এমোকোৰা হাঁহি লই শুৱনি মূখত


এমোকোৰা হাঁহি লই শুৱনি মূখত
ৰাঙলী বহাগী নাচে কাৰ পদূলিত
উৰুঙা পঁজাত বহি উৰুকাৰ নিশা
অকলশৰীয়া মই এই দূৰণিত !
নাই দেখা বিহু নাচ নাচনী হঁতৰ
শুনা নাই মউসনা বনগীত ফাঁকি
উৰণীয়া কল্পনাৰ সপোন ৰেখাৰে
সপোন মনতে মাথো ছবি খনি আঁকি
উলাহতে হাঁহো মই আপোন পাহৰি
আহিব বহাগী বুলি, নিবহি আদৰি
তাৰে এটি ৰেণু কণা চেনেহেৰে আনি
বতাহৰ বোকোচাত পঠিয়ালো বান্ধি ।।