ফকৰা যোজনা সূচী অ-ঈ

এই পৃষ্ঠাত অ-আ-ই- ঈ-ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।

ফকৰা যোজনাৰ সংগ্ৰহ সম্পাদনা কৰক

বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ


সম্পাদনা কৰক

  1. অধিক মাছত বগলী কণা: বহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ পৰা এটা বাছনি কৰা অসুবিধা হয়।
    বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদিশে মাছৰ উভৈনদী হ'লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়। সেয়েহে অত্যাধিক বিকল্পৰ ক্ষেত্ৰত বাচ-বিচাৰ কৰি থাকোতে বাচনিত ভুল হোৱাৰ বা বাচনি কৰিব নোৱাৰা নহ'বলৈ এই যোজনাৰদ্বাৰা সঁকিয়াই দিয়া হৈছে।
  2. অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ: নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত পাৰ্গত নহলে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰ দ্বাৰা বুজাব বিচৰা হৈছে।
  3. অধিক ভোজন পেটলৈ বেয়া:যিকোনো বস্তুৰে প্ৰয়োজনতকৈ বেছি হোৱাতো বেয়া। ভোজন বা খাদ্য মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু অত্যাধিক ভোজনৰ ফলত শৰীৰৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা। তেনেদৰে যিকোনো কামৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। প্ৰয়োজনাধিক উপভোগ/ ব্যৱহাৰৰ ফলত উপকাৰী বস্তুৰ পৰাও অপকাৰ হব পাৰে।
  4. অতি ভক্তি চোৰৰ লক্ষণ
  5. অতিপাত শলাগণি ফুচুলনিৰ চিন, আপুনি আতৰি যাবা তাক কৰি ঘিণ: প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভোল গৈ কামত প্ৰবৃত্ত হ'লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচটনিত ভোল যোৱাৰ পৰা বিৰত থকাই ভাল।
  6. অভাবত স্বভাব নষ্ট: অতি প্ৰয়োজন পৰিলে সৎ‍ মানুহ এজনেও অসৎ‍ কাম কৰিব পাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্য্যৰ ভাল-বেয়া বিচাৰ কৰোঁতে কৰ্তাই কি পৰিস্থিতিত পৰি এনে কাৰ্য্য কৰিছে সেয়াও বিবেচনা কৰি চোৱা উচিত।
  7. অচিন কাঠৰ থোৰা নলগাবা: ঢেঁকীৰ থোৰাটো মজবুত হব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰ পৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাচনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকী মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।
  8. অল্প বিদ্যা ভয়ঙ্কৰী: আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক হ’ব পাৰে।
  9. অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰী সিজোৱা: ঢেৰুৱা ঠাৰী যিমান সিজালেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তাক যিমান বুজাব চেষ্টা কৰিলেও লাভ নাই।
  10. অবাবত তৰ্ক কৰা মূৰ্খৰ চিন: মূৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে।
  11. অকলশৰীয়া পহু, গায়ে মূৰে খহু: অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ হলেও চোৱা চিতা কৰা মনুহৰ অভাৱ।
  12. অথাই সাগৰত কাঠি-জাল বোৱা: অপ্ৰয়োজনীয় কাম কৰা।
  13. অনভ্যাসে হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়
  14. অহঙ্কাৰেই পতনৰ মুল (নীতি-বচন)
  15. অজাতত তুলসী অপাত্ৰত ৰূপহী: তুলসীক হিন্দুধৰ্মত পবিত্ৰ জ্ঞান কৰা হয়৷সৎ কৰ্মতহে তুলসী ব্যৱহাৰ কৰা হয়৷ অসৎ কৰ্মত ব্যৱহাৰ কৰিলে তুলসীৰ পবিত্ৰতা নষ্ট হয়৷ ঠিক তেনেদৰে যোগ্য পাত্ৰৰ হাততহে ৰূপ-গুণ সম্পন্না নাৰীৰ ৰূপ-গুণৰ মূল্য অটুট থাকে৷ অযোগ্য পাত্ৰৰ হাতত নাথাকে৷ অৰ্থাৎ যোগ্যজনৰ হাততহে সম্পদৰ গুৰুত্ব থাকে৷ অযোগ্যজনৰ হাতত সম্পদৰ কোনো গুৰুত্ব নাথাকে৷
[  ওপৰলৈ যাওক]

