প্ৰকাশ
জীৱনৰ বিলাস ডাৱৰে ঢকা আজিৰ এই পুৱাৰ আকাশ
ৰঙালী কৰিলে সোণ ; তোমাৰেই দুচকুৰ প্ৰণয় প্ৰকাশ !
অনন্ত কপনি যিটি মাৰ যায় জীৱনৰ আজিৰ এই ৰাতিৰ খেলাত
কিৰণে কিৰণে নাচে ধৰণীৰ দুদিনীয়া ভালপোৱা
মোহৰ মায়াত !
তোমাক নাজানো মই - নিচিনো কদাপি সোণ
এটি প্ৰণয়ৰ মোহন পুতলি ।
কামনাৰ শতবহ্নি সহজ প্ৰভাৰে চুই ভাল জানো
পাম হায় হৃদয় আকুলি ?
নাচিছে প্ৰাণৰ জ্যোতি অনাবিল প্ৰণয়েৰে হয়তোবা তাতেই আকুল ;
মনৰ পখীটি মোৰ কৰি জানো পাব পাৰে
সৃষ্টিৰ সাগৰ দুকুল !
বিনাশি সৌন্দৰ্য্য এই দীপ্ত হাবিলাস !
যোৱা আজি প্ৰভাত শেষত !
পুৱাৰ পোহৰে চুমে নয়নৰ নীলমনি
ধৰণীৰ ধূলিটি উৰাই
আৰতি নকৰোঁ আজি, নাযাচোঁ ফুলৰ মালা
–নিৰূপমা তোমাক দুনাই ।