দামোদৰ ব্যাখ্যা
[ বেটুপাত ]
দামোদৰ ব্যাখ্যা।
⸻•—•⸻
শ্ৰীধনিৰাম দাস,
ৰচোঁতা আৰু প্ৰকাশিতা।
কলিকাতা,
উইলিয়ম্স্ লেন, ৪ নং ভবনস্থ
দাস যন্ত্ৰে,
শ্ৰীঅমৃতলাল ঘোষ কৰ্ত্তৃক মুদ্ৰিত।
⸻
১৩২২।
বেচ √০ অনা মাথোন।
[ প্ৰথম পৃষ্ঠা ]
দামোদৰ ব্যাখ্যা।
⸻০—০⸻
শ্ৰীকৃষ্ণায় নমঃ।
জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন।
জয় দামোদৰ দেব দৈবকী নন্দন॥
কৃষ্ণ, চৈতন্যক নমো নমো সভাসদ।
মূৰ্খ হৈয়া ৰচিবোহে৷ ভাগবত পদ॥
সংসাৰত ভক্ত গুৰু আছে যত যত।
একেবাৰে প্ৰণামোহো সব চৰণত॥
গুপ্ত কথা প্ৰচাৰিব দামোদৰ দেৱ।
তাৰ চৰণত কৰো লক্ষকোটী সেৱ॥
মই অজ্ঞানৰ দোষ ক্ষমিবা কাৰণে।
দামোদৰ ব্যাখ্যা সবে শুনা সাবধানে॥
বঢ়া টুটা দোষ মোৰ ক্ষমিবা সম্প্ৰতি।
এতেকে সবাকো মই কৰোহো প্ৰণতি॥
নিৰ্জ্জান থানত বসি আছে একেশ্বৰে।
দুই পৰ ৰাত্ৰি বহি গৈলা অনন্তৰে॥
বিশ্বাষৰ কথা শুধিলন্ত ৰামৰাই।
যাৰ জন বৈষ্ণব যে বসি এক ঠাই॥
হে প্ৰভু দামোদৰ দেৱৰ আদি দেৱ।
ইহ পৰলোকে তুমি বিনে নাহি কেৱ॥
তুমি সে সুহৃদ বন্ধু তুমি মোৰ প্ৰাণ।
তোমাত পৰে সে বন্ধু মোৰ নাই আন॥
গোপ্য কথা প্ৰভু মই শুধিবাক চাওঁ।
তযু চৰণৰ যেন অনুগ্ৰহ পাওঁ॥
দামোদৰে বোলে আবে শুনা ৰামৰায়।
শুধা তুমি গোপ্য কথা কহিবোহো মই॥
শুধিলাহা ৰামৰায় পৰি দণ্ডৱতে।
কহিয়োক প্ৰভু পুণ্য ভৈলা কেন মতে॥
কৈৰ হন্তে আসি সিটো পূণ্য নাম ভৈলা।
কেন মতে প্ৰভু ইটো জগত ব্যাপিলা॥
বাৰ যুগ আসি আৰু হৈলা কেন মতে।
কহিয়োক প্ৰভু মই শুনিব সততে॥
তোমাৰ আগত শুধিবাক লাগে ভয়।
কহিয়োক বাৰ যুগ কাকনো বোলয়॥
বাৰ গোট যুগ প্ৰভু হৈছে কোনে কোনো
ভাগে ভাগে কহিয়োক শুনু সাবধানে॥
চৈদ্ধ খন ব্ৰহ্মাণ্ড স্ৰজিলা কেন কৰি।
তলাতল কেন মতে ধৰিলন্ত হৰি॥
দামোদৰে বোলে শুনিয়োক ৰামৰায়
তুমি বিনে আমাৰ বান্ধব আন নাই॥
বাৰ জন ভক্ত সমে শুনা সাবধানে।
গোপ্য কথা কহো মই শুনিয়ো শ্ৰবণে॥
ৰামানন্দ আতা জানা আৰু আতা হৰি।
ৰঘুনাথ আৰু মনু আতা আদি কৰি॥
জগন্নাথ আতা জয় আতা ৰাম দাস।
বিষ্ণুদাস আদি আতা জানিবা নিশেষ॥
বেদানন্দ আতা আৰু আতা কৃষ্ণনন্দ।
মধু আতা সমে মিলি কৰয় আনন্দ॥
পৰমানন্দ আতা তোৰা শুনিবা নিশ্চয়।
তোৰা সম বান্ধব আমাৰ কোন নাই॥
কহিবোহো কথা মই শুনা ৰামৰায়।
বিশ্বাষৰ কথা মই কহিব বুজাই॥
এহি বলি দামোদৰে কহিবাক লৈলা।
শঙ্কৰ মাধব আসি উপস্থিত ভৈলা॥
অনেক আশ্বাষ কৰি আসনক দিলা।
ৰঙ্গ মনে দুয়ো জনে আসনে বসিলা॥
সেহি বেলা ৰামৰায় আগে স্থিতি ভৈলা।
কৃতাঞ্জলি কৰি পাচে প্ৰণাম কৰিলা॥
আঠু কাঢ়ি ৰামৰায় কৰে দণ্ডবত।
কান্দিয়া কান্দিয়া কহে দুহানো আগত॥
মোত পৰ সংসাৰত অভাগীয়া নাই।
গঙ্গাত স্নানিতে গৈলে গঙ্গায়ো শুকাই॥
হেন শুনি মাধবে যে বুলিলা বচন।
গঙ্গাত স্নানিতে গৈলে শুকাই কি কাৰণ॥
কল্পতৰু বৃক্ষ যেন সবাতে সমান।
মাগন্ত জনক মাত্ৰ কৰে ফল দান॥
নামাগিলে কদাচিতো যাচি নেদে গছে।
হেনয় বৃক্ষক কোনে বিশ্বায় কৰি আছে॥
শঙ্কৰে বোলন্ত আবে শুনিয়ো গোসাই।
শোধন্ত জনক কথা কহিবে লাগয়॥
নকহিলে পাপ হয় সৰ্ব্বলোকে কয়।
প্ৰাৰ্থন্ত জনক কথা কহিবে লাগয়॥
ভাৰতবৰিষে কথা আছে যত যত।
সবাকো কহিব মই তুমাৰ আগত॥
তোমাৰ আমাৰ কিছো ভিন্ন ভাব নাই।
গোপ্য কথা নাৰাখিয়া কহিব বুজাই॥
সবাৰো আগত কহে দামোদৰ দেৱে।
প্ৰথমতে চৈতন্যক কৰিলন্ত সেৱে॥
তেওঁ যত কহিয়াছে মোক সমুদয়।
সবাকো কহিব আজি তোমাত বুজাই॥
তাহাক প্ৰণামি কহো তাহাৰ সন্মত।
প্ৰথমতে কহো পূণ্য ভৈলা কেন মত॥
নাই জল নাই থল নাহিকে আকাশ।
নাই দিন নাই ৰাতি অগ্নিৰ প্ৰকাশ॥
চন্দ্ৰ সূৰ্য্য নাই আৰু নাই দিশ পাশ।
তাতে আসি মহাপ্ৰভু ভৈলন্ত উদাশ॥
শূণ্যে শূণ্যে আসিলন্ত শূণ্যে অনুপম।
কিবা শূণ্যে আসিলা নাহি তাৰ নাম॥
