চিকিৎসা শাস্ত্ৰৰ এটা অতি উন্নত ব্যৱস্থা। মই নিজে কৰি [ ৩০১ ] পোৱা নাই যদিও অভিজ্ঞসকলৰ মুখে শুনিয়ে মোৰ উশাহ বন্ধ হোৱা যেন পাইছিলো। চুঙা এটাত ভৰাই তীব্ৰ শব্দৰ মাজত ৰোগীক হেনো আধাঘণ্টা ৰাখি থোৱা হয়। ৰোগীয়ে ত্ৰাহি মধুসুধন দেখিলেও ওলাই অহা অসম্ভৱ।
এবাৰ জি এন আৰ চি লৈ অসুস্থ হৈ গৈছিলো। ড° নোমল বৰাই ভৰি-হাতৰ তলুৱা আৰু গাঁঠিবোৰ হাতুৰীৰে কোবাই কোবাই চাই সুধিছিল মোৰ ভয় লাগিছে নেকি? মই টপৰাই ক'লো ইমান পৰে ভয় লগা নাছিল এম আৰ আই কৰিব লাগে বুলি ভয় লাগিছে। তেওঁ তাৰ সলনি চি টি স্কেন কৰাইছিল।
আমাৰ গৃহস্থহঁতৰ পৰিয়ালৰ মানুহৰ এটা এলাৰ্জি আছে, তেজ দেখিলে তেওঁলোকৰ মূৰ ঘূৰায়। এইটো তেওঁলোকৰ বংশগত এটা খুঁত। বেজী দিয়া দেখিলেও তেওঁলোক নাৰ্ভছ হয়। মোৰ শৰীৰত দুবাৰ চাৰ্জনে কেঁচি চলাইছিল। প্ৰথমবাৰ কলকাতাত, দ্বিতীয়বাৰ গুৱাহাটীত। মনত নাই কি কাৰণে নাৰ্ছি হোমলৈ যোৱাৰ কেইদিনমান আগৰে পৰা কঁকালত বেজী ল’বলগীয়া হৈছিলো। মই উবুৰি হ’বৰ সময়ত দেখিছিলো গৃহস্থ আৰু পুত্ৰ দুয়ো ওচৰতে আছে। বেজী দিয়াৰ পাছত উঠি চাওঁ বাপেক-পুতেক দুয়ো অন্তৰ্ধান। আনটো কোঠালৈ আহি দেখিলো এজনে বিছনাত দীঘল দি আছে, আনজনে বিছনাৰ চাৰিওফালে তেলপেৰা গৰুৰ দৰে ঘূৰিবলৈ ধৰিছে। বেজী দিওঁতেই এই অৱস্থা, অস্ত্ৰোপচাৰৰ দিনা তেওঁলোককো হাস্পতালত ভৰ্তি কৰাব লাগিব। মই বিছনাত পৰি থকা ৰোগী নাছিলো বাবে নাৰ্ছিং হোমৰ লগত কথাবতৰা নিজেই কৈছিলো। তেওঁলোক আচৰিত হৈছিল ময়েই পেচেণ্ট বুলি শুনি।
একেধৰণে আচৰিত হৈছিল গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকৰ ৰিছেপচন কাউণ্টাৰত কৰ্মৰতসকল, যেতিয়া শুনিলে ময়েই পেচেণ্ট।আচলতে অৱস্থাই মানুহক তৈয়াৰ কৰে। দেউতাৰ অকাল মৃত্যুৱে কম বয়সতে মোক Rough and tough কৰিছিল। গৃহস্থ বেমাৰ-আজাৰত নাৰ্ভাৰ্ছ হোৱা মানুহ। দিছপুৰ পলিক্লিনিকত পেছমেকাৰ সংস্থাপন কৰিবৰ দিনা তেওঁক ঘৰতে বহি থাকিবলৈ কৈছিলো। আবেগ প্ৰৱণ হৈ পৰিছিলো যেতিয়া শুনিছিলো মই অ' টিত থকাৰ সময়ত খবৰ ল'বলৈ আত্মীয়-বন্ধু অনেকে আহিছিল। এওঁলোকৰ মাজত আছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, কুমাৰ ভাস্কৰজ্যোতি, ৰিপুঞ্জয় গগৈ, খাইৰুল আলম, নৰেন বৰা, গিৰীন্দ্ৰ নাথ কাৰ্জি প্ৰমুখ্যে বন্ধু-বান্ধুৱকে লৈ ভনীজোঁৱাই ডাঃ চি দাস, ভাগিন-ভাগিনজোঁৱাই বৰ্ণালী-নৱ কলিতা, নাতিনী জোঁৱাই-নাতিনী ডাঃ দেবব্ৰত বৰ্মন-দেবাঞ্জনা, ভাই হৰ্ষ দাস, ভতিজা শুভেন্দু গুহ, বাইদেউ অনিতা আৰু তেওঁৰ ল'ৰা-ছোৱালী অসীম-অৰূপ-অমিত-আল্পনা আৰু অনেক [ ৩০২ ] আত্মীয়। পলিক্লিনিকত এক মুহূৰ্তৰ বাবেও অকলশৰীয়া হৈ থকা নাছিলো। প্ৰথম দুনিশা পৰ দিছিল ৰিপুঞ্জয় আৰু খাইৰুলে। ইছমাইল হোছেইনে পঠাই দিছিল কেইবাজন ছাত্ৰক ৰাতি পৰ দিবলৈ। মই সঁচাকৈয়ে আবেগিক হৈ পৰিছিলো। মই ভাগ্যৱতী, মোৰ কাষত থিয় দিবলৈ কিমান মানুহ।
প্ৰথম দিনাই ডাক্তৰ-ছিছটাৰসকলৰ মাজত জনাজাত হৈছিল যে মই লিখো। লেখকসকল যে ইমান জনপ্ৰিয় হ'ব পাৰে সিদিনা গম পাইছিলো। সেই আঠদিনতে ইমান ঘনিষ্ঠতা হৈছিল বিশেষকৈ ছিছটাৰসকলৰ লগত যে আহিবৰ দিনা কোনোবা পৰমাত্মীয়ক এৰি থৈ অহা যেন লাগিছিল।
মোৰ কোঠাটো আছিল আড্ডাখানাৰ দৰে। পুৱাৰে পৰা হৈছিল জনসমাগম। দুদিনমান কটোৱাৰ পাছত মই ৰুটিন কৰি দিছিলো সদায় অহাসকল কোন কেতিয়া আহিব। ৰাতিপুৱা আঠ বজাত পুৱাৰ আহাৰ লৈ আহিছিল ভনী আৰতি। দুপৰীয়া কেণ্টিনৰ পৰা অনা মাছে-ভাতে দুয়ো বাই-ভনীয়ে খাই অলপ জিৰণি লোৱাৰ পাছত ৰুটিনমতে আহিছিল ভতিজী বুলা, ভতিজা বোৱাৰী মুক্তি কৃষ্ণা সাবিত্ৰী, ভাইবোৱাৰী ৰীণা, নাতিবোৱাৰী ৰুমা, পুত্ৰ জীউৰে সৈতে ভাগিন মিমি, পিউ, ভাগিন জোঁৱাই নৰেন মেহৰা ইত্যাদি। আবেলি-গধূলি হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, মঞ্জুলা শৰ্মা, অনিমা গগৈ, ঋতুৰাজ কলিতা, তোষপ্ৰভা কলিতা, জুনু বৰা, নৰেন বৰা, ডাঃ যোগেন ভূঞা, ডাঃ দীপক ভূঞা কোন যে অহা নাছিল। প্ৰত্যেকে হাতত অনা ফল-মিঠাইৰ টোপোলা ৰাখিবলৈ ঠাইৰ অভাৱ হৈছিল। তাৰে মাজতে দুদিন টিফিন কেৰিয়াৰ ভৰাই দুপৰীয়াৰ আহাৰ পঠাইছিল দলিত অসমৰ স্বত্বাধিকাৰী গিৰীন্দ্ৰ নাথ কাৰ্জিয়ে লখিমী হোটেলৰ পৰা। কি ডাঙৰ ডাঙৰ মাছৰ টুকুৰা! আৰতিয়ে ময়ে খাওঁ আৰু কওঁ হাস্পতাললৈ চিকিৎসা কৰিবলৈ আহিছো নে ফুৰিবলৈ আহি হোটেলত আছো! উস্ কি আৰাম! মোৰ পৰিচৰ্যা কৰিবলৈ ভাগিন কৌশিকে আয়া এগৰাকী ঠিক কৰি দি গৈছিল। পেছমেকাৰ সংস্থাপন কৰাৰ পাছত হৃদপিণ্ডটো বোধকৰো সাৱলীল গতিত চলি আছিল। বেটাৰী চালিত হৃদপিণ্ড। অৱশ্যে যেতিয়া নিজৰ হৃদপিণ্ডটো নচলে তেতিয়া বেটাৰীয়ে চলায়।
মোক কোনোবা ডাক্তৰী নপঢ়াকৈ ডাক্তৰ হোৱা ‘চবজান্তা' মানুহে কৈছিল যে লাইটৰ চুইচবোৰ চুব নোৱাৰিম। ম'বাইল ব্যৱহাৰো এৰিব লাগিব। ম'বাইলৰ লগত ইমান ঘনিষ্ঠ সম্পৰ্ক হৈছিল যে তাক ত্যাগ কৰা যথেষ্ট কষ্টকৰ। কিন্তু গধূলি লাইট জ্বলাবলৈ বা নুমাবলৈ মোৰ পিছে পিছে ঘূৰিব কোনে? ডাঃ জি বসুমতাৰী আছিল [ ৩০৩ ] মোৰ চাৰ্জন। চুইচৰ প্ৰসংগটো উত্থাপন কৰিলো। বিছনাৰ কাষতে বেৰত আছিল হামনিয়মৰ ৰীডৰ দৰে এশাৰী চুইচ। ডাক্তৰে সেই চুইচ শাৰী মোৰ হতুৱাই দুৱাৰমান জ্বলোৱা-নুমোৱা কৰালে। শ্বক খাই মই নমৰিলো। যিটো ফালে পেছমেকাৰটো বহুওৱা হৈছে তাৰ বিপৰীত ফালৰ কাণেৰে ম'বাইল ব্যৱহাৰ কৰিবলৈ কোৱাত নিশ্চিন্ত হৈছিলো।
মোক সংগ দিবলৈ অহাসকলৰ ম'বাইলেৰে ঘৰত এৰি থৈ যোৱা মোৰ ম'বাইলত ফোন কৰিবলৈ ল’লে এটা দৈৱবাণী শুনিছিলো— not reachable. চৌবিশ ঘণ্টাই ফোনটো ধৰা ছোৱাৰ বাহিৰত কিয়, ভাবো। আমাৰ গৃহস্থৰ খা-খবৰ কৰিবলৈ প্ৰতিদিনেই আমাৰ ঘৰলৈ আহিছিল অংকুৰ তামুলী ফুকন। এদিন আমাৰ ঘৰৰ পৰা মোৰ তালৈ যাওঁতে অংকুৰক ফোনটোৰ কথা সুধিলো, উত্তৰ তেওঁৰ ওঁঠত লাগি আছিল। ফোনটো বেয়া হোৱা বাবে গৃহস্থই হেনো ৰিপেয়াৰ কৰিবলৈ দিছে। শুনি মোৰ মনত দুইধৰণৰ প্ৰতিক্ৰিয়া হৈছিল। ফোনটো যে বেয়া হৈছে তেওঁ জানিলে কেনেকৈ? তেওঁতো ম'বাইল ব্যৱহাৰ নকৰে। দ্বিতীয়তে ৰিপেয়াৰ কৰিবলৈ ইমান লৰাঢপৰা লাগিল কিয়? আঠ দিন হাস্পতালবাসৰ পাছত ছুটী পালো। মনটো বেয়া লাগি গৈছিল। Home sweet home বুলি কবিয়ে লিখিছে যদিও মই ভাবো ঘৰৰ বাহিৰখনহে মিঠা। চিন্তা নাই, ভাবনা নাই, বিশেষকৈ দায়িত্ব নাই। মুকলি মনেৰে যিফালে মন যায় ঘূৰি ফুৰা বোহেমিয়ানৰ দৰে। কি ৰান্ধিবা, কি খুৱাবা, চাউল আছে নে