এই পৃষ্ঠাত য-ৰ-ল-ৱ- ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।
- য'তে বাঘৰ ভয়, ত'তে ৰাতি হয়: যেতিয়া কিবা এটাৰ ভয় হয়, তেতিয়াই তাৰ সম্মুখিন হব লগা হয়।
- য'তে ৰাতি ততে কাটি
- যদিহে নোপোৱা মছলা ভাল, তলত দিবা বেছিকৈ জাল
- যখ চাই যখিনী, কৃষ্ণ চাই ৰুক্মিণী: আপুনি যেনে মানুহ তেনে সঙ্গই পাব৷
- যাৰ জহত শাখা সেন্দূৰ, তাকে পাতে ভোকোৰা এন্দুৰ
- যাৰ যি ইচ্ছা, হাত দাঙি দাঙি নাচা
- যাৰ নাই গৰু, সি সবাতোকৈ সৰু
- যাৰ নাই ধন, তাৰ নাই মান
- যাৰ নাই বাঁহ, তাৰ নাই সাহ
- যি যিমান নামে, সি সিমান তিতে
- যি মূলা বাঢ়ে তাৰ দুপাততে চিন
- যি পহু মাৰিলা বনত, সেই কথা ৰাখিবা মনত
- যিয়ে লঙ্কালৈ যায়, সিয়ে ৰাৱণ হয়
- যাচি দিয়া সোণৰো মূল্য নাই।
- যাৰ ঘৰত নুগুছে কন্দল, তাৰ ঘৰত নুফুলে কমল
- যিমানে বিলাই দিবা সিমানে মহান হ’বা: দান-বৰঙণি কৰিলে মহান বুলি স্বীকৃতি পায়।
- যিয়েই ৰজা তাৰেই প্ৰজা: সাধাৰণ মানুহৰে বাবে কোনে ৰাজত্ব কৰিছে সেয়া ডাঙৰ কথা নহয়, কাৰণ যিয়েই ৰাজত্ব নকৰক, সাধাৰণ প্ৰজাৰ অৱস্থা একেই থাকে।
- যেনে কুকুৰ, তেনে টাঙোন
- যোগ্যে ভোগ্যে বসুন্ধৰা (সংস্কৃত): যাৰ যোগ্যতা আছে সিহে উপভোগ কৰে
[ ওপৰলৈ যাওক]
- ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহৰ লগত শত্ৰুতা নকৰাই ভাল।
- ৰজাই ভাল দেখে যাক, ভেটিও নালাগে তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহে অনায়াসে নিজৰ কাম কৰাব পাৰে, যি কামৰ বাবে সাধাৰণ মানুহে ভেটি দিব লাগে।
- ৰাইজে নখ জোকাৰিলে নৈ বয়
- ৰাক্ষসৰ আগত ধোৱা চাউল
- ৰাতি হ'লে সাত হাল বায়, দিনত হ’লে এহালো নাই
- ৰান্ধনীশালত কাঁহী-বাতিৰ শব্দ হ’বই
- ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।
- বালিলৈ যি পাত, সুগ্ৰীৱলৈও একেই পাত
- ৰৌ-বৰালী সৰকি যায়, পুঠি-খলিহনা ৰৈ যায়
- ৰচকীয়ে পাতে গাঁও, নিবুকিয়ে ভাঙে গাঁও
- ৰূপ টকাৰ কানি, একে হোপাই শেষ
- ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে
- ৰোৱা চাবা পুৱা বেলিত, গাভৰু চাবা মাছৰ তলিত
[ ওপৰলৈ যাওক]
- লুইতেহে জানে বঠা কিমানলৈ বহে
- লুকাই খালে ঢুকাই যায়, বাটি খালে আঁটি যায়
- লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি
- লোভেই পাপ, পাপেই মৃত্যু
- লোহাৰেহে লোহা কাটিব পাৰি: কাৰোবাক পৰাস্ত কৰিবলৈ হ'লে তাৰ সমানেই শক্তি থাকিব লাগিব৷
- লাগি থাকিলে মাগি নাখায়: যি অহৰহ কাম কৰি থাকে, সি আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে।
[ ওপৰলৈ যাওক]