শূণ্যেতে মলয়া বায়ু ঘুৰিয়া আছিলা।
অনেক থানৰ হেম গুণ্ডিক আনিলা॥
এক পিণ্ড হৈয়া সিটো ভ্ৰমিবাক লৈলা।
ভ্ৰমন্তে ভ্ৰমন্তে তাতে কত কাল গৈলা॥
কত যুগ গৈলা তাৰ নিৰ্ণয় ন ভৈলা।
স্থিতি হৈয়া জানা নিজ ৰূপক ধৰিলা॥
কত দিন থাকি পাচে বাহিৰ কৰিলা।
যেন তুষে অগ্নি থাকি ভিতৰে জলিলা॥
বাহিৰত দেখি মাত্ৰ ধুম্ৰ অতিশয়।
তৃণ পালে সেহি অগ্নি জলে বাজ হয়॥
সেহি মতে ধুম্ৰ পাচে কহিবাক লৈলা।
মলৱাৰ বায়ু লাগি ফিৰি বাজ ভৈলা॥
আকৃতি নাহিকে তাৰ দিব্য এক স্থূল।
তেৱে ব্ৰহ্মা ভৈলা জগতৰ আদি মূল॥
থুল হন্তে এক গোট শব্দ উঠিলা।
শব্দ গোট সবাক যে বিয়পি ৰহিলা॥
তেতিক্ষণে পূণ্য তৈত উৎপতি হৈল।
এতেকেসে পূণ্য ব্ৰহ্মা জগতৰ মূল॥
শব্দ হন্তে এক নাদ হৈল উৎপতি।
চাৰি যুগ তেতিক্ষণে গৈলেক সম্প্ৰতি॥
প্ৰথমতে ভৈলা যুগ কৃষ্ণ অন্ধকাৰ।
অনিলা স্বরূপে পূণ্য ভৈলা অৱতাৰ॥
তাত পাচে যুগ আসি ভৈলা শূণ্যকাৰ।
নিলা অৱতাৰ পূণ্য চন্দ্ৰৰ আকাৰ॥
তাত পাছে উদ্ধাৰ যে যুগ আসি ভৈলা।
পূণ্য অৱতাৰে পূণ্য তথাতে ধৰিল৷॥
নিৰাকাৰ যুগ বিন্দু মিলিলন্ত পাচে।
উঙ্কাৰ যে নাম ধৰি পূণ্য ধৰি আছে॥
এহি চাৰি যুগ যেবে আচয় নিৰ্ণয়।
চাৰি যুগে ভর পূণ্য কৰিছে বিষয়॥
নিৰ্ণয়ত চাৰি যুগ বহি দিন গৈলা।
ততকাল মানে পূণ্য শূণ্যতে ঘুৰিলা॥
চেতন লভিয়া পাচে মনে গুণি চালা।
প্ৰভুৰ দিনৰ যুগ তথায় নভৈলা॥
আৰু কত কাল মানে ভ্ৰমন কৰিলা।
শূণ্যতে মলয় বায়ু ধৰিয়া আছিলা॥
স্থুল হৈয়া কতক্ষণে শবদ উঠিলা।
মলয় গুণ্ডিকা সব এক থান ভৈলা॥
যুগ পাতি চাৰিক যে নিৰ্ণয় কৰিলা।
ইটো কথা এহি মানে সম্বৰিয়া থৈলা॥
শুনা সাধু সব আৰু শুনা ৰামৰায়।
পূণ্য জন্মৰ কথা কহিলো বুজাই॥
পূণ্যৰ বিষয় যুগে যুগে অৱতাৰ।
তোমাৰ আগত যুগ কৰিব প্ৰচাৰ॥
আৰু কওঁ শুনিয়োক ব্ৰহ্মাণ্ডৰ কথা।
আদি পূণ্য কৰিলন্ত যেমত ব্যবস্থা॥
সাধু সাধু কহিয়া শঙ্কৰে প্ৰশংসিলা।
পূৰ্ণব্ৰহ্মা আসি তুমি ভাবতে নামিলা॥
যিটো কথা কৰ্ণৰ গোচৰে নাহি শুনি।
আমাৰ আগত তাক কহিয়ো আপুনি॥
দামোদৰ বদতি যে শুনিয়ো শঙ্কৰ।
ৰামৰায় আদি যত শুন নিৰন্তৰ॥
এহি আঠ যুগ জানা ভৈল যেন মতে।
আদি দেব ব্যক্ত কথা শুনা এক চিত্তে॥
শব্দ ব্ৰহ্ম আপুনি আকাৰ নিৰাকাৰ।
পুণৰূপি বাজ ভৈলা আদি যে ঈশ্বৰ॥
বাজ হৈয়া আদি দেবে চক্ষু মেলি চালা।
বসিবাৰ আসনক সুবৰ্ণৰ পালা॥
মনে মনে গুনি পাচে মায়াক স্ৰজিলা।
যোগবলে ধ্যান কৰি শূণ্যতে বসিলা॥
যোগবলে পক্ষী যেন ওপৰে উৰাই।
সেহি মতে পূণ্য যেবে শূণ্যতে ঘুৰাই॥
যোগী যেন ধ্যানে থাকি চেতন নাপাই।
সেহি মতে যোগ ধৰি চিত্তত সদাই॥
মায়াবলে নিৰ্ম্মিলা সমস্ত ভূতগণ।
তাতে প্ৰবেশিলা অন্তৰ্য্যামী নাৰায়ণ॥
পাঞ্চ ভূত এক কৰি পাতিলন্ত খেলা।
শুনিয়ো ব্ৰহ্মাণ্ড খন শূণ্যতে থাপিলা॥
তিনি গুণে তিনি জৰি তলত পাৰিলা।
শুক্ল বিন্দু চাং কৰি ওপৰে থাপিলা॥
সূৰ্য্যৰ ওপৰে পাচে মেণ্ডুকি বসালা।
তাহাৰ ওপৰে যেবে কৈলাশ থাপিলা॥
তাহাৰ ওপৰে সৰ্পৰূপ বসাইলা।
তাৰ ওপৰত প্ৰভু অনন্ত যে ৰৈলা॥
তাৰ যে সহস্ৰ ফেনা ঝাতিষ্কাৰ ভৈলা।
তাৰ আঠ ফেনা আঠ দিশে বহি গৈলা॥
অনন্তৰ ওপৰত দিগজ বসালা।
দিগজৰ ওপৰত পৰ্ব্বত থাপিলা॥
পৰ্ব্বতৰ ওপৰত থাপিলন্ত মহী।
যেন চাং খন আছে ওপৰত ৰহি॥
হেন শুনি ৰামৰায় যুৰি যোৰ হাত।
কোনে ভৈলা পাঞ্চ তত কহিয়ো আমাত॥
কোনে ভৈলা তিনি গুণ কহা ভাগ কৰি।
নমস্কাৰ কৰো প্ৰভো চৰণত ধৰি॥
মেণ্ডুকি কশ্যপ শয্যা দিগজ পৰ্ব্বত।
কোনে কোনে ভৈলা আসি কহিয়ো আমাত॥
দামোদৰ বদতি শুনিয়ো ৰামৰায়।
পাঞ্চতত্ব পাঞ্চভূত কহিব বুজাই॥
পাঞ্চতত্ত্ব নিৰঞ্জনে কৰিলা স্ৰজন।
ৰূপৰস গন্ধৰস শব্দৰ কাৰণ॥
হেন শুনি ৰামৰায় মুণ্ড তুলি মাতি।
ভাগে ভাগে কহিয়োক শুনু কৰ্ণ পাতি॥