নাই, নিমখ-তেল, পাচলি, বিস্কুট, আটা, চাহপাত-চেনি আছে নে নাই ইত্যাদি চিন্তাৰ পৰা মুকলি হৈ সপ্তম স্বৰ্গত বিচৰণ কৰি ফুৰিবলৈ কি যে ভাল লাগে। ঘৰত সোমোৱা আৰু জে’লখানাত সোমোৱা একেই কথা। তদুপৰি বেছিভাগ বিবাহিতা তিৰোতা গৃহহীন। তেওঁলোকৰ স্বামীৰ ঘৰ আছে, শহুৰেকৰ ঘৰ আছে, দেউতাকৰ ঘৰ আছে, মোমায়েকৰ ঘৰ আছে, নাই নিজৰ ঘৰ। যিসকলে নিজে ঘৰ বান্ধে, নিজৰ মাটিত তেওঁলোকৰ কথা সুকীয়া।
মাজতে উত্তৰ-পূব ভাৰতৰ মানুহৰ ম'বাইল ফোনবোৰৰ ঠিকনা পুনৰীক্ষণ কৰোৱাৰ নিৰ্দেশ দিছিল। আমাৰ প্ৰতিবেশী মহিলা এগৰাকীৰ এয়াৰচেল কোম্পানীৰ ফোনটোৰ বাবে দাখিল কৰা ঠিকনাটো তেওঁলোকে মানি নল'লে। ঠিকনাৰ প্ৰমাণ হিচাপে দাখিল কৰিছিল ঘৰৰ ইলেকট্ৰিচিটিৰ বিলখন। বিলখন আহে তেওঁৰ স্বামীৰ নামত। মানুহজনৰ ঠিকনা তেওঁৰ হ'ব পাৰে তাৰ প্ৰমাণ কি? তেওঁলোকৰতো ৰেজেষ্ট্ৰি বিয়াও হোৱা নাছিল যে প্ৰমাণ-পত্ৰ দাখিল কৰিব পাৰিব। মানুহগৰাকী লাজে-অপমানে উভতি আহিছিল। এনে পৰিস্থিতিত একমাত্ৰ মান-অপমানহীন মহিলাইহে ভাবিব পাৰে হোম [ ৩০৪ ] চুইট হোম। মই সদায় ভাবো বেংকত জয়েন্ট একাউণ্ট কৰাৰ দৰে ঘৰৰ মালিকীস্বত্ত্বও পতি-পত্নী দুয়োৰে হোৱা উচিত। গৃহিণীৰ অৱস্থা Stateless মানুহৰ দৰে।
যি কি নহওক আকৌ সংসাৰৰ ঘানি ঘূৰাব লাগিব বাবে হাস্পতালৰপৰা আহিবৰ দিনা মনটো অলপ গধুৰ হোৱা যেন লাগিছিল। এইবোৰ কথা এফলীয়াকৈ ৰাখি ৰিপেয়াৰ কৰিবলৈ দিয়া ম'বাইলৰ প্ৰসংগলৈ আহো। সাহায্যকাৰী ল’ৰাজনে কৈছিল গৃহস্থৰ হাতৰপৰা পৰি গৈ ফোনটো বেয়া হৈছে আৰু মেৰামত কৰিবলৈ অংকুৰে লৈ গৈছে। ময়ো সেই আশাত কেইবাদিন কটালো। এদিন কলকতীয়া বিয়ৈৰ লগত লেণ্ড লাইনত কথা পাতোতে কথা প্ৰসংগত আমাৰ ম'বাইল বিপৰ্যয়ৰ কাহিনীটো উত্থাপন কৰিছিলো। তেওঁ সিটো মূৰত ঢেক্ঢেকাই হাঁহিবলৈ ধৰিলে। মোৰ ফোনটো কাৰো হাতৰ পৰা সৰি পৰা নাই, হস্তান্তৰিতহে হৈছে। মোৰ বাহিৰে সকলোৱে জানে মই হাস্পতাললৈ যোৱাৰ পিছদিনাই বস্তুটো বেলেগৰ পকেটলৈ গ'ল। মোৰ দেওৰ এজনে ক’লে, ‘বৌদি, চিন্তা নকৰিব। দাদাক যে কোনেও চুৰি কৰা নাই এয়েই ভাগ্য।'
