পৃথিৱীত থাপিবলে’ শান্তি
পৃথিৱীত থাপিবলে’ শান্তি
ঘৰে ঘৰে জ্বলাবলে’
সমৃদ্ধিৰ বন্তি
সৌন্দৰ্য্যৰে কৰিবলে পৃথিৱী ধুনীয়া৷
বিশ্বভুবন ঘুৰি
গ্ৰহে গ্ৰহান্তৰে ফুৰি
মানুহৰ ৰূপলৈ
আহোঁ মই
শিল্পী সত্তা--- যাউতিযুগীয়া৷
এই পৃথিৱীলে’ আহোঁ
অশৰীৰী বিশ্বব্যাপী খনিকৰ
পাতিবলে’ লীলা থলী
শান্তি সমৃদ্ধি সৌন্দৰ্য্যৰ৷
শিল্পীৰ----মানুহৰ এয়ে শেষ কথা
এই পৃথিৱীৰ জীৱনৰ
মহা আদৰ্শৰ৷৷