যিদিনা মৰিম মই, সেইদিনা বাৰু

জগতৰ কেনি হানি হ'ব?

মৰিলো নে আছো, মই, এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

মই মৰিলেও দিন গলে ৰাতি হ'ব,

জোন বেলি ওলায়ে থাকিব;

গছত ফুলিব ফুল, বতাহ বলিব,

নিজ বাটে নক্ষত্ৰ ঘূৰিব।

আজিৰ দৰেই নিতে জগত চলিব,

নাই তাত অকণো সংশয়;

এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে

লৰ-চৰ অলপো নহয়।

মই নোহোৱাৰ বাবে এই জগতৰ

কোনো পৰি নাথাকিব,

কামত বিভোৰ এই বিশাল বিশ্বই

মই মৰা গমকে নেপাব।

অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ

এটি মাত্ৰ ধূলি-কণা মই ;

মোৰ অবিহনে এই বিপুল সৃষ্টিৰ

কেনিও অকণো হানি নাই।