আমাৰ সাহায্যকাৰী ল'ৰাজন আছিল বৰ টেঙৰ। সি আহিবৰ দিনৰে পৰা আমাক অধ্যয়ন কৰি উপলব্ধি কৰিছিল যে আতা (গৃহস্থ) মানুহজন সহজ-সৰল হোলাৰ ভাই মোলা ৷ কিতাপ আৰু কাগজ-কলমৰ বাহিৰে একো নাজানে। আবুৰ মূৰৰ চাৰিওফালে চাৰিটা চকু। মই হাস্পতাললৈ যোৱাৰ পিছদিনাই সি ম'বাইলটো সৰকালে বুলি মোৰ বিশ্বাস। সি ধুৰন্ধৰে ফোনটো নোহোৱা হোৱাৰ লগে লগে ওচৰ-চুবুৰীয়াৰ ঘৰে ঘৰে বাতৰিটো দি আহিছে। তেওঁলোকেও সন্দেহ কৰিছিল সিয়ে উঠোৱা বুলি। বিশ্বাস কৰা নাই কেৱল আতাকে। ময়ো অৱশ্যে প্ৰথমতে ভবা নাছিলো। পিছে দিন দুপৰীয়া দহ বজাত শোৱা কোঠাত বাহিৰৰ কোনো চোৰ সোমাব নোৱাৰে, কেৱল এটা ফোনৰ বাবে। তাৰ মতি-গতি, সাজ-পাৰ, চাল-চলন দেখি বহুতে মোক ৱাৰ্নি দিছিল যে এদিন সি আমাৰ সৰ্বনাশ ঘটাব। সি হাতত পিন্ধিছিল শকত শকত খাৰু, এখন কাণত আৰু ডিঙিত পিন্ধিছিল বিচিত্র অলংকাৰ। ৰাতি দুপৰলৈ নিজৰ কোঠা বন্ধ কৰি নিচাযুক্ত কিবা খাইছিল। পুৱা ন বজালৈ শুই থকা ল’ৰাটোক জগাবলৈ ঢাক-ঢোল বজাবলগীয়া অৱস্থা হৈছিল। সৰু ল’ৰা বাবে তাক আমি প্ৰথমতে বৰ মৰম কৰিছিলো। বৃত্তিমূলক কিবা শিক্ষা দিয়াৰ চিন্তাও গৃহস্থই কৰিছিল। কিন্তু সি আছিল এটা বিহৰ গুটি। তাৰ প্ৰতি থকা আমাৰ মৰমক দুর্বলতা বুলি ভাবি আমাক ব্লেক মেইলিং কৰিবলৈ আৰম্ভ কৰিছিল। অতিষ্ঠ হৈ এদিন তাৰ লগত সম্পর্ক বিচ্ছিন্ন কৰিলো।
আমাৰ ঘৰত বহু ইন্টাৰেষ্টিং ঘটনা ঘটে। যাৰ বাবে কিছুমানে মূৰৰ বিকৃতি ঘটা [ ৩০৫ ] বুলিও কয়। হাস্পতালত ভৰ্তি হোৱাৰ আগতে চিন্তা হ’ল যদি এই যাত্ৰাত মোৰ পঞ্চত্বপ্রাপ্তি ঘটে তেনেহ'লে মোক দাহ কৰিবলৈ গৃহস্থই টকা যোগাৰ কৰিব কেনেকৈ। তদুপৰি বজাৰ-সমাৰৰ বাবেও টকা লাগিল, মোক হাস্পতালৰ পৰা এৰুৱাই অনাৰ খৰচ ইত্যাদি লাগিল। সাতে-পাঁচে চিন্তা কৰি বেংকলৈ গৈ কিছু টকা তুলি আনিলো। তাৰ পাছত বেলেগ বেলেগ শিতানত যেনে – বজাৰ, হাস্পতাল, দৰব, শ্মশানযাত্রা, শ্রাদ্ধ, incidental expenditure ইত্যাদি – টকা ভাগ কৰি বেলেগ বেলেগ খামত ভৰাই এওঁক দেখুৱাই আলমাৰিত থৈছিলো। হাস্পতালৰ পৰা সুস্থ হৈ অহাৰ পাছত গৃহস্থই খামকেইখন ঘূৰাই দিলে। এই কেইদিনত কোন শিতানত