দামোদৰে বোলে আবে শুনা ৰামৰায়।
মথা নামে ৰস এক জানিবা নিশ্চয়॥
মথানক বোলে বিন্দু অমৃত উথয়।
বিন্দু সমে ৰক্ত আসি একত্ৰ মিলয়॥
তেজে সঞ্চৰূপ বাঢ়ে জানিবা নিশ্চয়।
দুগ্ধ জলে ৰস এক শুনা মহাশয়॥
চাৰিৰো মাজত শব্দ সঘনে উথয়।
আকে পাঞ্চতত্ব বোলে চেদিলো সংশয়॥
আকে পাঞ্চভূত বুলি পুনঃ অংশে ভৈলা॥
জল স্থল নাহি প্ৰভু শূণ্যে থাপি থৈলা॥
আপুনাৰ মুখে পাচে শব্দ উচ্চাৰিলা।
ওঙ্কাৰ টুঙ্কাৰ হুঙ্কাৰ নাম থৈলা॥
স্ৰজন পালন সংসাৰণ যেৱে কৈলা।
এহি তিনি নামে তিনি গুণ আসি ভৈলা॥
স্বত্ত্ব গুণে নিজ নাম ভক্তি মাজে নিলা।
শবদ স্বৰূপে প্ৰভু গাৱে গাৱে দিলা॥
ঘৰে ঘৰে ব্ৰহ্ম নাম প্ৰচাৰ কৰিলা।
কৌটিকৰ মাজত এটী বুজি পাইলা॥
পঞ্চ যে একত্ৰ হৈয়া মেণ্ডুকি হইছে।
পাঞ্চ যে একত্ৰ হৈয়া সৰ্প হৈ আছে॥
পঞ্চ যে একত্ৰ হৈয়া দ্বিগজ বহিছে।
একে পাঞ্চ পৰ্ব্বত সবাতে ধৰি আছে॥
এহি বাৰ জন ভক্ত সচংঙতে আছে।
তিনি তিনি জনে সঙ্গ কৰিলন্ত পাচে॥
মেণ্ডুকি কাশ্যপ শল্য সঙ্গ কৰিলন্ত।
অনন্ত দ্বিগজ গিৰি সঙ্গ যে ভেলন্ত॥
স্বত্ত্ব গুণে ভক্ত ৰজ গুণে পাৰিষদ।
তমোগুণে যোগী আক জানিবা আনন্দ॥
পদ্মযে অনিল এক ৰক্তকাত্তি হোৱয়।
পদ্মযে অনিল আক শুনিয়ো নিশ্চয়॥
কাশ্যপ যে পাৰিষদ মেণ্ডুকি ভকত।
পৰ্ব্বত নিৰ্গুণা তাৰ জানিবা সাক্ষাত॥
বাৰ জন মহন্ত আক জানিবা নিশ্চয়।
নিবিৰ স্বরূপে তাৰা কীৰ্ত্তন কৰয়॥
হেন শুনি ৰামৰায় বুলিলা বচন
কেন মতে নিবিৰ যে কৰন্ত কীৰ্ত্তন॥
দামোদৰ বদতি শুনিয়ো ৰামৰায়।
নিবিৰ কীৰ্ত্তন খন কাহাক বোলয়॥
ধূপ দীপ নৈবেদ্য চন্দন যে সম্ভাৰ।
আপনাতে অৰ্পি সবে কৰে ঝাতিষ্কাৰ॥
হৃদি মধ্যে বসি জীয়ে চিন্তি কাক লয়।
তল মুখে গুৰু নিয়া আসনে বসায়॥
নাম মালা ধৰি অষ্ট সত্য জপ কৰে।
কীৰ্ত্তনক স্মৰি থাকে কণ্ঠৰ ভিতৰে॥
পৰমাত্মা গুৰু জীৱ শিষ্য বুলি কয়।
সেবাক সম্বৰি চলি যাই নিজ ঠায়॥
নিজ নাম গুণে যেবে জীৱ হৈয়া আছে।
আৰু দুই জনে বাদ্য থাপিলন্ত পাচে॥৷
বাহিৰত চন্দ্ৰ সূৰ্য্য একত্ৰে জলয়।
প্ৰলয় ভৈলেসে তাৰ প্ৰকাশ গুচয়॥
জীৱ আত্মা গোটে শিষ্য পৰমাত্মা গুৰু।
বায়ুৰূপে প্ৰবেশিলা যেন কল্পতৰু॥
ওঁং বুলিলন্তে পৰমাত্মা বাজ হয়।
সঙ্গ সোমাই গুৰুই চক্ৰতে ঘূৰায়॥
ওঁং হুং সঙ্গ নাম ব্ৰহ্মা তিনি সঙ্গ জানা।
তিনি নামে তিনি সঙ্গি, একে পোনে মানা॥
গুৰু শিষ্যে একে কাঁয় ভিন্ন ভাৱ নাই।
পৰিচয় ভৈলে পাচে হোৰে এক ঠাই॥
মাধবে বোলন্ত প্ৰভু শুনিয়ো কাৰণ।
কোনে ভৈল ধুপ দীপ কহিয়ো এখন॥
দামোদৰ বদতি যে শুনিয়ো মাধৱ।
ইসব কথাক তুমি নকৰা সংশয়॥
পূৰ্ণব্ৰহ্ম চব্বিশ তত্ত্ব ভৈলা যেবে।
থানে থানে আসনত বসিলন্ত তেবে॥
ভাগে ভাগে তোমাত যে কহিব বুজাই।
তোমাৰ আমাৰ একো ভিন্ন ভাৱ নাই॥
কাত কোনে আশ্ৰয় কৰিছে সৰ্ব্বদাই।
কথা সম্প্ৰদায়ে তাক কহিব বুজাই॥
একে জানি সভাসদ এৱা আন মতি।
ৰাম কৃষ্ণ বুলি সাধা জীৱৰ মুকুতি॥
⸻
কথা।
আকাশ শবদ, বায়ুৰ পৰশ, অগ্নিৰ রূপ, জলৰ ৰস, পৃথিবীৰ গণ, এহি পাঞ্চ ভূত। ক্ষিতি, অপ, তৈজ, বায়ু, আকাশ, এই পাঞ্চ তত্ত্ব। ভগ, চক্ষু, সুত, নাশা, জিভা, বাক, পাণী, পাদ, পদ্ম, উপস্থা, এহি দশ ইন্দ্ৰিয়। ইহাৰ অধিকাৰী কহো, দুকৰ বায়ু, চক্ষুই আদিত্য, শ্ৰোতয় দিশ, নাশিকায় কুমাৰ, জিভায় বৰুণ, বাক্যৰ হুতাশন, পাণীৰ ইন্দ্ৰিয়, পদৰ বিষ্ণু, পাৱৰ মিত্ৰ, উপস্থৰ প্ৰজাপতি, এহি দশ ইন্দ্ৰিয়ৰ দশ অধিকাৰী। আৰু এক মনে চাৰি ৰূপ নৱনন্দ, ভবনন্দ, চিত্ৰকেতু, নিৰঞ্জন, চিত্তে নিৰঞ্জন, অহঙ্কাৰ চিত্ৰকেতু, মনে নৱনন্দ, বুদ্ধিয়ে ভবনন্দ, এহি চাৰিৰ অধিকাৰী কহো শুনা, মনৰ চন্দ্ৰ, বুদ্ধিৰ ব্ৰহ্ম, অহঙ্কাৰৰ ৰুদ্ৰ, চিত্তৰ বাসুদেব, দশ ইন্দ্ৰিয়ৰ দশ অধিকাৰী * ইহাকে চৈদ্ধ সাক্ষি বোলে, প্ৰকৃতি, মহাতত্ত্ব এহি সমে ষোড়শ জানিবা পাঞ্চভূত পাঞ্চতত্ত্ব; দশ ইন্দ্ৰিয়ৰ চাৰি মন; এহি চব্বিশ তত্ত্ব; ইহাৰ সঙ্গি কহো শুনা, ৰূপে বিন্দুই সঙ্গি, পৰশে, শবদে, মৈত্ৰয়ে তিনি সঙ্গি। আকাশ বায়ু, পৃথিবী তিনিয়ো সঙ্গি। অগ্নি, গন্ধ দুই সঙ্গি। চক্ষুয়ে, কৰ্ণে কৰ্ণে, নাশারে নাশায়ে, বাক্যে বাক্যে, চৰ্থে চৰ্থে, জিভায়ে জিভায়ে, হস্তে হস্তে, পদে পদে, গুহ্যে গুহ্যে, লিঙ্গে এই দশ চাৰিৰ সঙ্গি। দেবসমে ভিতৰৰ সঙ্গি কহো শুনা, চক্ষুয়ে আদিত্যে, কৰ্ণে দিশে সঙ্গি, নাশায়ে কুমাৰে সঙ্গি, বাক্য হুতাশনে সঙ্গি, শ্ৰমে বায়ুয়ে সঙ্গি, জিভায়ে বৰুণে সঙ্গি, হস্তে ইন্দ্ৰে সঙ্গি, পদে বিষ্ণুই সঙ্গি, গুহ্যে মৈত্ৰয়ে সঙ্গি, লিঙ্গে প্ৰজাপতি সঙ্গি। চাৰি মনৰ সঙ্গি কহো শুনা, মনৰ সঙ্গি চন্দ্ৰ, বুদ্ধিৰ সঙ্গি ব্ৰহ্মা, [ ১৩ ] অহঙ্কাৰৰ সঙ্গি ৰুদ্ৰ, চিত্তৰ সঙ্গি বাসুদেব, প্ৰকৃতি, মহাতত্ব দুই সঙ্গি। নিবিৰ সেৱাৰ দৈব কহো শুনা, প্ৰকৃতি, প্ৰসাদ, মহাতত্ত্ব, লিপন, চক্ষুই গাছা, আদিত্যে বাতি, ককনে আসন, কুমাৰে চন্দন, বাক্যে কৰন্দি, হুতাশনে পুষ্প, চৰণে কৰণ্ডি, বায়ুৱে প্ৰাণ, জিভায়ে কৰন্দি, বৰুণে চূণ, হস্তে কৰণ্ডি, ইন্দ্ৰে থগি, বিষ্ণুয়ে প্ৰসাদ, গুহ্যে আসন, অমৃতে কল, লিঙ্গে থগি, প্ৰজাপতিয়ে লোণ, আদা গাজি এহি মতে থাপি চিন্তিবা ইহাকে নিবিৰ পূজা বোলে। পাঞ্চতত্ব একে পোনে দুই জনিয়া, তিনিয়ো সঙ্গ কৰি আছে। দশ ইন্দ্ৰিয়ৰ সঙ্গ কহো, একে আদিত্য, বাতি তেল পলিতা, অগ্নিয়ে বাৰনি বাৰি গাছা। পূণ্যে হইছে আৰু ছয় জনীয়া একে সঙ্গি, আসন, ধূপ, অগ্নি এই তিনি জনে সঙ্গি, আসনে চন্দনে সঙ্গি, কৰণ্ডি পুষ্পে সঙ্গি, পানে চূণে সঙ্গি, গুৱা, পান, চূণ, এই তিন জনে সঙ্গি, মৃত্যু- কালে একে লগে প্ৰাণ ত্যাগ কৰে ইয়াকে প্ৰাণ সঙ্গি বোলে। থগি আৰু প্ৰসাদ দুই সঙ্গি, কল, থগি, আদা, লোণ, গাজি, উপাশা এই ছয় জনে সঙ্গি। পাঞ্চতত্বৰ আসন কহো; ৰূপ বহিছে ৰক্ত সাক্ষিৰ মাজে; ৰস বহিছে সংখ্যা ভৰিৰ নাৰিৰ মাজে; শব্দ বহিছে ইঙ্গুলা, পিঙ্গুলা নাৰিৰ মাজে; বিন্দু বহিছে হেঠ কমলা নাৰিৰ মাজে; ৰস বহিছে সৰ্ব্বাঙ্গতে আছে; এই স্বৰূপে পূণ্য পাঞ্চ আসনত মূৰ্ত্তি ৰূপে আছে। পাঞ্চভূতৰ আসন কহো, আকাশ বহিছে নাভি পদ্মত, বায়ু বহিছে চন্দ্ৰ মণ্ডলত, অগ্নি বহিছে কুণ্ডলনি নাৰিৰ মাজে, পৃথিবী বহিছে ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত, এই পাঞ্চভূত পাঞ্চ আসন এই বিলাক মূৰ্ত্তিস্বৰূপ জানিবা।
⸻
পদ।
সেহি বেলা ৰামৰায় পুচিলা দুনাই।
নিবিৰ কীৰ্ত্তন খন কহিলা বুজাই॥
আবে শুনো কহো সৃষ্টি সম্প্ৰদায় কথা।
আদি পূণ্য কহিলন্ত যেহেন ব্যৱস্থা॥
চৈদ্ধ খন ব্ৰহ্মাও সাজিলা কেন কৰি।
চাৰি কোন কেন মতে ধৰিলন্ত হৰি॥
হেন শুনি দামোদৰে দুনাই কহিলা।
শুনা চৈদ্ধ সম্প্ৰদায় যেন মতে ভৈলা॥
আপোনাৰ চৰণক ব্ৰহ্মাণ্ড কৰিলা।
বিশ্বকৰ্ম্মা ৰূপে পূণ্য তাহাত ধৰিলা॥
পাচে জানা নিজে সিটো অষ্ট মূৰ্ত্তি ভৈলা।
পৰ্ব্বত স্বৰূপে আঠ দিশত ৰহিলা॥
লক্ষেক উদ্ধত যে পৰ্ব্বত এক ভৈলা।
এতেকে ব্ৰহ্মাণ্ড ভিন্ন ভিন্ন নাম থৈলা॥
বিশ্বকৰ্ম্মে পৰ্ব্বত যে ব্ৰহ্মাণ্ড সহিতে।
তিনি জনে সঙ্গি কৰি ৰহিলা তহিতে॥
তাহাৰ ওপৰে মহাতল যে থাপিলা।
তক্ষক স্বৰূপে জানা আপনি ৰহিলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিলা।
আঠ ৰূপে আঠ নাম একে জনে ভৈলা॥
পৰ্ব্বতে তক্ষকে মহাতল যে লোকত।
তিনি জনে সঙ্গি কৰি ৰহিলা তথাত॥
তাহাৰ ওপৰে ৰসাতল যে থাপিলা।
দৈত্যেশ্বৰ ৰূপে পুণঃ তাহাতে থাকিলা॥
তাৰ আঠ দিশে আঠ পৰ্ব্বত ৰহিলা।
একে পুণঃ বৃক্ষ আঠ দিশত থাকিলা॥
ৰসাতলে দৈত্যশ্বৰ পৰ্ব্বতে সঙ্গি ভৈলা।
