জোঁৱাইৰ সাধু
এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল| জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল| শহুৰেকে অকলৈ যাবলৈ কৈছিল সেই কাৰণে সি কোনো মানুহ লগ লৈ যোৱা নাছিল| কিন্তু সি অলপ বাট গৈ দেখিলে, তাৰ লগত তাৰ ছাঁটোও আহিছে| সি ভাবিলে শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে, যদি মই এতিয়া ছাঁটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে মোক নিশ্চয় খং কৰিব| ইয়াকে ভাবি সি ছাঁটোক ক’লে, ”হেৰ তোক কি লাগে, কিয় আহিছ? গুচি যা|” কিন্তু ছাঁটোৱে নমতা দেখি সি আকৌ সুধিলে, ”তই নামাত কিয়? চেলেংখন লাগে নেকি?” এইবুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাঁটোৱেও মূৰ লৰালে| ছাঁটোৱে মূৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে| ইয়াকে ভাবি সি চেলেংখন তাতে পেলাই গুচি গ’ল| গৈ সি আকৌ ছাঁটো দেখিলে| সি এইবাৰ চোলাটো ছাঁটোক দিলে| এইদৰে তাৰ চুৰিয়া, গামোচা সকলোকে দি অন্ত কৰিলে| লাহে লাহে গধূলি হৈ আহিল, ছাঁ নেদেখা হ’ল| তেতিয়া ভাবিলে ছাঁটো গ’ল| সি কুকুৰীকণা আছিল, সেইকাৰণে অলপ গৈয়েই বাট নেদেখা হ’ল| এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে| সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাবলৈ ধৰিলে| অলপ সময়ৰ পাছত সি ঘৰ পালেগৈ| কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে সি শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চুৱাপতনিত বহি থাকিল| শহুৰেকে জোঁৱায়েক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল| পিছত নহা দেখি খাই-বই শুই থাকিল| শাহুয়েকে চুৱা-তুৱা ধুই এন্ধাৰে-মুন্ধাৰে চুৱাপানী আনি চুৱাপতনিলৈ মাৰি পঠিয়ালত জোঁৱায়েকৰ মূৰত পৰিল| জোঁৱায়েকে উস্ উস্ বুলিলত শাহুৱেকে চাই লৈ চাই জোঁৱায়েকক দেখি মাতি আনিলে আৰু গা-পা ধুৱাই কাপোৰ-কানি দি ভাত খাবলৈ দিলে| ভাতৰ লগতে তাক গুড় দিছিল| সি গুড় কেতিয়াও নেদেখা কাৰণে- এইবিলাক নাখাওঁ বুলি ক’লে| শাহুৱেকে ক’লে, ”খোৱা| এই জুলীয়া গুড় খাবলৈ বৰ ভাল|’ তেতিয়া সি অলপ খাই চাই সোৱাদ পাই ”এইবিলাক ক’ত আছে” বুলি সুধিলে| শাহুৱেকে ক’লে, ”সৌৱা বৰ-চাঙৰ ওপৰত কলহত আছে| সি ভাত খাই উঠিলত শাহুৱেকে জোঁৱায়েকক শুবলৈ দি শুই থাকিল| জোঁৱায়েকে শুলে, কিন্তু তাৰ টোপনি নাহিল| কাৰণ তাৰ মনটো গুড়তহে পৰি আছিল| যেতিয়া সি শহুৰেকৰ টোপনি অহা যেন গম পালে তেতিয়া মাৰি এডাল লৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে| খাই অঁতাই দেখে গুড় গাত পৰি তাৰ গাটো এঠা এঠা হ’ল| তুলী কৰিবলৈ থোৱা কিছুমান তুলা সি দেখিবলৈ পালে| সি উপায় নাপাই তাৰ ওপৰতে বাগৰ দিলে| তাৰ পিছত সি দেখিলে তাৰ গাটো গোটেই বগা নোমাল হ’ল| ওচৰতে গোটাচেৰেক ছাগলী বন্ধা আছিল, তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল| সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল| সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে, কাৰণ তেনেকুৱা ছাগলীৰ তেল বেছি| সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে| সেইদেখি তাকেই তেলাল ছাগলী বুলি ভাবি ভাল পাই বান্ধি সাঙ্গী কৰি সিহঁতে লৈ গ’ল| সিহঁতে যাওঁতে এখন নৈৰ মাজ পালেগৈ| তেতিয়া মানুহটোৰ টিকা পানীত লাগি তিতিল| সি চোৰকেইটাক ক’লে,
’দাং দাং চোৰ,
টিকা তিতিল মোৰ’
তেতিয়া চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে| পানী তৰাং আছিল দেখি সি বুৰি নমৰি লাহে লাহে পাৰত উঠি বহিলহি| এনেতে ৰাতি পুৱাল| নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে বিচাৰি বিচাৰি তাক পালেগৈ আৰু ঘৰলৈ আনি খুৱাই-বুৱাই তাৰ পিছত তাক নিজা ঘৰলৈ পঠিয়াই দিলে|