সম্পাদনা কৰক

  1. আগফালে তেতেলি পিছফালে ঔ, সেই ঘৰ মানুহৰ উঠিবৰ হ’ল নে নৌ?: যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সূৰ্য্যৰ পোহৰ ভালদৰে নপৰে, সেয়েহে সেই ঘৰৰ মানুহে ৰাতিপুৱা পলমকৈ উঠে।
  2. আইৰ সমান হব কোন, নৈৰ সমান বব কোন: মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও বব নোৱাৰে।
  3. আইয়ে চায় মুখলৈ, ঘৈণীয়ে চায় হাতলৈ: পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেওঁ খোৱা লোৱা ভালদৰে কৰিছে নে নাই চাবলৈ; আনহাতে ঘৈণীয়েকে হাতলৈ চায় তেঁওলৈ কি আনিছে চাবলৈ।
  4. আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল: থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয়, তেনেহলে সেয়া নথকাই ভাল।
  5. আঠুৱা চাই ঠেং মেলিবা
  6. অল্প আৰ্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ: যিমান সামৰ্থ্য সিমানহে খৰছ কৰিব লাগে, নহলে বিপদত পৰিব লাগে।
  7. আদাক দেখি উঠিল গা, কেঁটুৰিয়ে বোলে মোকো খা: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা।
    আদা আৰু কেঁটুৰি দেখিবলৈ একে, কিন্ত আদা হে খোৱাত ব্যৱহাৰ হয়, কেটুৰি কোনো কামত ব্যৱহাৰ নহয়।
  8. আনলৈ হুল পুতি নিজে মৰে ফুটি: আনৰ অনিষ্ট কৰাৰ চেষ্ঠা কৰিলে নিজৰে অনিষ্ট হয়।
  9. আপোন ভালেই জগত ভাল: যি নিজে ঠিক থাকে, তেওঁৰ বাবে বাকী সকলো ঠিকেই থাকে।
  10. আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত: ভবিষ্যতত কোনো কাম হ’ব বুলি আশা কৰি বহি থাকি লাভ নাই।
  11. আছে হেংদাং, লোৱা নাই; ললে হেংদাং চাৰন নাই বা আছে বেক্ৰা দা, লোৱা নাই; ললে বেক্ৰা দা চাৰন নাই: যুজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দুৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে।
  12. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ: নিজৰ অনিষ্ট কৰি হলেও শত্ৰুৰ অনিষ্ট কৰা - অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়।
    সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে (হাস্যাৰ্থত) যে এগৰাকীয়ে আনগৰাকীক ক'ৰবালৈ ওলাই যোৱাত বা কোনো কামৰ আৰম্ভনিত বাধা দিবলৈ নিজৰ নাকটো কাটি লৈ তেওঁৰ আগত দেখা দিব পাৰে - যাতে "বিকৃত দৃশ্য দেখিলোঁ" বুলি তেওঁৰ উৎসাহত যতি পৰে।
    কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাচ নোহোঁহকে। হিতাহিত জ্ঞানশুণ্য হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দুৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে।
  13. আৰ চিগা চুলি, তাৰ চিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপা: লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহৰ কৰা।
  14. আৰৈতকৈ উখুৱাৰ খচখচনি বেছি
  15. আলিবাটত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ: ঘৰত যিমান আছে বাহিৰত তাতকৈ বেছি দেখুওৱা।
  16. আগ তপা লনী, মাজ তপা ধনী, পিছ তপা শনি (ডাকৰ বচন): যি মানুহৰ মাজ মুৰতো তপা, তেও ধনী হব বুলি ভবা হয়।
    যি মানুহৰ পিছ মুৰতো তপা, তেওৰ দিন ভাল নহব বুলি ভবা হয়।
  17. আগফালে দুৱাৰ দাং, পাছফালে ধোবাং-বাং: আগফালৰ দুৱাৰ ভালদৰে মাৰি পিছফালৰ দুৱাৰ খোলা ৰখা। অৰ্থাৎ অনৰ্থক ভাৱে কোনো কাৰ্য্য কৰা ৷
  18. আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়: নেতৃবৃন্দ যিফালে যায় অনুসৰনকাৰী সকলো সেইফালে যায়।
  19. আনলৈ হুল পুতি নিজে মৰে ফুতি: আনৰ অনিষ্ট কৰিব গলে নিজৰহে ক্ষতি হয়।
  20. আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস: নিজৰ কাম আনে কৰি দিব বুলি ৰৈ থকিলে বিপদত পৰিব লাগে, সেয়েহে নিজে কৰিব লাগে।
  21. আহু চাবা গধুলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা (ডাকৰ বচন): আহু ধান গধুলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে।
  22. আদা বেপাৰীক জাহাজৰ খবৰ: অপ্ৰয়োজনীয় খবৰ বিচৰা।
  23. আৰ্জিলে নন্দ গোৱালে, খালে বোন্দা শিয়ালে: কোনোবাই কষ্ট কৰিলে, কিন্তু আন কোনোবাইহে ফল ভোগ কৰিলে
  24. আগ নুগুণি গুণে পাছ, লোভত মৰে বৰশীৰ মাছ: ভালদৰে চিন্তা-চৰ্চা নকৰি লোভত কিবা কাম কৰিলে বিপদত পৰিব লগিয়া হব পাৰে।
[  ওপৰলৈ যাওক]

সম্পাদনা কৰক

  1. ইয়াত মাৰিলো টিপা, গড়গাওঁ পালেগৈ শিপা: সাধাৰণতে উৰা-বাতৰি যি দ্ৰুত বেগে বিয়পে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
    উল্লেখনীয় যে কেতিয়াবা ইয়াক সাঁথৰ হিচাবেও ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে "ভূমিকম্প"। কোনটো আগতে সৃষ্টি কৰা জনা নগ’লেও ভূমিকম্প আৰু উৰাবাতৰিৰ বিস্তাৰৰ বেগৰ তুলনা কৰা হৈছে বুলি অনুমান কৰিব পৰা যায়।
[  ওপৰলৈ যাওক]