পৰভাতে শ্যাম কানু ধেনু লৈয়া সঙ্গে
।। ৰাগঃ শ্যাম।। তালঃ পৰি।।
ধ্ৰুং।। পৰভাতে শ্যামকানু ধেনু লৈয়া সঙ্গে।
বাঁশীৰ নিশানে বৃন্দাবনে চলে ৰঙ্গে।।
পদ।। জগতৰ গুৰু হৰি কাছি গোপ কাছে।
আভীৰ বালক বেঢ়ি চলে আগে পাছে।।
শিকা বান্ধি চান্দি কান্ধে লৈয়া দধি ভাত।
মাথায়ে চান্দনী জড়ি সাজে জগন্নাথ।
বাম কাষে শিঙা বেত নেতকৰ চেলি।
বহু ৰসে লাস বেশ কৰি চলে কেলি।।
অসংখ্য-সহস্ৰ শিশু ধেনু বৎসগণ।
শিঙা-শঙ্খ বেণু ৰাৱে পুৰয় গগন।।
নানান খেলান খেলে বহু ভাৱে গাৱে।
নানান বিনোদ ৰসে ভুৱন ভুলাৱে।।
বৈকুণ্ঠৰ পতি প্ৰভু বনে চাৰে ধেনু।
কহয় মাধৱ গতি কানু-পদ-ৰেণু।।