বিশ্বময় চাৰিয়া তহিতে নিজে ৰৈলা॥
তাহাৰ ওপৰে পাচে অটল বসালা।
তাৰ আঠ দিশে পৰ্ব্বত থাপি থৈলা॥
ময়দানবৰ ৰূপ পুণঃ যেবে ভৈলা।
আঠ গোট নাম পুণঃ তথাতে ধৰিলা॥
অতলত দানব যে পৰ্ব্বত সহিতে।
তিনি জনে সঙ্গি কৰি ৰহিলা তহিতে॥
তাহাৰ ওপৰে যেবে বিতল থাপিলা।
তাৰ আঠ দিশে আঠ পৰ্ব্বত বসাইলা॥
মহেশ্বৰ ৰূপে পূণ্য যেবে আছে ধৰি।
তাহাৰ ওপৰে লৈলা মহা লীলা কৰি॥
বিতল পৰ্ব্বত মহাদেব সমে পাচে।
তিনি জনে সঙ্গে কৰি পূণ্য ৰহি আছে॥
তাহাৰ ওপৰে যেবে সুতল বসালা।
তাৰ আঠ দিকে আঠ পৰ্ব্বত থাপিলা॥
বলি বিষ্ণু সুতল সহিতে সঙ্গি কৰি।
একে পূণ্য তিনি চুকে আছে লীলা কৰি॥
তাহাৰ ওপৰে যেবে পাতাল থাপিলা।
বাসুকী স্বৰূপে পূণ্য আবৰিয়া ৰৈলা॥
আঠ গোট পৰ্ব্বত যে আঠ কোনে ধৰি।
একে পূণ্যে আঠ দিশে আছে লীলা কৰি॥
পাতালে বাসুকী পৰ্ব্বত তিন জনে।
একে পূণ্যে সঙ্গ কৰি আচয় যতনে॥
সাত খন ব্ৰহ্মাণ্ডত আঠ আঠ গিৰি।
একে পূণ্যে ৰক্ষা আছে জানা সত্য কৰি॥
পাতাল সম্প্ৰদা এক কহে জ্ঞানীগণে।
পাপ নষ্ট হৌক শুনিয়োক সৰ্ব্বজনে॥
যত বঢ়া টুটা দোষ ক্ষমিবা আমাৰ।
পুৰাণৰ অৰ্থ ভাণ্ডাৰত যে সাৰ॥
ঈশ্বৰৰ যশ কথা কহিছে যাহাত।
গুহ্য গুহ্য কথা যত কহিলো সমস্ত॥
ৰামৰায় শুধে কথা দামোদৰে কৈলা।
শঙ্কৰে শুধিলা কথা মাধবে তিকিলা॥
দশজক কাঠি হাতে হাতে দিলা।
সবাকে প্ৰণামি কৃষ্ণানন্দে যে লিখিলা॥
মোৰ যত দোষ মানে কৰা উপসাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥
⸻
দলৰি।
শুনি ৰামৰায়, বুলিলা দুনাই,
দণ্ডৱতে পৰি যথা।
ভাৰতৰ পৰা, ওপৰে কহিয়ো,
শুনো ব্ৰহ্মাণ্ডৰ কথা॥
দামোদৰে বোলে, শুনা ৰাম ৰায়,
কহিব আমি সমস্ত।
ওপৰত সাত, তলে সাত খন,
মধ্যত আছে ভাৰত॥
মহা জ্ঞানী লোকে, মনুষ্য থাপিলা,
আপুনি লীলা কৰন্ত।
চব্বিশ অবতাৰ, ধৰি বাৰে বাৰে,
কোনে কহি পাৱে অন্ত॥
আশি বিধ ভক্তি, প্ৰচাৰ কৰিয়া,
ভাৰতে থাপি আচয়।
যাৰ যেন মত, সেহি রূপে চিত্তে,
কাহাৰো নাহি সংশয়॥
উৰণ বুৰণ, গজন ভ্ৰমণ,
এহি চাৰি মুথি জীৱ।
অলঙ্কা, বলঙ্কা, চেদঙ্ক, কলঙ্ক,
আঠক তুমি শুনিয়ে৷॥
এক মূৰ্ত্তি প্ৰভু, নানা মূৰ্ত্তি হৈয়া
সবাকে আছে ব্যাপিয়া।
নানা মূৰ্ত্তিগণে, এক মূৰ্ত্তি হৈয়া
পূণ্যক আছে ধাকিয়া॥
পৃথিবীৰ আঠ, কোনে আঠ খণ্ড,
পৰ্ব্বত থাপিছে পাচে।
আঠ মূৰ্ত্তি জীৱ, ভাৰতে পৰ্ব্বতে,
তিনি সঙ্গ কৰি আছে॥
ভাৰতৰ কথা, পাচত কহিব,
উপৰি সম্প্ৰদা কহো।
সাত খন স্বৰ্গ, যিমতে ৰহিছে,
প্ৰপঞ্চিয়া তাক কহো॥
শুনিয়ো মহন্ত, কোনে পাৱে অন্ত,
পূণ্যৰ যত মহিমা॥
আছে লীলা কৰি, ব্ৰহ্মাণ্ডক ধৰি,
পূণ্যৰ মোহ মহিমা॥
কহে কৃষ্ণানন্দে, নানা পদ চন্দে,
পুৰাণৰ ইতো কথা।
এৰি আন কাম; বোলা ৰাম ৰাম,
জনম নকৰা ব্যথা॥
⸻
পদ।
শুনিয়োক ৰাম ৰায় উপৰি সম্প্ৰদা।
ভাগ ভাগ কৰি কহো শুনিয়ো সৰ্ব্বথা॥
ভাৰতৰ ওপৰত ভূলোক থাপিলা।
তাৰ অধিকাৰী কৰি কিন্নৰক দিলা॥
আঠ দিকে আঠ খন পৰ্ব্বত থাপিলা।
পৰ্ব্বত স্বরূপে পূণ্যে তাহাতে ৰহিলা॥
ভূলোক পৰ্ব্বত আৰু কিন্নৰ সহিতে।
তিনি জনে সঙ্গ কৰি আচয় তহিতে॥
তাহাৰ ওপৰে ভবলোক বসাইলা।
তাৰ অধিকাৰী কৰি গন্ধৰ্ব্বক থৈলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত বসালা।
একে পূণ্যে সঙ্গ কৰি সেহি থানে ৰৈলা॥
তাহাৰ ওপৰে জানা সুৰলোক থৈলা।
ইন্দ্ৰ আদি সিতো থান তৃদশক দিলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিলা।
একে পূণ্যে আঠ ৰূপে তহিতে ৰহিলা॥
সুৰলোক পৰ্ব্বত আৰ ত্ৰিদশ সহিতে।
তিনি জনে সঙ্গি কৰি আচয় তহিতে॥
তাহাৰ ওপৰে মহ লোকক বসালা।
তাৰ অধিকাৰী কৰি ব্ৰহ্মাক যে দিলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিল৷।
একে পূণ্য তিনি ৰূপে তথাতে ৰহিলা॥
