পৃথিৱীৰ চকুপানী কোনে মচি
পৃথিৱীৰ চকুপানী
কোনে মচি দিবি আজি
সাজি দিবি পোহৰৰ নৱ বাস্তৱ,
দুৱাৰে দুৱাৰে গৈ
দুখিতৰ ঘৰে ঘৰে
অন্ধক চকু দিয়
নিৰাশাক আশা দিয়
মুকক ভাষা দিয়
নিৰ্জীৱক জীৱ দিয়
গানেৰে সুৰেৰে দিয়
জীৱনৰ দৃষ্টি অভিনৱ৷
জনতাৰ প্ৰাণে প্ৰাণে
জ্বলালি কি সঞ্জীৱনী শিখা
কপালত লিখি দিলি
বুকুৰ তেজেৰে তোৰ
কিনো নৱতম ভাগ্য-লিখা
যুগাগ্ৰগামী------ নৱ জনজীৱনৰ বিপ্লৱী-শিল্পী
অনাগত কালৰ জ্বল’ জ্যোতি ৰেখা
ভাবিস্যতিকা চিত্ৰলেখা৷৷