জনমৰ পৰা শুনি আহি আছো

মুকুতা মালাৰ কথা

ক’ত পোৱা যায় কেনেকুৱা বস্তু

কিন্তু নাই পোৱা দেখা

‘প্রিয়ে! শুনি যোৱা’ বুলি দিলো মাত

মাৰি হাঁহি মিচিকিয়া

হাঁহিয়ে হঁহাই উদঙালে দাঁত

ক’লো আঙুলিৰে ‘চোৱা’

আৰু আছো শুনি কিন্তু নাই দেখা

ৰঙা পোৱালৰ মণি

আকৌ দেখুৱালো প্রিয়তমা ওঁঠ

হেঙুলি পোৱাল মণি

কাঁইট নথকা ৰূপহ গোলাপ

বোলে পৃথিৱীত নাই

একোকে নামাতি প্রিয়াৰ দুগাল

থাকিব ধৰিলো চাই

ক’ত আছে এনে অপূৰ্ব পদুম

ৰাতি দিনে থাকে ফুলি

চকুৰে দি ঠাঁৰ দেখালো প্রিয়াক

মুখেৰে একো নুবুলি

প্রেমৰ প্রতিমা চেনেহ পুতলা

কোন খনিকৰে কৰে

যেয়ে বা কৰক সেইটি প্রতিমা

এই চোৱা মোৰ ঘৰে