পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
দামোদৰ ব্যাখ্যা।


পদ।

বিপৰীত বৰিষ জানিবা তাৰ নাম।
মেৰুৰ মুৰত বসিচন্ত পূণ্য কাম॥
প্ৰেমময় ভকতি জানিবা নিশ্চয়।
একে পূণ্যে তিনি জনে তাতে যাই লয়॥
নয় বৰিষৰ কথা এখানে থাকোক।
সবাতকৈ জম্বু দ্বীপ জানিবা অধিক॥
দীৰ্ঘে প্ৰস্থে এক লক্ষ প্ৰহৰৱ থান।
স্বৰ্গত অধিক জানা জম্বু দ্বীপ খন॥
বেঢ়ি আছে চতুৰ্ভিতি লয়লু সাগৰে।
পক্ষ নামে দুই দ্বীপ আছে তাত পৰে॥
তাহাক বেঢ়িয়া আছে গুৰু যে সাগৰে।
আছে কুশ নামে দ্বীপ তাত অনন্তরে॥
কাষে কাষে দুই দ্বীপ দুগুণে বিস্তাৰ।
তাক বেঢ়ি আছে যত্নে ঘৃতৰ সাগৰ॥
চাক নামে দ্বীপ যেবে বহল ডাঙ্গৰ।
তাক বেঢ়ি আছে সিটো দধিৰ সাগৰ॥
শাল্মলী দ্বীপ আৰু আছে তাত পৰে।
তাক বেঢ়ি আছে মহা দুগ্ধৰ সাগৰে।
প্ৰকাশ কৰিয়া আছে দ্বীপ যে পুষ্কৰ।
চতুৰ্ভিতি বেঢ়ি আছে জলৰ সাগৰ॥
সাত দ্বীপ সাত সাগৰৰ এহি থিতি।
দুগুণে কাঞ্চন ভূমি আছে চতুৰ্ভিতি॥