প্ৰাণনাথ নকৰা বঞ্চিত
।।ৰাগঃ কৌ ।।তালঃ যতি।।
ধ্ৰুং|| প্ৰাণনাথ নকৰা বঞ্চিত| তোহাৰি বিয়োগ আগি
দহে মোৰ চিত্ত|| ঐ বন্ধু মাধৱ হে||
পদ।। পতি সুত সুহৃদ সোদৰ বন্ধুজন
সব সুখ তেজি তেৰি ভজিলোঁ চৰণ||
সোহি প্ৰাণনাথ তুহো যাহা কাহা লাগি|
নৰহে জীৱন মেৰি তেৰি লাগি আগি||
সব তেজি গোহাৰি চৰণে কৈলোঁ আশ|
ভকত-বত্সল স্বামী নকৰা নৈৰাশ||
বিনে তুহো ৰহব জীৱন নাহি মোই|
তুহো বিনে হামাৰি বান্ধৱ নাহি কোই||
হাস্য নিৰীক্ষণ তেৰি মধুৰ আলাপ|
সুমৰি সুমৰি মেৰি মিলে হৃদিতাপ||
ধৰণী লুটিয়া গোপী কৰত ক্ৰন্দন|
কহয় মাধৱ গতি নন্দেৰ নন্দন||