মহলোক পৰ্ব্বত আৰু ধ্ৰুব দেবগণে।
তিনি জনে সঙ্গি কৰি আচয় যতনে॥
তাহাৰ ওপৰে জনলোক থাপি আছে।
মুনিগণ আদি কৰি তাহাতে ভ্ৰমিছে॥
আঠ দিশে আঠ খন পৰ্ব্বত বসালা।
তিনি ৰূপে তিনি মূৰ্ত্তি একে পূণ্যে ভৈলা॥
জনলোকে মুনিগণ পৰ্ব্বত সহিতে।
তিনি জনে সঙ্গি কৰি আচয় তহিতে॥
তপোলোক খন তাৰ ওপৰে থাপিলা।
তাৰ অধিকাৰী সিদ্ধ সকলক দিলা॥
তাৰ আঠ দিশে আঠ পৰ্ব্বত বসালা।
একে পূণ্যে তিনি মূৰ্ত্তি হৈয়া যে ৰহিলা॥
তপলোক পৰ্ব্বত আৰু সিদ্ধ যে সমস্ত।
তিনি জনে সঙ্গি কৰি আচয় তহিত॥
ষাঠি যে হাজাৰ গিৰি উৰ্দ্ধত ডাঙ্গৰ।
এহি পৰিমাণ জানা তপ যে লোকৰ॥
তাহাৰ ওপৰে সত্য লোক যে থাপিলা।
তাৰ অধিকাৰী কৰি ব্ৰহ্মাক যে দিলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিলা।
একে পূণ্য তিনি ৰূপ ধৰিয়া ৰহিলা॥
সত্যলোকে ব্ৰহ্মাদেব পৰ্ব্বত সহিতে।
তিনি জনৈ সঙ্গ কৰি ৰহিলা তহিতে॥
এক লক্ষ যোজন যে উশৃত বহল।
এহি পৰিমাণ জানা সত্য যে লোকৰ॥
তাহাৰ ওপৰে থাপিলেক কৈলাশক।
তাৰ অধিকাৰী কৰি দিলা মহেশক॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিলা।
একে পূণ্য তিনিৰূপ ধৰিয়া বহিলা॥
কৈলাশ পৰ্ব্বত আক শঙ্কৰ গোসাই।
তিনি জনে এক সঙ্গ কৰিয়া আচয়॥
তিনি লক্ষ উশৃত গিৰি বহল কলেবৰ।
এহি পৰিমাণ জানা থান কৈলাশৰ॥
তাহাৰ ওপৰে থাপিলন্ত বৈকুণ্ঠক।
তাৰ আঠ দিশে আঠ থাপিলা ভকত॥
মধ্যে এক গোট ঘৰ শুদ্ধ সুবৰ্ণৰ।
সাত দ্বাৰে সাত সিংহ লাগায়াছে তাৰ॥
তাৰ অধিকাৰী ভৈলা বিষ্ণুদেব বৰ।
একে পূণ্যে তিনি ৰূপ জানিবাহা সাৰ॥
তেহো বিষ্ণু বৈকুণ্ঠ যে জানিবা নিশ্চয়।
সবাৰ ওপৰে সঙ্গ কৰিয়া আচয়॥
শুনিয়োক সাধু সব শুনা য়ামৰায়।
আকাশি সম্প্ৰদা কথা কহিলো বুজাই॥
ঈশ্বৰ কৃষ্ণৰ লীলা কোনে পাৱে অন্ত।
অনুগ্ৰহ কৰি কলো শুনিয়ো মহন্ত॥
শুনা নিৰন্তৰ নৰে এৰা আন কাম
পাতোক চাৰোক ডাকি বোলা ৰাম ৰাম॥
⸻
কথা।
ভূলোক, ভবলোক, সুৰলোক, মহলোক, জনলোক, তপোলোক, সত্যলোক এই সাতখন আকাশি সম্প্ৰদা। কৈলাশ, বৈকুণ্ঠ এই দুই বৈকুণ্ঠ সম্প্ৰদা, এহি নয় সম্প্ৰদা জানিবা। তলাতল, পাতাল, সুতল, বিতল, অতল, ৰসাতল, মহাতল এই সাত খণ্ড পাতাল সম্প্ৰদা, ইহাৰ ভাগে ভাগে কহো। পাঁচ হাজাৰ উশৃত জুৰি, পাঁচ হাজাৰৰ পথ উশৃত পঙ্কা, পাঁচ হাজাৰৰ পন্থা পদ্ম, পাঁচ হাজাৰৰ উশৃত মেন্দুকি, পাঁচ হাজাৰৰ উশৃত কাশ্যপ, পাঁচ হাজাৰৰ উশৃত সৰ্প, এই দশ হাজাৰ তলে বুজিবা। ত্ৰিশ হাজাৰ উশৃত অতল, পাঁচ হাজাৰ উশৃত হস্তী, পাঁচ হাজাৰ উশৃত পৰ্ব্বত, এই দুই অনন্ত সম্প্ৰদা বোলে জানিবা এই নয় খণ্ড।
⸻
পদ।
হেন শুনি ৰামৰায় কৰি প্ৰণিপাত।
মেৰুৰ কথাক আবে কহিয়ো আমাত॥
দামোদৰে বোলে শুনিয়োক ৰামৰায়।
মেৰুৰ কথাক মই কহিব বুজাই॥
পোন্ধৰ হাজাৰ পোটা তলক যে গুৰি।
পোন্ধৰ শৃঙ্গ তাৰ ওপৰে আছে উৰি॥
অনন্তৰ উশৃত হাজাৰ যে যোজন।
ভাগ ভাগ কৰি কহো কৰ্ণ পাতি শুন॥
আৰু দশ হাজাৰ যে পৰ্ব্বত দ্বিগজে।
সবাকে ভেদিয়া মেৰু গৈছে পিঠি ভাগে॥
হেন শুনি শঙ্কৰে কৰিলা প্ৰণিপাত।
যতেক শুধিলো মানে কহিলা আমাক॥
ব্ৰহ্মাণ্ডৰ উশৃত কতনে৷ তাক কৈয়ো।
ভাগে ভাগে শুনিবোহো আমাক কহিয়ো॥
দামোদৰে বোলে বন্ধু শুনিয়ো শঙ্কৰ।
কতেক উশৃত সিটো কহো ব্ৰহ্মাণ্ডৰ॥
একে একে ব্ৰহ্মাণ্ড যে তিনিয়ে হাজাৰ।
পৰ্ব্বতৰ সীমা দণ্ড কি কহিব আৰ॥
সাতখন ব্ৰহ্মাণ্ড যে একৈশ হাজাৰ।
সাত লক্ষ পৰ্ব্বতৰ সীমা দণ্ড তাৰ॥
এহি সব ভেদি মেৰু ওপৰে উধাইছে।
সপ্ত যে পাতাল ভেদি পিঠি ভাগে ৰৈছে॥
ভাৰতৰ সীমাৰ কহিলো এহি নাম।
সাত স্বৰ্গ উশৃত শুনিয়ো অনুপম॥
তিনিশ হাজাৰ আঠ লক্ষ আছে যুবি।
পোন্ধৰ হাজাৰ পোতা গৈয়া আছে গুৰি॥
মেণ্ডুকিক আদি কৰি ওপৰে লেখিবা।
পদ্ম পানী আদি কৰি তলত বুজিবা॥
আৰু কথা কহো শুনিয়োক ৰামৰায়।
