জনতা তোৰ প্ৰাণৰো প্ৰাণত
জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো মনত,
শিল্পী যে মই
লুকাই লুকাই আছোঁ,
তোৰ সপোনৰ কত ছবিত
কত যে ফুল বাছোঁ,
লুকাই লুকাই আছোঁ,
তই নাজন,
মই জানো তোৰ গোপনৰ আশা,
মইহে জানো তই নজনা
তোৰ নিজৰেই ভাষা৷
তোৰ সেই নিজানত
সেই গহনত
তোৰেই ময়েই
শিল্পীয়েই
তোৰ আন্ধাৰত নাশিবলৈ
তোৰ বুকুতেই
বিপ্লৱী হৈ জাগিম,
পোহৰলৈ তোক নিবলৈ
তোৰেই পূজা নিতৌ পাতি
তোৰেই আশিস মাগিম৷৷