জিৰ জিৰকৈ বোৱা নিজৰা
জিৰ - জিৰকৈ বোৱা নিজৰা
আন কৰে বতৰা?
তোৰ বগা ফেনৰ
উদবাউলী হিয়া
তোৰ কুল – কুলনিৰ সুৰটো মোৰ
মনটো হৰি নিয়া
তোৰ কঁপা পানীত পৰি
নাচে বনফুলৰ ছাঁ
তোৰ পাৰতে মন জুৰুৱা বা
মোৰ মনত থকা কত কথাই
ভাষা নিজৰাত প্ৰকাশ নাপাই
তোৰ লগতে উমলি
সাগৰলৈ যায়
নুফুটা মোৰ মনৰ বেজাৰ
মোৰ বুকুতে উপজিয়ে
ওলাবলৈ বাট বিচাৰি
তোৰেই দৰেই ইনায় বিনায়;
ফেনে ফোটোকাৰে ওফন্দি
বনৰ শিলৰ বুকু ফালি
সাগৰলৈ যায়৷৷