মেৰুৰ চৌদিকে চাৰি পৰ্ব্বত আচয়॥
মেৰুৰ চৌদিকে চাৰি বৃক্ষ অনুপম।
ভিন্নে ভিম্নে কহো শুনা আবে তাৰ নাম॥
সুপশ্যাক শোভা কৰে কদম্বৰ গাছে।
কুমুদ গিৰিত এক বট বৃক্ষ আছে॥
মন্দাৰৰ ওপৰে বৃক্ষ আছে এক আম।
মেৰু মন্দৰত আছে বৃক্ষ এক জাম॥
আপুনি সে মেৰুৰূপে পূণ্য আছে ধৰি।
পৰ্ব্বতত আছে পূণ্য বৃক্ষ মায়া কৰি॥
আপুনি যে পূণ্য চাৰি পৰ্ব্বত ভৈলন্ত।
সবাৰ ওপৰে সঙ্গ কৰিয়া আচন্ত॥
ধৰ্ম্মে আৰু চাৰিয়ে দুই চয় যে তহিত।
ছয় জনে সঙ্গ কৰি আচন্ত তহিত॥
আৰু ভাগ কহো শুনিয়োক মহাশয়।
একান্ত ভকত মেৰু জানিবা নিশ্চয়॥
পৰ্ব্বত কেবাল আৰু জানিবাহা তুমি।
চাৰি দিকে বিৰাল ভক্ত জানিবা আপুনি॥
আৰু কথা দামোদৰে কহিবাক লৈলা।
শুক্ল মুল ধাৰায়ে তেলৰ গছ ভৈলা॥
পূণ্যৰ সে জন্ম যিটো কৃষ্ণ অবতাৰ।
তেহো৷ জাঠি হুয়া আছে জানা সাৰে সাৰ॥
যেনি হৈছে পটা খন জানিবা নিশ্চয়।
পটাৰ মাজত জানা শুক্ল ৰস বয়॥
মূলৰ বান্দাৰা গোট ধৰ্ম্মে সে জানিবা।
জৰিগছ কৃষ্ণ নামে বিচাৰিলে পাবা॥
কৃষ্ণ অণ্ডকোষে শিলা জানিবা নিশ্চয়।
ধৰ্ম্মেসে জুৱলি তাৰ চেদিলো সংশয়॥
সূৰ্য্যৰ ৰথত যেন বান্ধিছে জুৱলি।
সৃষ্টি নষ্ট হবে সেই জৰি যে চিঙ্গিলি॥
দিনৰ চাৰি পৰ আৰু ৰাতিৰ চাৰি পৰে।
এহি মতে সূৰ্য্যে মেৰু প্ৰদক্ষিণ কৰে॥
জাঠি মূৰে মহাৰস বহে এক ধাৰে।
পৃথিবীক ধাকি জল ৰস বৃষ্টি কৰে॥
পূবৰ যে বৃষ্টি ধাৰা যোনিয়ে বহয়।
পশ্চিম দিশৰ ধাৰা যৈনি নিধি স্তর॥
উত্তৰ ধাৰায় যৌনি বহে নিৰন্তৰে।
দক্ষিণ ধাৰায় দিশত বৃষ্টি কৰে॥
ভাগ ভাগ কৰি কহো বৰিষ নর খন।
মাজে মাজে আছে আঠ পৰ্ব্বত সিখন॥
হেমৱন্ত মনিকূট নিষধ দক্ষিণে।
নীল শ্বেত শৃঙ্গ আঠ ওপৰত ভিন্নে॥
পূবে গন্ধমাদন পশ্চিমে মাল্যবন্ত।
তোমাৰ আগত মই কহিলো সমস্ত॥
আৰু ভাগ কহো শুনিয়োক ৰামৰায়।
জীবৰ উশৃত মই কহিব নিশ্চয়॥
দ্বাদশ হাজাৰ ওপৰক আছে উৰি।
দীৰ্ঘে প্ৰস্থে সাগৰে পশ্চিমে আছে জুৰি॥
হেন শুনি ৰামৰায় কৰিলা প্ৰণাম।
আঠ পৰ্ব্বতৰ আঠ শুনিলোহো নাম॥
আঠ খন পৰ্ব্বত যে কোনে ভৈলা আসি।
ইহাক কহিয়ো প্ৰভু বদন প্ৰকাশি॥
দামোদৰে বোলে শুনিয়োক ৰামৰায়।
ইসব কথাক আমি কহিব বুজাই॥
তেল গছ মূল ৰস পূণ্যে হই আছে।
জাঠি গোট একে পূণ্যে লাগি আছে গাছে॥
জৰি গছ বান্ধা জাঠি শিলা একে পূণ্যে৷
চাৰি ৰসে একে পূণ্যে জানিবা আপুনে॥
গছ পাতা শিল জৰি বান্দাৰক দুই।
সাত জনে ওপৰত আছে সঙ্গি হই॥
পাঞ্চ ৰস একে পূণ্যে কহো মই সাৰ।
গছৰ সে নিৰ্গুনা কহিলো এবে আৰ॥
পাট জৰি যুঙলি ভাগ অতিশয়॥
তিনি জনে সঙ্গি কৰি তলত আচয়॥
নয় খন বৰিষৰ পৰ্ব্বতৰ কথা।
ভাগ ভাগ কৰি কহো শুনিয়ো ব্যৱস্থা॥
একে পূণ্যে আঠ খন পৰ্ব্বত হুয়া আছে।
শুনিয়োক চাৰি চুকে কোনে বেৰি আছে॥
হেমৱত্ত হেমকুট নিসিদ্ধ তিনি জনে।
দক্ষিণত সঙ্গি তিনি বৈষ্ণব আপুনে॥
নীল শ্বেত শৃঙ্গ আছে উত্তৰৰ ভিনে।
শুভ্ৰ নাম মহন্ত তাক কহিছে আপুনে॥
সৰে গন্ধমাদন ধৰি আচয় সন্যাস।
পশ্চিমত মালৱন্ত যোগী যত ৰায়॥
পৰ্ব্বতৰ উশৃত দীঘল আক প্ৰস্থ।
তাহাক কহিয়ো আবে শুনিয়ো ব্যৱস্থা॥
বাঢ়য় হাজার ওপৰক আছে উৰি।
সবাৰো পশ্চিমে সাগৰে আছে জুৰি॥
বহলে হাজাৰ দুই প্ৰহৰৰ পন্থ।
নয় বৰিষৰ আবে শুনিয়ো ব্যৱস্থা॥
আকে জানি নৰলোক এৰা আন কাম।
খণ্ডোক দুৰ্গতি সবে বোলা ৰাম ৰাম॥
⸻
কথা।
দক্ষিণে ভাৰত বৰিষ, তাৰ কাষে কিমপুৰ বৰিষ, তাৰ কাষে হৰি বৰিষ, তাৰ ওপৰে কেতুমল ৰৰিষ, দাহিনত নিৰ ভদ্ৰাস্য আছে। পাছে তাৰ মধ্যে ইলাৰিত আছে, এহি বৰিষ মেৰুৰ মুৰত আছে। উত্তৰক ৰস্য আছে, তাৰ কাষে হিৰাময় আছে, এই দুইৰ উত্তৰ কুৰু বৰিষ, সবাতে অধিক ভাৰত বৰিষ, দেবতাৰ বাঞ্চিত তাহাতে জন্মিবা, নয় বৰ্ষিৰ মূৰ্ত্তি আছে, একে পূণ্যে জানিবা। আৰু দক্ষিণে পাঞ্চ বৰিষ, ভাৰত বৰিষ, তাৰ উত্তৰে কেতুমাল, তাৰ শাৰিতে ভদ্ৰস্য, পাঞ্চৰ মাজত ইলাচিত বৃত্তি, ইহাক জানিবা উত্তৰৰ তৰক যে বৰিষ প্ৰকাশ, তাহাৰ দাহিন কোনে হিৰাময় আছে, দুইৰো কাষে উত্তৰে কুৰু যেবে আছে, তিনি জনে একে সঙ্গি, তিনিয়ো ঈশ্বৰ, সঙ্গি জানিবা নিশ্চয়্। একে পূণ্যে তিনি জনে তাতে যাই লয়॥