কিমান খৰচ হ’ল চাবলৈ গৈ মই হতভম্ব। শ্মশানৰ খামত ভালেখিনি টকা কম, বজাৰৰ খামৰ পৰা এটা ফুটাকড়িও খৰচ হোৱা নাই। তাৰ মানে বতাহ খাই আছিল নেকি? তাৰ পাছত মূৰ ঠাণ্ডা কৰি বুজিলো শ্মশানৰ টকা খৰচ কৰি বজাৰ কৰিছে, শ্ৰাদ্ধৰ পেকেটটোৰ পৰা হাস্পতালৰ খৰচ উলিয়াইছে। অকলে অকলে হাঁহিলো। মনত পৰিলে আজিও হাঁহো।
এতিয়া অৱশ্যে শ্মশানৰ চিন্তা নাই, কিয়নো ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি মৰণোত্তৰ দেহ-দান কৰা হৈছে। শ্ৰাদ্ধৰ চিন্তাও নাই। আগতেও অৱশ্যে শ্রাদ্ধৰ কথা ভবা নাছিলো, কাৰণ বিশ্বাস নাই। কিন্তু স্মৃতিসভা এখন পাতি এসাঁজ খুৱাবলৈ ঘৰত কোৱা আছে।
আমাৰ ভাগিন বোৱাৰীৰ আইতাক বৰ দূৰদৰ্শী। তেওঁ প্ৰায় একডজন সন্তানৰ মাক। তথাপিতো তেওঁ নিজৰ শৱ সৎকাৰৰ পৰা বছৰেকীয়া শ্ৰাদ্ধলৈ সকলো ব্যৱস্থা কৰি থৈছে। শটো বান্ধি নিবলৈ প্ৰয়োজনীয় ঢাৰিকেইখনমানো কিনি আটালত তুলি থ’বলৈ পাহৰা নাই। এওঁতকৈ একোব চৰা আমাৰ ভাগিন এজন। তেওঁ নিজৰ শ্ৰাদ্ধ হৰিদ্বাৰলৈ গৈ নিজে কৰি লেঠা মাৰি থৈছে। জীৱিতাৱস্থাতে শ্রাদ্ধ কৰিব পৰা যায় প্রথম শুনিলো। যি কি নহওক, এই শ্ৰেণীৰ মানুহক কিছুমানে ক’ব দূৰদৰ্শী, কিছুমানৰ ধাৰণাত মগজুৰ নাট-বল্টু ঢিলা।
আমি সীমিত আয়ৰ মানুহ। আমাৰ আকালো নাই, ভঁৰালো নাই। তাৰে মাজত গৃহস্থই সাধ্যমতে মানুহক সহায় কৰে, কেতিয়াবা ধাৰলৈ দিয়ে। মজাৰ কথা ঘৰটোৰ কিবা এটা মেৰামতি কৰিবলগীয়া হোৱাত অলপ টকাৰ বাবে হাত পাতিছিলো। উত্তৰ শুনি তবধ মানিছিলো। ক’লে ফিক্সড ডিপ’জিটৰ পৰা ঋণ ল'বলৈ! শতকৰা কিবা এটা হাৰত সুতৰ বিনিময়ত ঋণেই লৈছিলো। প্ৰণৱজ্যোতিয়ে ঠিকেই কৈছে উন্নত [ ৩০৬ ] মগজুৰ মানুহৰ মস্তিষ্কৰ এটা ফাল অনুন্নত হয়।
যিসকল মানুহে এওঁৰ পৰা দান বা বিনা সুতে ঋণ দীঘলীয়া সময়ৰ বাবে পাইছে তেওঁলোকে বিশ্বাস কৰিবলৈ টান পাব যে ঘৰ মেৰামতিৰ বাবে বেংকত কেইবাখনো প্ৰ-পত্ৰ পূৰণ কৰি বোন্দাপৰ দি থাকি মই ফিক্সড ডিপজিটৰ পৰা ওঠৰ হেজাৰ টকা উলিয়াইছিলো। সুতৰ হাৰ কিমান আছিল মনত পৰা নাই। এই কথা আজিহে প্ৰকাশ কৰিলো। কথাষাৰ গৃহস্থয়ো নাজানে।