⸻
পদ।
বিপৰীত বৰিষ জানিবা তাৰ নাম।
মেৰুৰ মুৰত বসিচন্ত পূণ্য কাম॥
প্ৰেমময় ভকতি জানিবা নিশ্চয়।
একে পূণ্যে তিনি জনে তাতে যাই লয়॥
নয় বৰিষৰ কথা এখানে থাকোক।
সবাতকৈ জম্বু দ্বীপ জানিবা অধিক॥
দীৰ্ঘে প্ৰস্থে এক লক্ষ প্ৰহৰৱ থান।
স্বৰ্গত অধিক জানা জম্বু দ্বীপ খন॥
বেঢ়ি আছে চতুৰ্ভিতি লয়লু সাগৰে।
পক্ষ নামে দুই দ্বীপ আছে তাত পৰে॥
তাহাক বেঢ়িয়া আছে গুৰু যে সাগৰে।
আছে কুশ নামে দ্বীপ তাত অনন্তরে॥
কাষে কাষে দুই দ্বীপ দুগুণে বিস্তাৰ।
তাক বেঢ়ি আছে যত্নে ঘৃতৰ সাগৰ॥
চাক নামে দ্বীপ যেবে বহল ডাঙ্গৰ।
তাক বেঢ়ি আছে সিটো দধিৰ সাগৰ॥
শাল্মলী দ্বীপ আৰু আছে তাত পৰে।
তাক বেঢ়ি আছে মহা দুগ্ধৰ সাগৰে।
প্ৰকাশ কৰিয়া আছে দ্বীপ যে পুষ্কৰ।
চতুৰ্ভিতি বেঢ়ি আছে জলৰ সাগৰ॥
সাত দ্বীপ সাত সাগৰৰ এহি থিতি।
দুগুণে কাঞ্চন ভূমি আছে চতুৰ্ভিতি॥
তাক বেঢ়ি আচয় পৰ্ব্বত লোকালোক।
তাৰ সিভিতিৰ কথা আবে শুনিয়োক॥
পৰ্ব্বতৰ বাহিৰত ঘোৰ অন্ধকাৰ।
নাহিকয় জীব আন প্ৰাণীৰ সঞ্চাৱ॥
ভিতৰত লোকালোক বাহিৰে অলোক।
পৰ্ব্বতক সেই হেতু বোলে লোকালোক॥
অৰ্দ্ধে উৰ্দ্ধে বাহিৰত ভিতৰ অন্ধকাৰ।
চন্দ্ৰ সূৰ্য্য নাহি তাত প্ৰাণীৰ সঞ্চাৱ॥
মহা জ্যোতি সব আছে তাহাৰ সিভিতি।
দেবে দেখিবাক তাক নপাৱে সম্প্ৰতি॥
তাক বেঢ়ি আছে মহা জল বহুদূৰ।
জলৰ বাহিৰে আছে মহা কাল পুৰ॥
তাতে মহা ৰত্নময় কৰিছে ঘৰক।
লাগায়াছে ফটিক তুম্ভ হাজাৰেক॥
গৃহৰ ভিতৰে মহা অনন্ত শয্যাত।
একৰূপে পৰম ঈশ্বৰ আছে তাত॥
জলক চৌপাশে বেঢ়ি আচয় ব্ৰহ্মাণ্ড।
বহলে পঞ্চাশ কোটী প্ৰহৰ মহীখণ্ড॥
তোমাত কহিলো পৃথিবীৰ যেন থান।
এহি মতে পূণ্যে ঘৰ কৰিব বন্ধন॥
দীৰ্ঘে প্ৰস্থে অৰ্দ্ধে উৰ্দ্ধে কহিলো প্ৰমাণী।
ঘৰৰ ভিতৰ খন কহিবোহো আমি॥
বাহিৰে কিমান শূন্য কহিবে নপাৰি।
নোৱাৰে কহিব যোগ বিচাৰিয়া হৰি॥
আৰু কহো শুনিয়োক কত দিন গৈল।
ঘৰক বান্ধোতে জানা চাৰি যুগ গৈল॥
ঠাৱৰ কৰিয়া প্ৰভু বসিলন্ত ভিৰি।
বান্ধি কহিবাক লৈল বোলে মোৰ হৰি।
এহি বলি অঙ্গে অস্থি কৰিয়া ধৰিলা।
মুষ্টিৰ ভিতৰে মায়াময় বাজ ভৈলা॥
নখে চিৰি যোনিক কৰিলন্ত কাম।
এহিসে কাৰণে তাৰ মানসা দিলা নাম॥
মানসা মাতৃক পিতৃ বিবাহ কৰিলা।
দুইৰো সংযোগে তিনি পুত্ৰ যে জন্মিলা॥
পাচে তিনি পুত্ৰ পিতৃ মাতৃ হাতে দিলা।
তিনিয়ো পুত্ৰক চাই বুলিবাক লৈলা॥
শুনিয়োক তিনি জনে আমাৰ বচন।
মানসা সহিতে সৃষ্টি কৰিয়ো স্ৰজন॥
এহি বলি মহাপ্ৰভু অন্তৰ্দ্ধান ভৈলা।
অনাদিৰ চাৰি যুগ জন্ম উঠি গৈলা॥
আৰু চাৰি যুগ কহো শুনা কৰ্ণ পাতি।
সত্য ত্ৰেতা দ্বাপৰ কলিৰ পৰিমিতি॥
এহি ষোল যুগ কহিলো সাৰে সাৰ।
ইহাৰ বাহিৰে যুগ নাহিকয় আৰ॥
হেন শুনি ৰামৰায় দুনাই বলিলা।
কহিয়োক দিন ৰাতি কেন মতে ভৈলা॥
হেন শুনি দামোদৰে কহিবাক লৈলা।
মানসাত হন্তে শৌশ্ব মৌশ্ব সবে ভৈলা॥
তাত হন্তে চন্দ্ৰ সূৰ্য্য দিন ৰাতি ভৈলা।
মহাপক্ষ বসুৰ জীবৰ সংখ্যা ভৈলা॥
যুগৰ নিৰ্ণয় আবে শুনা মহামতি।
চাৰি যুগ একে লগে কহিলোহো প্ৰতি॥
বচৰত উনৈশ হাজাৰ বিংশতি।
সত্য ত্ৰেতা দ্বাপৰ কলিৰ পৰিমিতি॥
এহি অনুক্ৰমে ষোল যুগ শঙ্কা ভেদ।
তোমাৰ আগত কহিলোহো পৰিচেদ॥
আক এক কথা মোৰ পৰিছে মনত।
প্ৰলয় কথা কিবা কহিব তোমাত॥
এহি বুলি দামোদৰে কহিবাক লৈলা।
সকলো সমাজে পাছে হৰি হৰি বোলা॥
—⸻—
সমাপ্ত।
⸺
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )